বিজনীৰ বৌলাঝাৰত দুৰ্বৃত্তই চিৰাচিৰ কৰিলে UPPLৰ বেনাৰ-দলীয় পতাকা

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে নিৰ্বাচনী হিংসা আৰম্ভ হৈছে ৷ চিৰাংজিলা বিজনী মহকুমাৰ অন্তৰ্গত মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৌলাঝাৰত আজি দুৰ্বৃত্তই UPPLৰ পথাৰ দাঁতিত থকা দলীয় পতাকা আৰু বেনাৰ আদি ফালি দলিয়াই দিয়ে ৷ লগতে দলীয় পতাকা আৰু বেনাৰ আদি ফালি দুৰ্বৃত্তই জংঘলত পেলাই দিয়ে । সমগ্ৰ ঘটনাৰ আঁৰত সুবিধাবাদী ৰাজনৈতিক চক্ৰ জড়িত বুলি UPPLৰ তৰফৰ পৰা অভিযোগ কৰিছে ৷ ঘটনাৰ তদন্ত কৰি দুৰ্বৃত্তক শাস্তি বিহাৰ দাবী জনাইছে দলীয় নেতৃবৰ্গই ৷