ভেৰগাঁৱত বড়োলেণ্ড ক্ৰীড়া-সাংস্কৃতিক সমাৰোহৰ সামৰণি

  •  অনাতাঁৰ শিল্পী ৰজনী স্বৰ্গীয়াৰীক জোহৌলাও নিলেশ্বৰ ব্ৰহ্ম বঁটা প্ৰদান
  • ১৫০০ খেলুৱৈৰ অংশ গ্ৰহণ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: ২৪ মাৰ্চৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে ভেৰগাঁও মহকুমা সদৰৰ ভেৰগাঁও ষ্টেডিয়ামত অনুষ্ঠিত বড়োলেণ্ড ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহৰ আজি সামৰণি পৰে । বি টি চিৰ ক্ৰীড়া আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বি টি আৰ ভিত্তিত অনুষ্ঠিত এই সমাৰোহৰ আজিৰ সামৰণি অনুষ্ঠানত ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰ খনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা বড়ো জনগোষ্ঠীৰ কেইবা গৰাকীও বিশিষ্ট ব্যক্তিক বঁটা -সন্মান প্ৰদান কৰাৰ লগতে ফুটবল, ভলীবল, কাবাডী, আৰ্চাৰী, বক্সিং, উশ্বু আদি খেলত বিজয়ী সকলক বঁটা প্ৰদান কৰা হয় । বি টি চিৰ যুটীয়া সচিব পামী ব্ৰহ্মই আদৰণি ভাষণ প্ৰদান কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ অনাতাঁৰ শিল্পী ৰজনী স্বৰ্গীয়াৰীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় জোহৌলাও নিলেশ্বৰ ব্ৰহ্ম সোঁৱৰণী বঁটা,২০২৩ । এই বঁটাত এখন মানপত্ৰ, আৰনাইৰ লগতে আছে নগদ দুই লাখ টকা । উল্লেখ্য যে বড়ো জনগোষ্ঠীৰ প্ৰথম গৰাকী অনাতাঁৰ শিল্পী নিলেশ্বৰ ব্ৰহ্মৰ সোঁৱৰণত সাংস্কৃতিক ক্ষেত্ৰ খনলৈ অৰিহণা আগবঢ়োৱা বিশিষ্ট ব্যক্তিক প্ৰতি বছৰে বি টি চি চৰকাৰে এই বঁটা প্ৰদান কৰি আহিছে । ইপিনে বি টি আৰ অঞ্চলৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু শোণিতপুৰৰ মুঠ ১৫০০ খেলুৱৈ -এ অংশ গ্ৰহণ কৰা এই ক্ৰীড়া সমাৰোহত বাক্সা জিলাই ২৪ টা সোণ, ৯ টা ৰূপ আৰু ১৫ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে কোকৰাঝাৰে লাভ কৰিবলৈ সক্ষম হয় ২২ টা সোণ, ১৯ টা ৰূপ আৰু ১৮ টা ব্ৰঞ্জ । চিৰাং জিলাৰ দখলত থাকে ৪ টা সোণ, ১৬ টা ৰূপ আৰু ২১ টা ব্ৰঞ্জ । আনহাতে ২৮ টা সোণ, ২৬ টা ৰূপ আৰু ২৪ টা ব্ৰঞ্জৰে সৰ্বোচ্চ পদক বিজয়ীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় ওদালগুৰি জিলাই । মহিলাৰ ফুটবল আৰু ভলীবল উভয়তে ওদালগুৰিয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে কাবাডীত (মহিলা) চেম্পিয়নৰ খিতাপ অৰ্জন কৰে কোকৰাঝাৰে ।

আনহাতে বিকাশ ব্ৰহ্মই পুৰুষৰ শ্ৰেষ্ঠ এথলেটৰ সন্মান লাভ কৰাৰ বিপৰীতে ছাবিয়া ছবৰে লাভ কৰে মহিলাৰ শ্ৰেষ্ঠ এথলেটৰ সন্মান । ইপিনে পুৰুষ আৰু মহিলাৰ শ্ৰেষ্ঠ বক্সাৰৰ খিতাপ অৰ্জন কৰে ক্ৰমে দশৰথ ব্ৰহ্ম আৰু বিজিতা ব্ৰহ্মই । লবজিৎ বড়ো আৰু হাইনাশ্ৰী বড়োৱে লাভ কৰিবলৈ সক্ষম হয় শ্ৰেষ্ঠ আৰ্চাৰৰ সন্মান । আনহাতে উশ্বুত শ্ৰেষ্ঠ যুঁজাৰুৰ খিতাপ অৰ্জন কৰে ৰাহুল মজুমদাৰ (পুৰুষ) আৰু মিনি বসুমতাৰীয়ে (মহিলা) । বিজয়ী সকলক আজি আনুষ্ঠানিকভাৱে বঁটা সমূহ প্ৰদান কৰা হয় । আজিৰ সামৰণি অনুষ্ঠানত ভাগ লৈ বি টি চিৰ ক্ৰীড়া, যুৱ কল্যাণ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী সদস্য দাউবৈছা বড়োৱে ক্ৰীড়া ক্ষেত্ৰ খনক আগুৱাই নিয়াৰ বাবে বি টি আৰ অঞ্চলৰ ২০ টা সমষ্টিত ইনড’ৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবে বি টি চি চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে । বি টি আৰ অঞ্চলৰ বিভিন্ন জাতি -জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ, সদভাৱ সৃষ্টিৰ লক্ষ্যৰে এনে সমাৰোহ আয়োজন কৰা বুলি উল্লেখ কৰি বি টি চিৰ কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে বি টি আৰত স্পৰ্টছ একাডেমী প্ৰতিষ্ঠা কৰাৰ বাবেও বি টি চি চৰকাৰে চিন্তা -চৰ্চা কৰি আছে । বড়ো, ৰাভা, গাৰো আদি জনগোষ্ঠীয় লোক নৃত্য -গীতেৰে মুখৰ হৈ পৰা এই সামৰণি অনুষ্ঠানত বি টি চিৰ কাৰ্যবাহী সদস্য ড° নিলোৎ স্বৰ্গীয়াৰী, প্ৰাক্তন বিধায়ক নাথু ৰাম বড়োকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

 

ধীৰেন মহলীয়া