নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভনৰ এক নির্দেশ মর্মে জিলা পৰিবহণ বিষয়া উৎপল গগৈৰ নেতৃত্বত কালি অবৈধভাৱে চলাচল কৰা ৩০খন ই–ৰিক্সা জব্দ কৰে৷ লক্ষণীয় যে গ্রামাঞ্চলত চলাচলৰ অনুমতি থকা, কিন্তু চহৰ এলেকাত কোনো বিভাগীয় অনুমতি নথকা সত্ত্বেও চহৰৰ বিভিন্ন পথত ই–ৰিক্সাই চলাচল কৰি তীব্র যান–জঁটৰ সৃষ্টি কৰি আহিছে৷
এইক্ষেত্রত বিভিন্ন সময়ত সংবাদ পত্রত নানা ধৰণেৰে বাতৰি পৰিৱেশন হোৱাৰ পিছত জিলা উপায়ুক্তই আজি জিলা পৰিবহণ বিষয়াক নির্দেশ জাৰি কৰে৷ আজি পৰিবহণ বিভাগৰ তৰফৰ পৰা প্রৱর্তক বিষয়া, প্রৱর্তক চেকাৰ আদিৰ সহযোগত এনে প্রায় ৩০খনকৈ ই–ৰিক্সা জব্দ কৰিবলৈ সক্ষম হয়৷ বর্তমান এই জব্দকৃত ই–ৰিক্সাসমূহ জিলা পৰিবহণ বিষয়া কার্যালয়ৰ আস্থানত ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে৷
জিলা পৰিবহণ বিষয়া কার্যালয়ৰ বিষয়াসকলৰ আজিৰ এই অভিযানত নগাঁও যান–বাহন আৰক্ষীয়ে সহযোগিতা কৰে৷ অৱশ্যে জব্দকৃত ই–ৰিক্সাসমূহৰ উচিত জৰিমনা জমা কৰি ই–ৰিক্সাৰ গৰাকীয়ে মুকলি কৰি নিব পাৰিব বুলি জানিবলৈ দিয়ে নগাঁও জিলা পৰিবহণ বিভাগে৷