পুত্ৰ সন্তানৰ বাবে স্বাস্থ্যমন্ত্ৰীৰ লগতে সুহৃদ লোকৰ সহায় বিচাৰিছে ৩নং জামদহাৰ পঞ্চানন বিশ্বাসে

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ বঙাইগাঁও জিলা বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ৩নং জামদহাৰ শ্ৰমিক পঞ্চানন বিশ্বাস আৰু বিনতা বিশ্বাসৰ তিনিবছৰীয়া পুত্ৰ সন্তান ৰঞ্জিত বিশ্বাস জন্মৰ সাত মাহৰ পৰা এক জটিল ৰোগত আক্ৰান্ত।

কণমানি শিশুটিয়ে স্বাভাৱিকভাৱে লৰচৰ কৰিব নোৱাৰে। ইতিমধ্যে পিতৃ পঞ্চানন বিশ্বাসে বঙাইগাঁও, নলবাৰী, গুৱাহাটীৰ হাস্পতাল আৰু এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত কণমানি ৰঞ্জিত বিশ্বাসৰ চিকিৎসা কৰোৱাইছে যদিও সুস্থ হোৱাগৈ নাই। কণমানি ৰঞ্জিতক সম্পূৰ্ণৰূপে সুস্থ কৰি তোলাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সুহৃদ লোকৰ পৰা সহায় বিচাৰিছে পিতৃ পঞ্চানন বিশ্বাসে।

আৰ্থিক সাহায্য কৰিবলৈ বিচৰা ইচ্ছুক সুহৃদ লোকসকলক ভাৰতীয় ষ্টেট বেংকৰ চিৰাং জিলাৰ বিজনীত অৱস্থিত বিষ্ণুপুৰ শাখাৰ A/C no. 33480996799 IFSC SBIN337388 নম্বৰৰ একাউণ্টত বৰঙণি জমা দিবলৈ পিতৃ পঞ্চানন বিশ্বাসে অনুৰোধ জনাইছে । তেওঁৰ মোবাইল নম্বৰঃ 9854128656