বৰহোলাত আছুৰ বিহু নাচ কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৩০ মাৰ্চৰ পৰা আৰম্ভ হৈছে পঞ্চম বাৰ্ষিক বিহু নাচ কৰ্মশালা। বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত দহ দিনীয়াকৈ আয়োজিত কৰ্মশালাত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় শতাধিক ছাত্ৰী, শিশুৱে অংশগ্ৰহণ কৰি চৌপাশ মুখৰিত কৰি তোলা পৰিলক্ষিত হৈছে।

কৰ্মশালাত প্ৰশিক্ষক হিচাপে আছে লতাশিলৰ বিহুৰাণী ৰাধিকাৰাণী শইকীয়া আৰু ঢোল বাদনত সহাযোগ কৰিছে শিল্পী বাবাতি শইকীয়াই। বৰহোলা আছুৰ উপদেষ্টা মাধুৰ্য পাঠক, সভাপতি ভাস্কৰ জ্যোতি নেওগ, সম্পাদক প্ৰদীপ বৰুৱাই জনোৱা মতে, ৩০ মাৰ্চৰ পৰা দৈনিক আবেলি ৩ বজাৰ পৰা দুঘণ্টাৰ বাবে অনুষ্ঠিত হোৱা বিহু নাচৰ কৰ্মশালাখনি ৮ এপ্ৰিলত সামৰণি পৰিব।

কৰ্মশলাখন সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে আয়োজকসকলে