নিৰ্মল হালৈ মহাবিদ্যালয়ত বিশেষ গ্ৰন্থ সংৰক্ষণৰ কোঠা উন্মোচন

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল ∶ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্হাগাৰত “আমাৰ পাটাছাৰকুছি” শীৰ্ষক বৃহত্তৰ পাটাছাৰকুছি অঞ্চলৰ বিষয় লৈ প্ৰকাশিত বিশেষ গ্ৰন্থ সংৰক্ষণ কৰা কোঠা এটা আজি উন্মোচন কৰা হয় ৷ এই বিশেষ কোঠাটো উন্মোচন কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বলেন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে ৷ তেওঁ উন্মোচন কৰি দিয়া ভাষণত কয়- “শিক্ষানুষ্ঠান এখনৰ মুৰব্বীজনে শিক্ষানুষ্ঠানৰ বাবে কি কৰিব, সেইটো থিৰাং কৰিব লাগিব আৰু তাৰ গভীৰ অৰ্থও থাকিব লাগিব ৷ শিক্ষাৰ্থীৰ প্ৰয়োজনীয় সামগ্ৰী আৰু গ্ৰন্থও সংগ্ৰহ কৰিব লাগিব আৰু সেইবোৰ সঠিকভাৱে সংৰক্ষণ কৰিব লাগিব ৷ প্ৰকৃতি পৰিৱৰ্তনৰ জৰিয়তে বিকাশ হয় ৷ প্ৰকৃতিয়ে সকলো সংৰক্ষণ-ধ্বংস কৰিব পাৰে, কিন্তু তথ্য কেতিয়াও ধ্বংস কৰিব নোৱাৰে ৷ সেই কাৰণে শিক্ষাৰ্থীয়ে গতানুগতিকভাৱে পঢ়ি থাকিলে নহ’ব ৷ সাম্প্ৰতিক সময়ত খাপ খাব পৰাকৈ ডিজিটেল মাধ্যমতো পঢ়িব লাগিব৷ আমি বৰ্তমান সময়ত সকলো ডিজিটেলাইজ কৰি সংৰক্ষণ কৰিব লাগিব ৷” এই অনুষ্ঠানতে প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰয়োজনীয় বিভিন্ন গ্ৰন্থৰ বিপণী এটা উন্মোচন কৰি অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে অহা বছৰৰ পৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাটাছাৰকুছিত এটা প্ৰশিক্ষণ কেন্দ্ৰ স্হাপনৰ ব্যৱস্থা কৰিব বুলি নিজৰ চমু ভাষণত কয় ৷ লগতে তেওঁ আৰু কয়- “কেৱল জ্ঞানৰ দ্বাৰাই প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি ৷ আন আন কথাও জড়িত হৈ থাকে ৷ সেইবোৰ বৈজ্ঞানিকভাৱে আহৰণ কৰিব লাগিব ৷ কিতাপৰ লগত মানুহৰ আৱেগিক সম্পৰ্ক আছে ৷ সেইবাবেই আমি কিতাপ সংৰক্ষণ কৰিব লাগে ৷” অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা কৈলাস চন্দ্ৰ ৰয়, অৱসৰপ্ৰাপ্ত স্বাস্থ্য সঞ্চালক ডাঃ অতুল শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধৰণীধৰ ৰয়, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ভাবিত চন্দ্ৰ হালৈ আদিকে ধৰি বহুতো স্হানীয় ব্যক্তি তথা মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা, গ্ৰন্হাগাৰিক, কৰ্মচাৰী আৰু কিছু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷ এই অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ কৌশিক কুমাৰ ডেকাই দিয়া আদৰণী ভাষণত মহাবিদ্যালয়খনৰ উত্তৰণৰ বাবে থকা তেওঁৰ বিভিন্ন সপোনৰ বিষয়ে ৰাইজক অৱগত কৰে ৷  সভাখনত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ কিশোৰ কুমাৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়৷ অনুষ্ঠানৰ আঁত ধৰে সহযোগী অধ্যাপিকা ড০ নৱনীতা কলিতাই ৷

প্ৰেৰক উৎপল মেধি

Featured