মৰিগাঁও জিলা কৃষি বিভাগৰ সজাগতা সভা: প্ৰচাৰ ভানৰ ফ্লেগ অফ কৰিলে জিলা উপায়ুক্ত দেৱাশিষ শৰ্মাই 

নিয়মীয়া বাৰ্তা,২ জুন : মৰিগাঁও জিলা কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত জিলাখনত ৰূপায়িত হৈ থকা ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা(পি এম কে এছ ৱাই), অসম মিলেট মিছন, চৰকাৰৰ নূন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰী আঁচনিৰ বহুল প্ৰচাৰৰ উদ্দেশ্যে উলিওৱা প্ৰচাৰ ভানৰ আজি ফ্লেগ অফ কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিষ শৰ্মাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা কৃষি বিভাগৰ সভাকক্ষত বিভাগৰ অধীনৰ ৩১ টা কৃষক উৎপাদক কোম্পানীৰ ৭০ গৰাকীৰো অধিক চি ই অ’ আৰু বি অ’ ডিৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত হয়।জিলা কৃষি পৰিদৰ্শক দিব্যজ্যোতি হাজৰিকাই আঁতধৰা সভাখনত জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ সঞ্চালনা অনুষ্ঠিত  বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন অভিলাষী আঁচনি ক্ৰমে প্ৰধান মন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা, প্ৰধান মন্ত্ৰী সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, অসম মিলেট মিছনৰ সফল ৰূপায়ন আৰু প্ৰসাৰৰ সন্দৰ্ভত বিশেষ ভাৱে আলোচনা কৰাৰ লগতে সজাগতা সৃষ্টি কৰা হয়। লগতে উক্ত আঁচনি সমূহৰ দ্বাৰা কৃষক বন্ধু সকল কিদৰে অধিক উপকৃত হ’ব পাৰে, বিভাগীয় আঁচনি সমূহৰ সুবিধা কৃষক সকলে কেনেদৰে লাভ কৰিব আদি বিষয়ত সজাগতা সভাখনত বিশদভাৱে আলোচনা কৰা হয়।ইফালে অনুষ্ঠানৰ লগত সংগতি ৰাখি যক্ষ্মা ৰোগী সকলৰ সুবিধাৰ্থে বিভাগৰ ফালৰ পৰা মৰিগাঁও অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষক  ৩২ কিলোগ্ৰাম মিলেটৰ লগতে যাৱতীয় সামগ্ৰী বিতৰণ কৰা হয়। উক্ত সজাগতা সভাখনতে জিলা কৃষি বিভাগৰ আটাইকেইটা কৃষক উৎপাদক কোম্পানীয়ে নিজ নিজ গোটৰ সফলতা, অসুবিধা, কামকাজ সমূহৰ খতিয়ান আগবঢ়ায়। অনুষ্ঠানটোত মৰিগাঁও জিলা উপায়ুক্ত দেৱাশিষ শৰ্মা, অতিৰিক্ত উপায়ুক্ত (কৃষি) প্ৰাঞ্জল বৰুৱা, সহকাৰী কৃষি সঞ্চালক তৰুণ কুমাৰ ব্ৰহ্মৰ লগতে ন’ডেল বিষয়া , কৃষি উন্নয়ন বিষয়া আৰু বিভাগীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।