পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ মানুহ শিক্ষা-দীক্ষাৰ লগতে এটি অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে চৰিত্ৰ গঠন৷ যি শিক্ষাই সু চৰিত্ৰ গঠন নকৰে তেনে শিক্ষাত মহত্ব নাথাকে৷” এই মন্তব্য কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰমেশ চন্দ্ৰ ডেকাৰ৷ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ মুখপত্ৰ আৰু গ্ৰন্থ উন্মোচন, বার্ষিক ক্রীড়া সমাৰোহ আৰু প্ৰতিভা অন্বেষণ পৰীক্ষাৰ বঁটা প্ৰদান তথা সাংস্কৃতিক অনুষ্ঠানটি আজি অনুষ্ঠিত হৈ যায়৷ আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজ চৌহদত একাডেমিৰ ৰেক্টৰ-পৰিচালন সঞ্চালক ড° ৰণজিৎ ডেকাৰ সভাপতিত্বত সহকাৰী অধ্যাপক অখিল কাকতিয়ে উদ্দেশ্য ব্যাখ্যা কৰা আৰু উৎপল মেধিয়ে আঁত ধৰা অনুষ্ঠানটোত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ চন্দ্ৰ ডেকাই শিক্ষানুষ্ঠানখনৰ সহকাৰী অধ্যাপক কল্যাণ কলিতা আৰু তপন কুমাৰ হাজৰিকাৰ মুখ্য সম্পাদনাত প্ৰকাশ পোৱা আনন্দৰাম বৰুৱা একাডেমিৰ বাৰ্ষিক মুখপত্ৰ “অনুৰণন”ৰ বিংশতিতম সংখ্যাটি আৰু কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড° ফুনু দাস শৰ্মা আৰু আনন্দৰাম বৰুৱা একাডেমিৰ সহকাৰী অধ্যাপক ড৹ ছেহনাজ চুলতানাৰ সম্পাদনাত  “হায়াৰ এডুকেশ্বন ইন ইণ্ডিয়াঃ ইচ্ছুজ এণ্ড চেলেঞ্জেচ” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি মানুহৰ চৰিত্ৰ গঠন সন্দৰ্ভত তেওঁ পুনৰাই কয় যে প্ৰভূ ৰামৰ লেখিয়াকৈ লংকাপতি ৰাৱনৰ সকলো আছিল, কিন্তু তেওঁৰ নাছিল সু চৰিত্ৰ৷ সেয়েহে তেওঁ আন সকলো থাকিও ৰামৰ শাৰীত হিচাপ কৰা নহয়৷ এই চৰিত্ৰ গঠনৰ ওপৰত নতুন শিক্ষা নীতিত বিশেষ গুৰুত্ব থাকিব বুলি মন্তব্য কৰি তেওঁ নতুন শিক্ষা নীতিয়ে আমাৰ অতীতৰ সু শিক্ষা, সুনীতি সমূহক পুনৰুদ্ধাৰ কৰিব বুলি উল্লেখ কৰে৷৷ শিক্ষানুষ্ঠানখনৰ ছিনিয়ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মনে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত অতিথিসকলক গামোছা, চেলেং চাদৰ, শৰাই, প্ৰতীকপট, মানপত্ৰ আৰু গ্ৰন্থৰে আদৰণি জনোৱা হয়৷ অনুষ্ঠানটোত আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্রযোজক তথা অসম চৰকাৰৰ অসম সৌৰভ বঁটাৰে সন্মানিত বিশিষ্ট নাট্য যোদ্ধা কৃষ্ণ ৰয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কৃতজ্ঞতাবোধৰ ওপৰত চমু ভাষণ প্ৰদান কৰি নটৰাজ থিয়েটাৰৰ জৰিয়তে অচ্যুত লহকৰৰ পৰা কেনেদৰে নাট্য জ্ঞান আহৰণ কৰিছিল, ড৹ ভৱেন্দ্ৰনাথ শইকীয়াৰ সতে কেনেদৰে অনুপম সময় অতিবাহিত কৰিছিল আদিৰ স্মৃতি ৰোমন্থন কৰি প্ৰয়াত দুই মহীৰূহলৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক মৃদুল তালুকদাৰকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷ আঠ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বাৰ্ষিক ক্ৰীড়া সমাৰোহ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰগোহাঞিৰ লগতে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানেৰে সমাপ্ত হয়৷

প্ৰেৰকঃ কল্যাণ কলিতা

Featured