ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে কুইজ আৰু প্ৰীতি ক্ৰিকেট খেলৰ আয়োজন

নিয়মীয়া বাৰ্তা, ১অক্টোবৰ: ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া কায্যালয়ৰ উদ্যোগত কুইজ আৰু প্ৰীতি ক্ৰিকেট খেলৰ আয়োজন কৰা হয়। এই উপলক্ষে নাহৰকটীয়া মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ সহযোগত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে। স্থানীয় চক্ৰ বিষয়া শৰৎ গগৈ উপস্থিত থকা আৰু ডঃ অনন্ত কুমাৰ বৰুৱা, কুঞ্জমুকুল গগৈ, নীলম হাজৰিকা আৰু প্ৰাঞ্জল ভূঞাই পৰিচালনা কৰা তথা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা মুকলি কুইজ প্ৰতিযোগিতাত যুগল গগৈয়ে প্ৰথম স্থান, দেৱৰাজ বৰগোঁহাইয়ে দ্বিতীয় স্থান আৰু আনিশা আমন হক আৰু ৰিমলী কোঁৱৰে যুটীয়া ভাৱে তৃতীয় স্থান দখল কৰে। আনহাতে বিয়লি নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত ৰাজহ চক্ৰ বিষয়া কায্যালয় একাদশ আৰু নাহৰকটীয়া প্ৰেছ গীল্ডৰ মাজত অনুষ্ঠিত হোৱা খেলখনত প্ৰেছ গীল্ড একাদশ দলে ৰাজহ চক্ৰ বিষয়া কায্যালয় একাদশক ৪১ ৰাণত পৰাজিত কৰে। উল্লেখযোগ্য নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল চেতিয়াই উদ্বোধন কৰা খেলখনত প্ৰথমে বেটিং কৰি প্ৰেছ গীল্ড একাদশে নিৰ্ধাৰিত ১০ অভাৰত ৰাজীৱ সিঙৰ দুৰ্দান্ত ৫৮ ৰাণ আৰু সাজন চৌধুৰীৰ ২৩ ৰাণৰ বিনিময়ত ২ টা উইকেট হেৰুৱাই ৯৮ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ৰাজহ চক্ৰ বিষয়া কায্যালয় একাদশ দলটোৱে জ্যোতিষ্মান বৰঠাকুৰৰ দুৰ্দান্ত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি নিৰ্ধাৰিত অভাৰত ৫ টা উইকেট হেৰুৱাই মাত্ৰ ৫৭ ৰাণ হে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ চক্ৰ বিষয়া শৰৎ গগৈয়ে ২৫ ৰাণ কৰাৰ বিপৰীতে জ্যোতিষ্মান বৰঠাকুৰে ৩ ৰাণত তিনিটাকৈ উইকেট দখল কৰে। খেল খনৰ মেন অফ দা মেচ ৰ বঁটা লাভ কৰে প্ৰেছ গীল্ডৰ ৰাজীৱ সিঙয়ে।