মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কৃষকসকলৰ মাজত শালী ধানৰ কঠীয়া বিতৰণ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ লাহৰীঘাট অঞ্চলত বাৰিষাৰ প্ৰলয়ংকাৰী বানৰ ফলত বহুসংখ্যক কৃষকৰ পথাৰৰ ধান পানীৰ তল যায় । যাৰ বাবে মৰিগাঁও জিলাৰ কৃষি বিভাগে লাহৰীঘাট অঞ্চলত পূৰ্বতেই সমূহীয়া কঠীয়াতলিৰ ব্যৱস্থা কৰিছিল ।

আজি মৰিগাঁও জিলাৰ লাহৰীঘাট কৃষি চক্রৰ কৃষক সকলৰ মাজত শালি ধানৰ সমূহীয়া কঠীয়াতলীৰ কঠীয়াসমূহ বিতৰণ কৰা হয় ।

অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা আঁচনি ২০২০-২১ ৰ অধীনত উন্নত জাতৰ শালীধানৰ কঠীয়া বিতৰণ কৰে লাহৰীঘাট কৃষি চক্রৰ কৃষি উন্নয়ন বিষয়া মনতৃষ্ণা ৰাজখোৱাই । কৃষি বিষয়াগৰাকীয়ে স্হানীয় গ্ৰামসেৱক আৰু কৃষকসকলৰ সৈতে কৃষি বিষয়ক এলানী আলোচনা কৰাৰ লগতে সমস্যা সমূহৰো পৰ্যালোচনা কৰে ।