প্রথমবাৰলৈ বিধানসভালৈ নির্বাচিত বহু নতুন মুখঃ পৰমাও জিকিল, মানৱ তৰংগ–বিশ্বজিৎ–শিৱামনিৰ চমক

নিয়মীয়া বাৰ্তা, ৩ মে’: পঞ্চদশ অসম বিধানসভালৈ এইবাৰ ৩৭ৰো অধিক নতুন মুখ নির্বাচিত হৈ আহিছে৷ এই বাতৰি যুগুতোৱাৰ পৰলৈকে আটাইবোৰ সমষ্টিৰ ফলাফল আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাই যদিও ৩৭গৰাকীকৈ প্রার্থী প্রথমবাৰৰ বাবে বিধানসভালৈ নির্বাচিত হৈ আহিছে৷ সেইসকল হৈছে– ৰাইজৰ দলৰ অখিল গগৈ (শিৱসাগৰ), বিজেপিৰ নন্দিতা গার্লোছা (হাফলং), ৰূপছিং টেৰণ (বৈঠালাংছ’), জিতু গোস্বামী (বঢ়মপুৰ), হেমাংগ ঠাকুৰীয়া (পলাশবাৰী), দিগন্ত কলিতা (কমলপুৰ), ৰামকৃষ্ণ ঘোষ (হোজাই), বিশ্বজিৎ ফুকন (সৰুপথাৰ), ধর্মেশ্বৰ কোঁৱৰ (সোণাৰি), ড০ অমিয় কুমাৰ ভূঞা (বিহপুৰীয়া), মানৱ ডেকা (লখিমপুৰ), তৰংগ গগৈ (নাহৰকটীয়া), ড০ পৰমানন্দ ৰাজবংশী (ছিপাঝাৰ), অজয় ৰায় (বিজনী), কৃষ্ণকমল তাঁতী (ৰঙাপৰা), অগপৰ পোনাকণ বৰুৱা (চাবুৱা), পৃথ্বিৰাজ ৰাভা (তেজপুৰ), এ আই ইউ ডি এফৰ কৰিমুদ্দিন বৰভূঞা (সোণাই), আশ্রাফুল হুছেইন (চেঙা), আমিনুল ইছলাম (মানকাচৰ), চামচুল হুদা (বিলাসীপাৰা পূব), মজিবুৰ ৰহমান (দলগাঁও), ইউ পি পি এলৰ লৰেঞ্চ ইছলাৰী (কোকৰাঝাৰ পূব), জয়ন্ত বসুমতাৰী (চিদলী), লেহোৰাম বড়ো (তামুলপুৰ), ভূপেন বড়ো (বৰমা), ইউ জি ব্রহ্ম (চাপাগুৰি), গোবিন্দ বসুমতাৰী (ওদালগুৰি), কংগ্রেছৰ আব্দুল বাতেন মণ্ডল (অভয়াপুৰী উত্তৰ), প্রদীপ সৰকাৰ (অভয়াপুৰী দক্ষিণ), যাদৱ স্বর্গীয়াৰী (দুধনৈ), আব্দুৰ ৰহিম আহমেদ (বৰপেটা), দিগন্ত বর্মন (বৰক্ষেত্রী), ভাস্কৰজ্যোতি বৰুৱা (তিতাবৰ), শশীকান্ত দাস (ৰহা), শিৱামণি বৰা (বটদ্রৱা) আৰু চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰ (সৰভোগ)৷ আনহাতে, এইবাৰ বিধানসভালৈ ৬গৰাকী মহিলা প্রতিনিধি নির্বাচিত হৈছে৷ তেওঁলোক হৈছে– অগপৰ ৰেণুপমা ৰাজখোৱা (টীয়ক), বিজেপিৰ অজন্তা নেওগ (গোলাঘাট), নন্দিতা গার্লোছা (হাফলং), কংগ্রেছৰ শিৱামণি বৰা (বটদ্রৱা), নন্দিতা দাস (বকো) আৰু বিজেপিৰ সুমন হৰিপ্রিয়া (হাজো)৷