বেজেৰা–আগডলা পঞ্চায়তত বিজেপিৰ ৰণডংকা

নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ  সোমবাৰে বেজেৰা আৰু আগডলা পঞ্চায়ত বিজেপিৰ বিশাল সভা অনুষ্ঠিত হয়৷ বেজেৰাৰ ৰাজহুৱা প্রেক্ষাগৃহত অৱসৰপ্রাপ্ত প্রধান শিক্ষক ৰমেন্দ্র নাথ শর্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন৷ সভাত অংশগ্রহণ কৰি জ্যেষ্ঠ কর্মী দেৱেন বৰুৱাই কয়– এইখন জালুকবাৰী সমষ্টিত বিজেপিৰ প্রথম নির্বাচনী সভা বুলি ক’ব লাগিব৷ অহা এপ্রিল মাহৰ মাজভাগত বিধানসভা নির্বাচন সম্পন্ন হ’ব৷ গতিকে ইয়াৰ বাবে আমি আগতীয়াকৈ সাজু হোৱাৰ সময় হৈছে৷ যাতে আগন্তুক নির্বাচনত জালুকবাৰীৰ পৰা এশ শতাংশ ভোট প্রদান কৰি ৰাজ্যৰ ভিতৰত অভিলেখ ৰচনাৰে বিধানসভালৈ পঠিয়াব পাৰোঁ ড০ হিমন্ত বিশ্ব শর্মাক৷ বিজেপিৰ বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকাই আদৰণী ভাষণ দি কয়– ড০ হিমন্ত বিশ্ব শর্মাই জালুকবাৰী সমষ্টিক নিজৰ ঘৰ হিচাপে গণ্য কৰি আহিছে৷ বিগত ২০০১ চনৰ পৰা বিধায়ক হিচাপে তেওঁ জালুকবাৰীৰ উন্নয়নৰ দিশত অধিক গুৰুত্ব প্রদান কৰি আহিছে৷ এটা ভোটো যাতে অথলে নাযায়, তাৰ কাৰণে পদুম ফুলৰ ছবিত ভোট দিবলৈ উপস্থিত ৰাইজক আহ্বান জনায় জ্যেষ্ঠ কর্মী কিৰণ কাকতিয়ে৷

তেওঁ কয় যে ড০ শর্মাক ১০০ শতাংশ ভোটেৰে জয়ী কৰিবলৈ প্রতিজ্ঞাবদ্ধ হৈছে৷ কাকতিয়ে কয়– এইবাৰ জালুকবাৰীৰ ৰাইজে নির্বাচনৰ দিনটো প্রেৰণাৰ উৎসৱ হিচাপে পালন কৰিব৷ বনজিৎ ডেকা, বেদান্ত বৰুৱা, দণ্ডধৰ ভূঞা, প্রবীণ শর্মাই আঁত ধৰা আৰু দুই সহস্রাধিক লোক উপস্থিত থকা বিশাল সভাত বেজেৰা জিলা পৰিষদৰ প্রাক্তন সদস্যা চন্দনা মহন্ত বণিয়া, বেজেৰা মণ্ডলৰ সম্পাদক ৰুবুল দাস, ৰাজ্যিক কার্যনির্বাহক নিজৰা চমুৱা, বেজেৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্রী জ্যোতি কুমাৰ, দুমুনিচকী হাইস্কুলৰ অৱসৰপ্রাপ্ত প্রধান শিক্ষক খগেন্দ্র নাথ দাস, ডাঃ মুনীন্দ্র নাথ চমুৱা, ড০ খর্গেশ্বৰ ডেকা, ড০ চন্দ্রকান্ত গোস্বামী, বেজেৰা গাঁও পঞ্চায়তৰ সভানেত্রী ভৱানী ডেকা আদিয়ে ভাষণ দিয়ে৷ সভাত কংগ্রেছৰ কেইবাগৰাকীও লোকে বিজেপিত যোগদান কৰে৷ আনহাতে, বিজেপিৰ বেজেৰা যুৱ মর্চাৰ সম্পাদক মানবেন্দ্র ডেকাৰ নেতৃত্বত আজি এক বাইক ৰেলী উলিওৱা হয়৷ শতাধিক যুৱ কর্মীয়ে এই বাইক ৰেলীত অংশগ্রহণ কৰে৷ আনহাতে, আগডলা পঞ্চায়তৰ ৰাজহুৱা প্রেক্ষাগৃহত বিজেপিৰ ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ দিনৰ ৩ বজাত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে ত্রৈলোক্য শর্মাই৷ দুই শতাধিক লোক উপস্থিত থকা সভাত আদৰণী ভাষণ আগবঢ়ায় আগডলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মনোজ কাকতিয়ে৷ বেজেৰা মণ্ডলৰ সম্পাদক ভাস্কৰজ্যোতি কলিতাই আঁত ধৰা সভাত উপস্থিত থাকে বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, জ্যেষ্ঠ কর্মী নন্দ বৰুৱা, পৱিত্র দেৱ শর্মা, পঞ্চায়তৰ সভাপতি তিলক শর্মাই ভাষণ দিয়ে৷ সভাত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বিজেপিত যোগদান কৰে৷