হোজাই আৰক্ষীয়ে উদ্ধাৰ কৰা আহত অচিনাক্ত লোকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ: যোৱা ২৭ অক্টোবৰৰ সন্ধিয়া হোজাই নতুন বজাৰৰ নিৰ্মীয়মান ফ্লাইঅভাৰৰ সমীপত উদ্ধাৰ হোৱা প্ৰায় চল্লিশ উৰ্ধত লোকজনৰ  নগাঁৱৰ ভোগেস্বৰী ফুকননি অসামৰিক চিকিৎসাল়য়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। নীলা স্পৰ্টিং আৰু গামোচা পিন্ধা মুকবধি লোকজনক হোজাই আৰক্ষীয়ে সেইদিনা প্ৰথমে হোজাই এফ আৰ ইউত ভৰ্তি কৰে । পিছত লোকজনৰ উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছিল যদিও যোৱা ২৯ অক্টোবৰত লোকজনৰ মৃত্যু ঘটে। অচিনাক্ত লোকজনৰ মৃতদেহ বৰ্তমান নগাঁৱৰ মৰ্গত ৰখা হৈছে । অচিনাক্ত লোকজনৰ মৃতদেহ মৃত্যুৰ পিছত ৭২ ঘণ্টা ৰাখি শেষ কৃত্য সম্পন্ন কৰিব ।