চোৰৰ আজব কাণ্ড : যোৰহাটৰ বেকাৰীত কেক কাটি তুলিলে ছেল্ফি

বাৰ্তা ব্যুৰো, ২৬ মে : যোৰহাট নগৰৰ বৰুৱা চাৰিআলিত থকা মনীষা বেকাৰী নামৰ প্ৰতিষ্ঠানটোত ২৩ মেৰ নিশা দুটা চোৰ সোমাই যি কাণ্ড কৰিলে, সেয়া দেখি আৰক্ষীও হতবাক। দুই গভাইত চোৰে স্বাটাৰ ভাঙি দোকানৰ ভিতৰত প্ৰৱেশ কৰে আৰু ছাটাৰ বন্ধ কৰি লয়। ইয়াৰ পাছত দুই চোৰে আৰম্ভ কৰে আজব কৰ্ম কাণ্ড। দুই চোৰে কেক কাটি, ইজনে সিজনৰ গালৈ কেক দলিয়াই সকলো লণ্ডভণ্ড কৰে। ইমানেই নহয় হাতত কেক লৈ চানগ্লাছ পিন্ধি চেল্ফিও উঠে দুই চোৰে। দোকানৰ লেপটপকে ধৰি বিভিন্ন সামগ্রী ভাঙি লণ্ড ভণ্ড কৰে। নগদ ১২ হেজাৰ মান টকা আৰু এটা ম’বাইল লৈ যায়। পিছে চোৰৰ বুদ্ধি চুটি। লৈ যোৱা ম’বাইল লোকেছন ট্ৰেক কৰি আৰক্ষীয়ে দুই চোৰক গ্ৰেপ্তাৰ কৰে। চোৰ দুটা যোৰহাটৰ ৰ’য়েল ৰোডৰ গিলটু গগৈ আৰু গোলাঘাটৰ সঞ্জয় পাটনায়ক। ইফালে চোৰে দোকানৰ ভিতৰত তোলা ফটো চোৰৰ ম’বাইলত উদ্ধাৰ হয়। লগতে দোকানৰ পৰা চুৰি কৰা ম’বাইলটো উদ্ধাৰ হয়। দুই চোৰৰ এই কাণ্ডই আৰক্ষীকো হতভম্ব কৰে।
প্ৰেৰক প্ৰদীপ বৰা
Featured