ৰাসৰ,মানশিৰিৰ বানত  ক্ষতিগ্ৰস্ত  খনামুখৰ গুদামঘাট অঞ্চলৰ ১৫০০ পৰিয়াল  

নিয়মীয়া বাৰ্তা, ২০জুনঃ  শোণিতপুৰৰ বালিপৰাত  বিগত চাৰিদিনে ধৰি অব্যাহত আছে জৰাসৰ আৰু মানশিৰি নৈৰ  বানৰ সংহাৰ । বানত বালিপৰাৰ কেইবাখনো গাঁও ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে বালিপৰাৰ সমীপৱৰ্তী গুদামঘাট অঞ্চলৰ ১৫০০ টাকৈ পৰিয়াল আৰু শ শ বিঘা খেতিপথাৰ । জানিব পৰা মতে  জৰাসৰ আৰু মানশিৰি নৈয়ে খনামুখৰ গুদামঘাট,  অকাবস্তি বঙালী, গুদামঘাট মিৰি,  গুদামঘাট কছাৰী,  পি জি আৰ, কইনাঘাটকে ধৰি কেইবাখনো গাঁৱৰ কৃষিজীৱী ৰাইজৰ ঘৰ-দুৱাৰৰ লগতে খেতিপথাৰৰ কঠীয়াসমূহ বুৰাই পেলোৱাত ৰাইজৰ মাজত খাদ্য ,আশ্ৰয়, বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ সৃষ্টি হৈছে । অঞ্চলবাসী ৰাইজে জনোৱা অনুসৰি একমাত্ৰ কলৰ ভূৰেই এতিয়া হৈ পৰিছে তেওঁলোকৰ যাতায়তৰ মাধ্যম । প্ৰতিঘৰ লোকৰ ঘৰতেই এতিয়া পানী,কেৱল পানী । উপায়বিহীন হৈ পৰিছে সৰ্বশ্ৰান্ত জনতা । ৰাইজে অভিযোগ কৰা অনুসৰি এইপৰ্যন্ত কোনো এজন জনপ্ৰতিনিধি তেওঁলোকৰ কাষত কণাৰ লাখুটি হৈ থিয় দিয়া নাই ।ফলশ্ৰুতিত তেওঁলোকে ভোকে-পিয়াহে  দিন পাৰ কৰিবলগীয়াত পৰিছে বুলিও জনাইছে ।