বাঁহজানীত কংগ্রেছ–গপৰ দুই শতাধিক নেতা–কর্মী বিজেপিলৈ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ  নলবাৰী সমষ্টিৰ নিজ বাঁহজানীত  পূব নলবাৰী মণ্ডল বিজেপিৰ উদ্যোগত আৰু মধ্য বাঁহজানী পঞ্চায়তৰ সহযোগত মণ্ডল সভাপতি প্রতুল কলিতাৰ সভাপতিত্বত এখন যোগদান সভা অনুষ্ঠিত হয়৷ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তালুকদাৰে আঁত ধৰা সভাত স্থানীয় বিধায়ক অশোক শর্মা, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, জিলা পৰিষদৰ সদস্য বিৰাজ মেধি, পঞ্চায়ত সভানেত্রী জোনমণি বৈশ্য তালুকদাৰ, আঞ্চলিক সদস্য জয়দেৱ দাস, হিতেশ তালুকদাৰ, জিলা বিজেপিৰ উপ–সভাপতি জয়ন্ত বুজৰবৰুৱা, কার্যনির্বাহক অপূর্ব শর্মা, ৰামহৰি বৈশ্য, মণ্ডলৰ উপ–সভাপতি খগেন ডেকা, প্রণৱ বেজবৰুৱা, সাধাৰণ সম্পাদক ভূপেন ডেকা, সম্পাদক প্রণৱ কুমাৰ শর্মা, মণ্ডল যুৱ মর্চাৰ সভাপতি লাচিত মেধি, উপ–সভাপতি অঞ্জন শর্মা, সাধাৰণ সম্পাদক হীৰকজ্যোতি দাস, বিজেপি নেতা অজিত ডেকা, যুৱ নেতা পৰাগ চক্রৱর্তী, নিতুমণি দাস, জয়ন্ত শর্মা, ৰূপমজ্যোতি শর্মা, কৰেণ হালৈ, ৰাজীৱজ্যোতি ভৰালী, নীহাৰ ভৰালী, গৌতম ডেকা, জিতু মেধিসহ সহস্রাধিক লোক উপস্থিত থাকে৷

সভাতে কংগ্রেছ, অগপ, চি পি আই (এম) দল আৰু আছুৰ দুই শতাধিক নেতা–কর্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ সভাত বিধায়ক শর্মাই কয় যে পূর্বতেও কংগ্রেছৰ চৰকাৰ, পঞ্চায়ত আছিল আৰু আঁচনিও আছিল যদিও দুর্নীতিত পোত গৈছিল৷ কিন্তু বিজেপি চৰকাৰ আৰু পঞ্চায়ত হোৱাৰ পিছতহে বাঁহজানীত উন্নয়ন সম্ভৱ হ’ল৷ সভাত জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাই ভাষণ দিয়ে৷