ছয়গাঁৱত প্ৰায় ৩ লাখ টকাৰ চোৰাং কাঠ জব্দ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত মাজগুমিত আজি বন বিভাগে চোৰাং ফলাকাঠ জব্দ কৰে । ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সুৰক্ষা বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত আৰু কুকুৰমাৰা খণ্ড বিষয়া কাৰ্যালয়, বকো বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ সহযোগত আজি দিনৰ প্ৰায় ২ বজাত ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত মাজগুমি অঞ্চলৰ ৰাস্তাৰ কাষৰ এঘৰ মানুহৰ বাৰিৰ পিছত ৩০০ কেবি চোৰাং শাল, মাকৰি শাল আৰু পমাৰ ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত ফলা কাঠখিনিৰ মূল্য প্ৰায় ৩ লাখ টকা । উল্লেখ্য বন সুৰক্ষা বিষয়া লক্ষেশ্বৰ দাসে আজি এক গোপন খবৰৰ ভিত্তিত মাজগুমি অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই উক্ত কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় । বহুদিন ধৰি মাজগুমি অঞ্চলত চোৰাং বেপাৰীয়ে কাঠৰ ৰমৰমীয়া বেহা চলাই আছিল । বিভিন্ন ঠাইৰ পৰা অবৈধ কাঠ আনি মাজগুমিত জমা কৰি ৰাখি ব্ৰহ্মপুত্ৰ নৈৰে অন্য অঞ্চললৈ পঠাই আছিল । বন বিভাগে খবৰ পাই আজি উক্ত চোৰাং কাঠখিনি জব্দ কৰি বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আহে ।