‘কা’ক লৈ দুমুখীয়া স্থিতিঃ মহাজোঁট ভংগৰ হুংকাৰ এআইইউডিএফৰ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে কংগ্রেছ, এআইইউডিএফ, চিপিআই, চিপিআই (এম), চিপিআই (এম এল) আৰু আঞ্চলিক গণমর্চাই মহাজোঁট গঠন কৰে যদিও সেই মহাজোঁটে কার্যক্ষেত্রত আগবাঢ়ি যোৱাৰ পৰিৱর্তে দিন আগবঢ়াৰ লগে লগে সম্পর্ক তিক্ততাপূর্ণ হোৱাহে পৰিলক্ষিত হৈছে৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ ভাষ্যতেই সেই ছবিখন পৰিস্ফুট হৈ পৰিছে৷ ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে ‘কা’ক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত চলা দুমুখীয়া স্থিতি কংগ্রেছে স্পষ্ট নকৰিলে মিত্রতা ভংগ কৰাৰো হুংকাৰ দিয়ে৷ তদুপৰি আসন্ন বিধানসভা নির্বাচনৰ বাবে কংগ্রেছে ১২৬টা সমষ্টিতে প্রার্থিত্বপ্রত্যাশীৰ পৰা আবেদন গ্রহণ কৰা কার্যকো সহজভাৱে ল’ব পৰা নাই আজমলৰ দলটোৱে৷ উল্লেখ্য যে যোৱা দেওবাৰে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে শিৱসাগৰৰ ব’র্ডিং খেলপথাৰত এখন জনসভাত অংশগ্রহণ কৰে৷ সেই জনসভাখনত কংগ্রেছৰ প্রতিগৰাকী নেতাই ‘কা’বিৰোধী গামোচা পৰিধান কৰে যদিও নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী তথা বৰাকৰ কংগ্রেছ নেত্রী সুস্মিতা দেৱে ‘কা’বিৰোধী গামোচা পৰিধান কৰাৰ পৰা বিৰত থাকে৷ কংগ্রেছ নেত্রীগৰাকীৰ এনে আচৰণত তীব্র অসন্তুষ্টি ব্যক্ত কৰিছে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে৷ আজি ধিঙত সংবাদ মাধ্যমৰ আগত এই সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি বিধায়ক ইছলামে কয় যে মহাজোঁটৰ প্রথম চর্তটোৱেই হ’ল ‘কা’ৰ বিৰোধিতা কৰা৷ মহাজোঁটৰ অংশীদাৰ প্রতিটো দলেই প্রথমতেই ‘কা’ৰ বিৰোধিতা কৰিব লাগে৷

‘কা’ৰ বিৰোধিতা কৰাটো উমৈহতীয়া এজেণ্ডা হিচাপে প্রত্যেকে মানিব লাগিব৷ এই প্রসংগত কংগ্রেছে প্রথমতে ঐকমত্যত আহিব লাগিব৷ যদি বৰাক উপত্যকাত কোনো কংগ্রেছ নেতাই ‘কা’ সমর্থন কৰিছে, তেনেহ’লে কংগ্রেছে তেওঁক সকীয়াই দিয়ক আৰু প্রয়োজন হ’লে দলৰ পৰা বহিষ্কাৰ কৰক৷ তেওঁ আৰু কয় যে মহাজোঁটৰ সকলো দলে মিলি যেতিয়া উমৈহতীয়া নূ্যনতম কার্যসূচী কৰিব, তেতিয়া ‘কা’ৰ বিৰোধিতা কৰাটো প্রথম আৰু প্রধান ইছ্যু হ’ব৷ কোনো দলৰ কোনো নেতাই ‘কা’ৰ সমর্থন কৰিব নোৱাৰিব৷ ৰাহুল গান্ধীৰ সভাত কংগ্রেছ নেত্রী সুস্মিতা দেৱে ‘কা’বিৰোধী গামোচা পৰিধান নকৰা সম্পর্কত কংগ্রেছ দলক স্পষ্টীকৰণ দিবলৈ আহ্বান জনাই তেওঁ কয় যে কংগ্রেছ দলৰ লগতে সুস্মিতা দেৱেও এই সন্দর্ভত স্থিতি স্পষ্ট কৰিব লাগে৷ কাৰণ আমি মহাজোঁট গঠন কৰি আগন্তুক নির্বাচনত অৱতীর্ণ হ’ব বিচাৰিছোঁ আৰু ইয়াত কোনো দুমুখীয়া স্থিতি থাকিব নোৱাৰে৷ প্রদেশ কংগ্রেছৰ নেতৃত্বক লক্ষ্য কৰি বিধায়ক ইছলামে কয় যে মহাজোঁটৰ প্রথম চর্তটোৱে হৈছে ‘কা’বিৰোধী স্থিতি৷ এইক্ষেত্রত কংগ্রেছে দুমুখীয়া স্থিতি এৰিব লাগিব৷ ‘কা’ৰ সমর্থন কৰি অহাসকলক লেকাম লগাব লাগিব৷ ‘কা’ৰ বিৰোধিতাক অন্যতম প্রথম চর্ত হিচাপে লৈয়েই অংশীদাৰ প্রতিটো দলে উমৈহতীয়া নূ্যনতম কার্যসূচীত চহী কৰিব লাগিব৷ এইক্ষেত্রত কংগ্রেছে দুমুখীয়া স্থিতি লৈ কোনোবাই যদি ‘কা’ৰ সমর্থন কৰি থাকে, তেতিয়াহ’লে এআইইউডিএফে কংগ্রেছৰ সৈতে মিত্রতা নকৰে বুলিও বিধায়ক ইছলামে হুংকাৰ দিয়ে৷ এই প্রসংগতে তেওঁ মিত্রতা সম্পর্কত কংগ্রেছে ভুল সিদ্ধান্ত গ্রহণ কৰাৰ বাবেই যোৱা লোকসভা নির্বাচনত পুনৰ বিজেপি ক্ষমতালৈ আহিল বুলি সকীয়াই দিয়ে৷

