লাভ জেহাদঃ ফেচবুক চিনাকিৰে পলুৱাই নিলে সৰ্থেবাৰীৰ সমীপৰ ব্যাসকুছিৰ ছাত্ৰীক

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : পুনৰ সৰুক্ষেত্ৰীত সংঘটিত হল লাভ জেহাদ কাণ্ড।নিজৰ পৰিচয় লুকুৱাই কোকৰাঝাৰৰ এগৰাকী মুছলমান যুৱকে ফেচবুকযোগে চিনাকী হৈছিল ব্যাসকুছিৰ এগৰাকী কলেজীয়া ছাত্ৰীৰ লগত। যোৱা ১৬ ছেপ্টেম্বৰত কোকৰাঝাৰৰ পৰা এখন চাৰিচকীয়া গাড়ী লৈ সৰুক্ষেত্ৰীৰ কাপলাত উপস্থিত হৈছিল আচিফ আহমেদ নামৰ যুৱকজনে।আৰু আচিফ আহমেদে বিভিন্ন ধৰণে ছাত্ৰীগৰাকীক প্ৰলোভিত কৰি কাপলাৰ জুনিয়ৰ কলেজৰ সম্মুখৰ পৰা গাড়ীত উঠাই পলুৱাই লৈ যায়। ইয়াৰ পিছতেই ছাত্ৰী গৰাকীক বিচাৰি নোপোৱাত অভিভাৱকে তৎপৰতাৰে অভিযান চলায়। এই অভিযানৰ সময়তে ছাত্ৰীগৰাকীয়ে ঘৰৰ মোবাইল ফোনলৈ এটি মেছেজ প্ৰেৰণ কৰে । সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোৱঁৰে এই ঘটনাক গুৰুত্ব সহকাৰে লৈ নিজেই এটি আৰক্ষীৰ দল লগত লৈ পশ্চিমবংগলৈ ৰাওনা হয়। আৰু অবশেষত পশ্চিম বংগৰ আলিপুৰদুৱাৰৰ হাচিমাৰাৰ পৰা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। অবশ্যে অভিযুক্ত আহিম আহমেদ পলাই যাবলৈ সক্ষম হয়। আচিফ নামৰ যুৱক জনে ছাত্ৰীগৰাকীক পলুৱাই নি বিভিন্ন স্থানত আবদ্ধ ৰখাৰ পিছত দুষ্ট চক্ৰৰ ওচৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰা বুলি সন্দেহ ঘনীভূত হৈছিল। ইয়াৰ আগতেও সৰুক্ষেত্ৰী অঞ্চলৰ পৰা যুৱতী পলুৱাই নি ৰাজস্থান, হাৰিয়ানাত বিক্ৰী কৰিছিল। আৰু এতিয়া পুনৰ এই দুষ্ট চক্ৰ সক্ৰিয় হৈ পৰিছে বুলি চৰ্চা চলিছে। ইতিমধ্যেই আৰক্ষীয়ে ঘটনা সম্পৰ্কত এটা গোচৰ ৰুজু কৰিছে।

প্ৰেৰক নকুল তালুকদাৰ

Featured