৪৩ মাহৰ পাছত দলত অন্তর্ভুক্ত অভিজ্ঞ উমেশ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ জৰুৰী আমন্ত্রণক্রমে আজি পুৱা সাত বজাৰ বিমানত চেন্নাইৰ পৰা ম’হালিত উপস্থিত হৈছে অভিজ্ঞ বলাৰ উমেশ যাদৱ৷ ক’ভিডত আক্রান্ত হোৱা বাবে অষ্ট্রেলিয়াৰ বিৰুদ্ধে টি–২০ শৃংখলাত অনিশ্চিত হৈ পৰিছে মহম্মদ ছামি৷ তেওঁৰ পৰিৱর্তে উমেশক ভাৰতীয় দলত যোগ দিবলৈ নির্দেশ দিছে নির্বাচকসকলে৷ কাউণ্টী ক্রিকেটৰ এখন মেচত আঘাত পোৱা উমেশ যাদৱৰ পুনর্বাসনৰ প্রক্রিয়া চলি আছিল বেংগালুৰুৰ ৰাষ্ট্রীয় ক্রিকেট একাডেমীত৷ তাৰ পৰাই পোনে পোনে ম’হালিলৈ উৰা মাৰে তেওঁ৷ আইপিএলত ভাল প্রদর্শন দাঙি ধৰিলেও ৰাষ্ট্রীয় দলত সুযোগ পোৱা নাছিল উমেশে৷ ২০১৯ চনৰ ফেব্রুৱাৰীত উমেশে অন্তিমবাৰ অষ্ট্রেলিয়াৰ বিৰুদ্ধে দেশৰ হৈ টি–২০ মেচত অংশ লৈছিল৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে প্রথম একাদশত স্থান পালে ৪৩ মাহৰ পাছত তেওঁ ভাৰতৰ হৈ সীমিত অভাৰৰ ক্রিকেটত অংশ ল’ব৷ কেৱল অভিজ্ঞতাৰ বাবেই তেওঁক দলত লোৱা হৈছে৷