ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে মাটি খনন দুষ্টচক্ৰৰ; নীৰৱ স্হানীয় প্ৰশাসন

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰ: মৰিগাঁও জিলাৰ ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে মাটি খনন কৰি নৈপৰীয়া লোকলৈ এক ধৰণৰ ভাবুকি কঢ়িয়াই আনিছে একাংশ দুষ্টচক্ৰৰ। যোৱা কিছুদিন ধৰি একাংশ দুষ্ট চক্ৰই ব্ৰহ্মপুত্ৰৰ পৰা ২০-২৫ মিটাৰ দূৰত্বত জেচিবিৰে খনন কৰি মাটি বিক্ৰী কৰাত পূৰ্বৰে পৰা চলি থকা গৰাখহনীয়াক অধিক হাৰত আমন্ত্ৰণ কৰিব বিচৰা কাৰ্যক সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই খনন কাৰ্য চলিছে ভূৰাগাঁৱৰ বৰডোৱাটুপৰ ব্ৰহ্মপুত্ৰৰ কাষত। প্ৰত্যক দিনাই নদীৰ পাৰত দৈনিক মাটি খননকাৰ্য চলাই আছে একাংশ দূষ্টচক্ৰই।ব্ৰহ্মপুত্ৰৰ পাৰৰ মাটি খনন কৰি দুষ্টচক্ৰটোৱে টেক্টৰ হিচাবত বিক্ৰী কৰি আহিছে। এনেদৰে নদীৰ পাৰত খনন কৰিলে গৰাখহনীয়াই তীব্ৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে।ইয়াৰ উপৰি চলিত বৰ্ষত নিৰ্মাণ কৰা ৫৮ কোটিটকীয়া মথাউৰিলৈ চৰম ভাবুকি কঢ়িয়াই আনিব। আনহাতে নৈপৰীয়া লোকসকলৰ লগতে বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানলৈকো তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। ভূৰাগাঁৱৰ একাংশ সচেতন ৰাইজে জলসম্পদ মন্ত্ৰী, ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু জিলা উপায়ুক্তক লিখিত অভিযোগ দিব নৈপৰীয়া ৰাইজে জানিব দিয়ে ।উল্লেখ্য যে, স্হানীয় ৰাইজে মাটি খননত বাধা দিয়াৰ পিছতো কাৰ সাহসত এইদৰে দুষ্টচক্ৰটোৱে ব্ৰহ্মপুত্ৰৰ পাৰত এইদৰে খনন কাৰ্য্য চলাই গৈছে। ব্ৰহ্মপুত্ৰৰ পাৰত অব্যাহত ৰখা মাটি খনন অতি শীঘ্ৰে বন্ধ কৰাৰ বাবে নৈপৰীয়া ৰাইজে দাবী জনাইছে।

Featured