শান্তিৰে এঘুমটি মাৰি সোণাৰি চাপৰিত সমবায় সমিতিৰ সভা পৰ্যবেক্ষণ কৰিলে পৰ্যবেক্ষকে

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰিস্থিত দক্ষিণ গোহাঁই সমবায় সমিতি লিমিটেডৰ যোৱা ১৪ ছেপ্টেম্বৰত স্থগিত ৰখা ২০২২ – ২০২৩ বৰ্ষৰ বছৰেকীয়া সাধাৰণ সভা আৰু নতুন সঞ্চালক মণ্ডলীৰ নিৰ্বাচন আজি সমিতিৰ কাৰ্যালয়ৰ অস্থায়ী প্ৰেক্ষাগৃহত ৫১১ গৰাকী সমিতিৰ অংশীদাৰৰ উপস্থিতিত অনুষ্ঠিত হৈ যায় ৷ সমিতিৰ সভাপতি চেনিৰাম পেগুৰ সভাপতিত্বত আৰু সচিব পৰমানন্দ খনিকৰে আঁত ধৰা সভাখনত ২০২১ ২০২২ বৰ্ষৰ সম্পাদকীয় প্ৰতিবেদন পাঠ ও গ্ৰহণ, ২০২০ ২০২১ বৰ্ষৰ সমিতিৰ আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ হিচাপ দাখিলৰ প্ৰতিবেদন পাঠ ও গ্ৰহণ, ২০২২ ২০২৩ বৰ্ষৰ সমিতিৰ সম্ভাব্য বাজেট গ্ৰহণ আদিৰ অন্তত পুৰণা সমিতখন ভংগ কৰি অহা ৫ বছৰৰ বাবে নতুন সঞ্চালক মণ্ডলীৰ সদস্য নিৰ্বাচন অনুষ্ঠিত কৰা হয় ৷ এঘুমটি সুখ নিদ্ৰাৰে সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কো অপাৰেটিভ বিভাগৰ লক্ষী পেগু৷

প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

Featured