আই পি এলঃ ধোনীৰ জ্যামিতিক সমীকৰণৰ প্ৰত্যাহ্বান গুজৰাটৰ হাৰ্দিকলৈ

বিশেষ বাৰ্তা, ২৭ মেঃ আইপিএলৰ শেষ ৰণত কাইলৈ ধোনীৰ চেন্নাইৰ বিৰুদ্ধে নামিব হাৰ্দিকৰ গুজৰাট। আহমেদাবাদতেই যোৱা ৩১ মার্চত আৰম্ভ হৈছিল ষষ্ঠদশ আইপিএল ৷ সুদীর্ঘ ৫৮ দিন পিছত পুনৰ উক্ত দল দুটাৰ মাজতেই ফাইনেল খেলখন হব ৷ আইপিএলৰ উদ্বোধনী মেচখনেই এতিয়া ফাইনেলৰ নিচিনা ধাৰণা হৈছে৷ আহমেদাবাদত বর্ণাঢ়্য উদ্বোধনী অনুষ্ঠানৰ পিছত হার্দিক পাণ্ডিয়া আৰু মহেন্দ্র সিং ধোনীয়ে টছ কৰিবলৈ নামিছিল৷ কাইলৈ পুনৰ এই দুগৰাকী অধিনায়কে ফাইনেলৰ বাবে টছত নামিব ৷ ইতিমধ্যে দল দুটা দুবাৰ মুখামুখি হৈছে৷ প্রথম মেচখনত গুজৰাট ৫ উইকেটত বিজয়ী হৈছিল ৷ আনহাতে, প্রতিযোগিতাখনৰ কোৱালিফায়াৰত দল দুটা মুখামুখি হৈছিল দ্বিতীয়বাৰ ৷ মেচখনত চেন্নায়ে ১৫ ৰানত জয়লাভ কৰি মধুৰ প্রতিশোধ লয় ৷ প্রথম মেচখনত চেন্নাইৰ হৈ ঋতুৰাজ গাইকোৱাডে ৫০টা বলত ৯৯ ৰান কৰিছিল ৷ ইয়াৰ বিপৰীতে গুজৰাটৰ হৈ ৩৬টা বলত ৬৩ ৰান কৰি দুর্দান্ত ফর্মৰ ইংগিত দিছিল তৰুণ বেটাৰ শুভমন গিলে ৷ আইপিএলৰ কাইলৈ ফাইনেলত নমাৰ পূর্বে তেওঁৰ মূৰতেই থাকিব কমলা টুপী ৷ এই পর্যন্ত সর্বাধিক ৰান আহিছে গিলৰ বেটৰ পৰাই৷ আনহাতে, বেঙুনীয়া টুপী আছে মহম্মদ ছামিৰ দখলত ৷ দুয়োগৰাকী ক্রিকেটাৰেই গুজৰাট দলৰ ৷ দল দুটা মুখামুখি হোৱা দ্বিতীয়খন মেচতো ঋতুৰাজে সর্বাধিক ৬০ ৰান কৰিছিল ৷ আনহাতে, গুজৰাটৰ হৈ ৪২ ৰান কৰিছিল শুভমনে ৷ কাইলৈ ফাইনেল মেচখন হ’ব পাৰে মহেন্দ্র সিং ধোনীৰ আইপিএলৰ অন্তিম মেচ ৷ সেয়া হ’লে চেন্নায়ে ট্রফী অর্জন কৰি ধোনীৰ বিদায় স্মৰণীয় কৰি ৰাখিব বিচাৰিব ৷ অৱশ্যে ইয়াৰ বাবে গুজৰাটৰ বিপক্ষে কঠিন প্রতিদ্বন্দ্বিতাৰ মুখামুখি হ’ব চেন্নাই ৷ ফাইনেলৰ পূর্বে কোনো এটা দলকেই ফেভাৰিট হিচাপে ৰখা নাই বিশেষজ্ঞসকলে ৷

Featured