কাৰ্বন প্ৰতিৰোধৰ বাবে অত্যাধুনিক চৌকা বিতৰণ

কেনিয়াৰ পৰা ৰূপ্তানি কৰি পাইলট প্ৰজেক্ট শুভাৰম্ভ কৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ   পৰিবেশ প্ৰদূষণ ৰোধ কৰা আৰু সু-স্বাস্থ্যৰ বাবে কাৰ্বন ডাই অক্সাইড নিৰ্গমন ৰোধ কৰাৰ বাবে এক প্ৰচেষ্টা হাতত লৈছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে পৰিবেশ পৰিবৰ্তন হোৱাৰ ফলত ভৱিষ্যতৰ এক অশনি সংকেত প্ৰকৃতিয়ে প্ৰদান কৰিছে । এনে সময়ত বিধায়ক গৰাকীয়ে ভৱিষ্যতৰ কথা চিন্তা কৰি বায়ু মণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰাৰ লক্ষ্যৰে সমষ্টিটোৰ প্ৰতি পৰিয়ালক অত্যাধুনিক চৌকা প্ৰদানৰ বাবে শুকুৰবাৰে এক পাইলট প্ৰজেক্ট শুভাৰম্ভ কৰে। স্বেচ্ছাসেৱী অনুষ্ঠান “সেৱা”ৰ উদ্যোগত সমষ্টিটোত পাইলট প্ৰজেক্ট হিচাপে ১১০ টা চৌকা বিতৰণৰ কাৰ্যসূচীৰে শুভাৰম্ভ কৰে। কাৰ্যসূচী শুভাৰম্ভ কৰি বিধায়ক শইকীয়াই কয় যে, মহিলা সকল সু-স্বাস্থ্য আৰু প্ৰদূষণ ৰোধ কৰিবৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠান ” সেৱা “ৰ উদ্যোগত সুদূৰ কেনিয়াৰ পৰা এই অত্যাধুনিক চৌকা ৰপ্তানি কৰি অনা হৈছে। এই চৌকাৰ জৰিয়তে কম খৰিতে ভাত ৰান্ধিব পৰা যাব আৰু মহিলা সকল নিৰোগী হৈ থকাৰ লগতে কাৰ্বন নিষ্কাষণত প্ৰতিৰোধ কৰিব পৰা যাব । লগতে তেওঁ কয় যে, আগন্তুক নতুন বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত সমষ্টিটোৰ প্ৰত্যেক পৰিয়ালে এই অত্যাধুনিক চৌকা লাভ কৰিব বুলি উল্লেখ কৰে।