নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ : মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কুশতলি নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি অনুষ্ঠিত হয় এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ।মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ সৌজন্যত বিনামূলীয়া মুখগৰ্ভ আৰু মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ চিনাক্তকৰণ শিবিৰটোত কুশতলি অঞ্চলৰ ৪০ বছৰ উৰ্দ্ধৰ ৩০ গৰাকী মহিলাৰ মুখগৰ্ভ আৰু স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰা হয়।মহিলা সকলৰ স্বাস্থ্য পৰীক্ষা কৰে দীপশিখা স্বেচ্ছাসেৱী সংগঠনটোৰ চিকিৎসা বিষয়া ডাঃ ধীৰেন দাসে।উল্লেখ্য যে এই চিকিৎসা শিবিৰৰ যোগে যাতে মানুহৰ মাজত সজাগতা অনা আৰু আগতীয়াভাৱে প্ৰাৰম্ভিক অৱস্থাত কৰ্কট ৰোগৰ কিবা সন্দেহজনক স্থিতি পোৱা যায় নেকি, লগতে কৰ্কট ৰোগ বুলি কলে মানুহৰ মাজত ভয় ভাৱ সৃষ্টি হোৱা কাৰ্যক সহজ লভ্য কৰি তোলাই হৈছে দীপশিখা স্বেচ্ছাসেৱী সংগঠনৰ মূল উদ্দেশ্যে বুলি সংগঠনটোৰ চিকিৎসা বিষয়া ডাঃ ধীৰেন দাসে জনায়।উল্লেখযোগ্য যে এই মহান উদ্দেশ্যে আজি কুশতলিত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰটোৰ সৈতে এই বছৰ জিলাখনত আজিলৈকে মুঠতে এনেধৰণৰ ১৫ টা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে আৰু ৮ ৰ পৰা ৯ শ গৰাকী মহিলাৰ মুখগৰ্ভ আৰু স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰা হৈছে।ইয়াৰে অৱশ্যে এতিয়ালৈকে ৩০ গৰাকীমান মহিলাৰ সন্দেহজনক স্থিতি পোৱা গৈছে বুলি চিকিৎসা বিষয়া গৰাকীয়ে জানিবলৈ দিয়া।