ৰূপহীহাটৰ পুৱ লৰিৰমুখত হৰিণা উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ ৰূপহীহাটৰ পুৱ লৰিৰমুখত আজি এটি হৰিণা পশু উদ্ধাৰ হয় ৷ পুখুৰীত গা ধুবলৈ যাওঁতে দুটি কণমানিয়ে প্ৰথমে প্ৰত্যক্ষ কৰে হৰিণা পশুটো ৷ পুখুৰীত আবদ্ধ হৈ পৰা হৰিণা পহুটো উদ্বাৰ কৰি সাহসিকতাৰ পৰিচয় দেখুৱাইছে কনমানি দুটিয়ে ৷
হৰিণা পশুটোক উদ্ধাৰ কৰিবলৈ গৈ সামান্য পৰিমাণে আঘাত প্ৰাপ্তও হয় নিজামূল হক আৰু নিজাম উদ্দিন নামৰ কণমানি দুটি।
কণমানি দুটিয়ে হৰিণা পশুটোক উদ্ধাৰ কৰি চিঞৰ বাখৰ কৰাত উলাই আহে স্থানীয় ৰাইজ। হৰিণাটো লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ উলাই অহাৰ সন্দেহ স্থানীয় ৰাইজৰ। স্থানীয় ৰাইজে লাওখোৱা বনবিভাগক খবৰ দি হৰিণা পশুটোক চমজাই দিয়ে বন বিভাগক ৷

জহিৰুল ইছলাম/ৰূপহীহাট