হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বগীনদীত অৱতাৰ শ্ৰী কৃষ্ণ’ৰ বিষয়ে দিগন্ত বিশ্ব শৰ্মাৰ বক্তৃতানুষ্ঠান

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা লখিমপুৰ জিলা সমিতিৰ সহযোগত আজি সন্ধিয়া শংকৰদেৱ শিশু নিকেতন বগীনদীত “অৱতাৰ শ্ৰী কৃষ্ণ’ বিষয়ক লৈ এক গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।

বক্তৃতানুষ্ঠানৰ মুখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰে ২০২০ বৰ্ষৰ সাহিত্য একাডেমী (অনুবাদ) বঁটা প্ৰাপক দিগন্ত বিশ্ব শৰ্মাই। শংকৰদেৱ শিশু নিকেতন প্ৰেক্ষাগৃহত আয়োজিত প্ৰায় দুই শতাধিক লোকে জনাকীৰ্ণ এই অনুষ্ঠানত শ্ৰী ৰামকৃষ্ণ, বিবেকানন্দ, শ্ৰী অৰবিন্দৰ অনুৰাগী বক্তা দিগন্ত বিশ্ব শৰ্মাই, বক্তৃতানুষ্ঠানত মদ্ভাগৱত গীতাৰ শ্লোক ব্যাখ্যাৰে ইহ জগতত শ্ৰীকৃষ্ণৰ অৱতাৰৰ উদ্দেশ্যৰ ওপৰত এক তত্বগধুৰ বক্তৃতা প্ৰদান কৰে।

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বগীনদী আঞ্চলিক সমিতিৰ উপদেষ্টা আদিত্য বৰুৱাই আঁত ধৰা এই বক্তৃতানুষ্ঠানত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে শংকৰদেৱ শিশু নিকেতন বগীনদীৰ পৰিচালনা সমিতিৰ সভাপতি নলেন মুছাহাৰীয়ে। উপস্থিত থাকে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ দাস, কেন্দ্ৰীয় মুখ্য সাংগঠনিক বিটুমনি গগৈ, লখিমপুৰ জিলা সমিতিৰ সভাপতি যুগ্মজ্যোতি দত্ত, নিকেতনৰ প্ৰধান আচাৰ্য ঋষিৰাজ ৰিজালৰ লগতে নিকেতনখনৰ আচাৰ্য আচাৰ্য্যা,হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বগীনদী আঞ্চলিক সমিতিৰ নেতা কৰ্মীৰ উপৰিও জিলা সমিতিৰ প্ৰচাৰ সম্পাদক লিখক মহন্ত, সম্পাদক ৰূপম বৰা। ফটো আছে।

প্ৰেৰক: ভূবন গৌতম