নগাবাট-বেকাজান মুইথাই ক্লাৱৰ সাফল্য: পাঁচ খেলুৱৈৰ পদক লাভ

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : ১৮-২০ নৱেম্বৰত যোৰহাটৰ চিকেবি কলেজৰ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাজ্যিক মুইথাই প্ৰতিযোগিতাত তিতাবৰ মহকুমাৰ নগাবাট-বেকাজান মুইথাই ক্লাৱৰ পাঁচগৰাকী খেলুৱৈয়ে পদক লাভ কৰি সমগ্ৰ মহকুমাটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

জানিব পৰা মতে ক্লাৱটোৰ পৰা মুঠ ছয় গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰে শিৱ প্ৰসাদ বৰুৱাই ৬৭-৭১কেজি শাখাত সোণ, প্ৰিয়ংকা সোণোৱালে ৪২-৪৫ কেজি শাখা সোণ, গিৰিশ গগৈয়ে ৬০-৬৩ শাখাত ৰূপ, ধৰ্মেন্দ্ৰ কছাৰীয়ে ৫৪-৫৭ শাখাত ব্ৰঞ্জ, শান্তনু ৰাজখোৱাই ৭১-৭৪ শাখাত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয়। প্ৰিয়ংকা সোণোৱাল ছোৱালীৰ ভিতৰত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছে। পদক লাভ কৰা শিৱ প্ৰসাদ বৰুৱা আৰু প্ৰিয়ংকা সোণোৱাল ডিচেম্বৰত মণিপুৰৰ ইম্ফলত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে বুলি জানিব পৰা গৈছে।

নগাবাট-বেকাজান মুইথাই ক্লাৱৰ পৰা যোৱা দলটোৰ নেতৃত্বত আছিল প্ৰশিক্ষক বিজু চুতীয়া আৰু শান্তনু ৰাজখোৱা। উল্লেখ্য যে তিতাবৰৰ নাগালেণ্ড সীমামূৰীয়া আৰু অতি পিছত এটা অঞ্চলত থাকিও একাগ্ৰতাৰে দৈনিক অনুশীলন কৰি এনেদৰে পদক আজুৰি আনিবলৈ সক্ষম হোৱাত খেলুৱৈ কেইগৰাকীক বৰহোলা, নগাবাট, বেকাজান অঞ্চলৰ দল-সংগঠন তথা সচেতন ৰাইজে শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰেৰক: অজয় শইকীয়া, নগাবাট