মন কৰিবলগীয়া এয়ে যে কেইদিনমান পূর্বে বিধায়ক ইছলামে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মিত্রতাৰ ক্ষেত্রত কংগ্রেছৰ ভূমিকাক লৈও সন্দেহ ব্যক্ত কৰিছিল৷ মূলতঃ আসন্ন বিধানসভা নির্বাচনৰ বাবে কংগ্রেছে ১২৬টা সমষ্টিতে প্রার্থিত্বপ্রত্যাশীৰ পৰা আবেদন–পত্র গ্রহণ কৰাক লৈয়ে অনাগত দিনত কংগ্রেছে এআইইউডিএফক প্রতাৰণা কৰিব পাৰে বুলি সন্দেহ কৰে৷ মুঠতে যিমানেই দিন আগবাঢ়িছে, সিমানেই মহাজোঁটৰ দুই প্রধান অংশীদাৰ কংগ্রেছ আৰু এআইইউডিএফৰ মাজত ব্যৱধান বৃদ্ধিৰ লগতে সম্পর্ক তিক্ততাপূর্ণ হৈ পৰিছে৷ আসন বুজাপৰাক লৈ দুই দলৰ মাজত সম্পর্ক ইমানেই তিক্ততাপূর্ণ হৈ পৰিছে যে এআইইউডিএফৰ সভাপতি স্বয়ং বদৰুদ্দিন আজমলে কংগ্রেছৰ দখলত থকা সমষ্টিলৈ গৈ কংগ্রেছ মুর্দাবাদ ধ্বনি পর্যন্ত দিছে৷

ইয়াৰ সমান্তৰালভাৱে দলগাঁও সমষ্টিৰ কংগ্রেছ বিধায়ক ইলিয়াছ আলীয়ে ইতিমধ্যে আজমলে যদিহে কংগ্রেছৰ দখলত থকা সমষ্টিত প্রার্থী দিয়ে, তেতিয়াহ’লে কংগ্রেছেও আজমলৰ পুত্রই প্রতিনিধিত্ব কৰি থকা যমুনামুখ, আজমলৰ ঘনিষ্ঠ তথা এআইইউডিএফৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমীয়ে প্রতিনিধিত্ব কৰি থকা বিলাসীপাৰা (পশ্চিম) সমষ্টিত নিজা প্রার্থী থিয় কৰোৱাৰ হুংকাৰ দিয়ে৷ সেইদৰে সৰুক্ষেত্রী সমষ্টিৰ কংগ্রেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰেও এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক মিত্রতাৰ লক্ষ্মণৰেখা অতিক্রম নকৰিবলৈ সকীয়নি দিয়ে৷ আসন বুজাপৰাক লৈ দুই দলৰ মাজত উদ্ভৱ হোৱা তেনে জটিলতাৰ সময়তে এইবাৰ ‘কা’ক লৈ কংগ্রেছৰ ভূমিকাত এআইইউডিএফে অসন্তুষ্টি ব্যক্ত কৰি প্রয়োজনত মিত্রতাৰ পৰা তেওঁলোক আঁতৰি আহিব বুলি কৰা ঘোষণা ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিশেষভাৱে তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ ইপিনে আজমলৰে মিত্রতাৰ বিৰোধিতা কৰি অহা কংগ্রেছৰ সংখ্যালঘু সম্প্রদায়ৰ প্রাক্তন মন্ত্রী–বিধায়ক–সাংস্, নেতাসকলে নিজৰ নাক কাটি হ’লেও সতিনীৰ যাত্রা ভংগ কৰাৰ নীতিৰে সমষ্টিয়ে সমষ্টিয়ে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এনে অৱস্থাত কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা শেষ মুহূর্তত নির্বাচনী যুঁজত চৰম শত্রুত পৰিণত হোৱাৰ সম্ভাৱনাও অস্বীকাৰ কৰিব নোৱাৰি৷ এইক্ষেত্রত সকলোখিনি নির্ভৰ কৰিব কংগ্রেছ নেতৃত্বই গ্রহণ কৰিবলগীয়া সিদ্ধান্তৰ ওপৰত৷