মৰিগাঁও সমষ্টি চিপিআই দলক এৰি নিদিবলৈ দাবী কংগ্ৰেছ নেতা-কৰ্মীৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে মৰিগাঁৱৰ কংগ্ৰেছ নেতা-কৰ্মীসকলক চৰম নিৰাশ কৰি মহাজোঁটৰ অন্যতম অংশীদাৰ চি পি আই দলক মৰিগাঁও সমষ্টিটো এৰি দিয়াটো একপ্ৰকাৰ নিশ্চিত হোৱাৰ খবৰ মৰিগাঁৱৰ কংগ্ৰেছ মহলত বিয়পি পৰাৰ পিছতে মৰিগাঁও সমষ্টিৰ কংগ্ৰেছ নেতা-কৰ্মীসকলৰ মাজত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে সৃষ্টি হৈছে ব্যাপক ক্ষোভ।

মৰিগাঁও সদৰ সমষ্টিত এইবাৰ মহাজোঁটৰ অংশীদাৰ চি পি আই দলক এৰি দিয়া বুলি খবৰ বিয়পি পৰাৰ পিছতে আজি দিনৰ ভাগত মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যলয়ত কংগ্ৰেছ নেতা-কৰ্মীসকলে উত্তাল প্ৰতিবাদ কৰে।

উল্লেখ্য যে বিগত কিছুদিন ধৰি চি পি আই দলৰ মুনীন মহন্তই মৰিগাঁও আসনখন দাবী কৰি অহাৰ সময়তে কিন্তু জিলা কংগ্ৰেছৰ ৰমেশ বৰদলৈ, প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱা, ৰাজীৱ নাথ আদিয়ে মৰিগাঁও সমষ্টিৰ টিকটৰ দাবীদাৰ হৈছিল আৰু ইয়াৰ মাজতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আদিয়ে মৰিগাঁৱত কংগ্ৰেছৰ হৈ প্ৰচাৰো চলাইছিল।

কিন্তু পৰৱৰ্তী সময়ত মহাজোঁটৰ আসন বুজাবুজিৰ স্বাৰ্থত মৰিগাঁৱৰ আসনখন চি পি আই দলক এৰি দিয়া সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত লোৱা বুলি একাংশ সূত্ৰই প্ৰকাশ কৰিছে। মৰিগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক শশীমোহন বিশ্বাসে কয় যে গণভিত্তি নোহোৱা এজন নেতা মুনীন মহন্তৰ হাতত মৰিগাঁও আসনখন এৰি দিয়াৰ পিছত কংগ্ৰেছ কৰ্মীসকলে পুনৰ উক্ত সিদ্ধান্ত বিবেচনা কৰাৰ আহ্বান জনাইছে।