ৰঙিয়াত ৰে’লৱে মজদুৰ ইউনিয়নৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ ৰঙিয়াত এনএফ ৰেলৱে মজদুৰ ইউনিয়নৰ প্ৰতিবাদ । ইউনিয়নৰ শতাধিক কৰ্মীৰ ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্য‍্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট । নতুন পেঞ্চন নীতিৰ বিৰোধিতা কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৮ ঘন্টীয়া ধৰ্মঘট । নতুন পেঞ্চন নীতি বাতিল কৰা, চৰকাৰী কৰ্মচাৰীৰ সংকোচন হোৱা বন্ধ কৰা, ঠিকাভিত্তিক নিযুক্তিৰে ৰেলৰ কামবোৰ কৰিব খোজা বিৰোধিতা, কেন্দ্ৰীয় চৰকাৰে ৰেল বিভাগক ব‍্যক্তিগতকৰণ কৰিব খোজাৰ বিৰোধিতাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীকলৈ এই প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰে শীঘ্ৰে এনএফ ৰেলৱে মজদুৰ ইউনিয়নৰ দাবী মানি নল’লে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ।

ফাৰুক হুছেইন , ৰঙিয়া ।