ৰাংছাপাৰাত মাস্ক পৰিধান নকৰা লোকৰ প্রৱেশ নিষেধ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ মহামাৰী ক’ৰোনাৰ বাবে বন্ধ হৈ থকা গোৱালপাৰাৰ ৰাংছাপাৰা গাঁও আজি পর্যটকৰ বাবে মুকলি কৰি দিয়া হয়৷ সুদীর্ঘ প্রায় ৬ মাহৰ অন্তত যেন সুস্থিৰ পৰিৱেশ উভতি আহিছে অসমৰ শ্রেষ্ঠ স্বচ্ছ আৰু পৰিষ্কাৰ গাঁও ৰাংছাপাৰালৈ৷ মাস্ক পিন্ধি আজি গাঁৱৰ মহিলাসকলে পৰিষ্কাৰ কৰে বাট–পথ৷ দীর্ঘদিনৰ অন্তত স্বাভাৱিক দৃশ্য দেখা গ’ল ৰাংছাপাৰাত৷ যোৱা ২২ মার্চতে মহামাৰী ক’ৰোনাৰ ভয়াৱহ গণসংক্রমণৰ বাবে পর্যটকৰ বাবে বন্ধ কৰি দিয়া ৰাংছাপাৰা আজি পুনৰ পর্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিলে গাঁওবাসীয়ে৷ ৰাংছাপাৰা গাঁৱৰ গাঁওবুঢ়া ৰবার্টজন মোমিনে জনোৱা মতে, এতিয়াৰে পৰা পর্যটকসকলে ক’ভিড প্রট’কল মানি প্রৱেশ কৰি লাগিব গাঁওখনত৷ মাস্ক পৰিধান নকৰা লোকৰ প্রৱেশ নিষিদ্ধ৷ বিনা অনুমতিত গাঁওখনৰ কোনো লোকৰ ঘৰলৈ যাব নোৱাৰিব পর্যটক৷ সামাজিক দূৰত্ব মানি চলা–ফুৰা কৰিব লাগিব গাঁওখনত৷

উল্লেখ্য যে গোৱালপাৰাৰ ৰাংছাপাৰা হ’ল অসমৰ শ্রেষ্ঠ স্বচ্ছ আৰু পৰিষ্কাৰ গাঁও৷ ২০১৭ চনত অসম চৰকাৰে ৰাংছাপাৰাক শ্রেষ্ঠ স্বচ্ছ আৰু পৰিষ্কাৰ গাঁও হিচাপে স্বীকৃতি দিছিল৷ স্বচ্ছতাৰ ক্ষেত্রত ৰাংছাপাৰা গাঁওবাসীয়ে বহু অনুশাসনমূলক ব্যৱস্থা কৰিছে৷ প্রতিটো পৰিয়ালৰ চৌহদত ডাষ্টবিন থকাৰ লগতে সকলোৱে নিজৰ নিজৰ ঘৰ, বাট–পথ পৰিষ্কাৰ কৰিব লাগিব৷ প্রতি শনিবাৰে গাঁৱৰ মহিলাসকলে ওলাই গাঁওখনৰ বাট–পথ পৰিষ্কাৰ কৰিব লাগিব৷ সকলোৰে ঘৰত শৌচাগাৰ থাকিব লাগিব৷ কোনো লোকে গাঁৱত মাদক দ্রব্য ব্যৱহাৰ কৰিব নোৱাৰিব৷ এতিয়া ফুলৰ বাগিচা থকাটো বাধ্যতামূলক কৰিছে গাঁওবাসীয়ে৷