ভয়ংকৰ জলবিস্ফোৰণ গুৱাহাটীৰ খাৰঘুলিত : মহিলাৰ মৃত্যু

বিশেষ বাৰ্তা, ২৫ মেঃ এক ভয়ানক ঘটনা সংঘটিত হল গুৱাহাটীৰ খাৰঘুলিৰ সমীপৰ জয়পুৰত। খাৰঘুলিত এক ভয়ংকৰ জলবিস্ফোৰণ ঘটনা সংঘটিত হৈছে। এই ঘটনাত পানী যোগান প্ৰকল্পৰ পাইপ ফুটাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। যাৰ বাবে ৰাইজৰ মাজত হাহাকাৰসদৃশ পৰিস্থিতি। পানীৰ পাইপ ফুটাৰ ফলত খাৰঘুলিত চলিছে ধ্বংসলীলা। পানীৰ পাইপ ফাটি ধ্বংসলীলাত এগৰাকী মহিলাৰ মৃত্যু ঘটিছে। তাণ্ডৱলীলাত ধ্বংসস্তূপত পৰিণত বাসগৃহ, গাড়ী। পাইপ ফুটাৰ পিছত পানীৰ সোঁত ইমানেই ভয়ানক আছিল যে কেইবাশ মিটাৰ ওপৰৈল পানী বিস্ফোৰিত হয় । লগতে ঘৰ-দুৱাৰ উটি গৈ এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়।

Featured