হিট এণ্ড ৰান : বকোত তীব্ৰবেগী আল্ট্রা বাছে খুন্দিয়ালে চাইকেল আৰোহীক

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ : কামৰূপ জিলাৰ বকোত সংঘটিত হৈছ এক হিট এণ্ড ৰানৰ ঘটনা।বকোৰ নাগোপাৰাৰ শিৱমন্দিৰৰ সমীপত সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা। গোৱালপাৰা ধুবুৰী অভিমুখী এখন তীব্ৰবেগী আল্ট্রা বাছে এজন চাইকেল আৰোহীক পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাত পথৰ দাঁতিত ছিটিকি পৰে চাইকেল আৰোহীজন। দুৰ্ঘটনা সংঘটিত কৰিয়েই তীব্ৰবেগী আল্ট্রা বাছখনে পলায়ণ কৰে।ভয়াৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চাইকেল আৰোহী গৰাকী। আঘাতপ্ৰাপ্ত চাইকেল আৰোহী গৰাকী দীনেশ বড়ো (৬৫)। আঘাতপ্ৰাপ্ত দীনেশ বড়োৰ ঘৰ বকোৰ পুখুৰীপাৰাত বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত বকো আৰক্ষীৰ উপ পৰিদৰ্শক পৰীস্মীতা ৰাজখোৱাসহ এটি আৰক্ষীৰ দল উপস্থিত হৈ আঘাতপ্ৰাপ্ত দীনেশ বড়োক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে।উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা তীব্ৰবেগী আল্ট্রা বাছখনৰ সন্ধানৰ বাবে তদন্ত অব্যাহত ৰাখিছে বকো আৰক্ষীয়ে।

প্ৰেৰক প্ৰীতম বায়ন

Featured