ডিব্ৰুগড়ত প্লাজমা দান কৰা তিনিগৰাকী লোকক মুখ্যমন্ত্ৰী সোণোৱালৰ চেক প্ৰদান

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্লাজমা বেংকত প্লাজমা দান কৰাৰ বাবে তিনিগৰাকী লোকক আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত সম্বৰ্ধনা জনাই চেক প্ৰদান কৰে। লগতে, তেখেতসকলক প্ৰশংসাৰ মানপত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এই মহান কামৰ বাবে ধন্যবাদ জনায়।
ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু শ্ৰী মাৰোৱাৰী নাট্য সমিতিয়ে এই প্লাজমা বেংক প্ৰকল্পৰ ব্যৱস্থা কৰিছে।
মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপৰ শলাগ লৈ ক’ভিড-১৯ৰপৰা আৰোগ্য লাভ কৰা লোকসকলক প্লাজমা দানৰ বাবে আগুৱাই আহিবলৈ আহ্বান জনায়।