হূদৰোগত আক্রান্ত হৈ ডীন জ’নছৰ আকস্মিক মৃত্যু

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ অষ্ট্রেলিয়াৰ একালৰ আক্রমণাত্মক বেটছমেন তথা সাম্প্রতিক বিশ্ব ক্রিকেটৰ অন্যতম জনপ্রিয় ধাৰাভাষ্যকাৰ ডীন জ’নছ আৰু নাই৷ ইউনাইটেড আৰব এমিৰেটছত চলি থকা আই পি এলৰ ধাৰা বিৱৰণীৰ বাবে সম্প্রতি মুম্বাইত থকা জ’নছে  দুপৰীয়া হঠাতে হূদৰোগত আক্রান্ত হৈ আকস্মিক মৃত্যুক সাবটি লয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ৷ ১৯৮৪ৰ পৰা ১৯৯২ৰ সময়ছোৱাত অষ্ট্রেলিয়াৰ হৈ ৫২খন টেষ্ট খেলি ১১টা শতকসহ মুঠ ৩৬৩১ ৰান সংগ্রহ কৰা প্রাক্তন ক্রিকেটাৰগৰাকীয়ে মৃত্যুৰ আগমুহূর্তলৈ সম্পূর্ণৰূপে সুস্থ হৈ আছিল৷

দক্ষিণ মুম্বাইস্থিত এখন হোটেলৰ কৰিড’ৰত সতীর্থৰ সৈতে কথা পাতি থকাৰ সময়তে তেওঁ হঠাতে হূদৰোগত আক্রান্ত হৈ ঢ়লি পৰে৷ ইয়াৰ পিছতে তেওঁক চহৰখনৰ এখন ব্যক্তিগত হাস্পতালত ভর্তি কৰোৱা হয় যদিও চিকিৎসকে ডীন জ’নছক মৃত বুলি ঘোষণা কৰে৷ উল্লেখ্য যে আজি পুৱা প্রায় ১১ বজাত পুৱাৰ আহাৰ গ্রহণ কৰি তেওঁ আই পি এলৰ সম্প্রচাৰৰ বাবে ষ্টাৰ স্প’টছৰ এক অনুষ্ঠানত উপস্থিত আছিল৷ ১৯৮৬ৰ ভাৰত ভ্রমণৰ সময়ত মাদ্রাজ টেষ্টত তেওঁ খেলা ২১০ ৰানৰ ইনিংছটো ভাৰতৰ মাটিত অষ্ট্রেলিয়ান খেলুৱৈ হিচাপে সংগ্রহ কৰা সর্বাধিক ৰানৰ ইনিংছ আছিল৷

টেষ্টৰ সমান্তৰালকৈ এদিনীয়া ক্রিকেটতো দীর্ঘদিন ধৰি অষ্ট্রেলিয়া দলৰ হৈ খেলা ডীন জ’নছে ১৬৪খন মেচত ৬০৬৮ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ মৃত্যুত টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি, প্রাক্তন ক্রিকেটাৰ, শচীন তেণ্ডুলকাৰ, বীৰেন্দ্র সেৱাগ, ইৰফান পাঠানে গভীৰ শোক প্রকাশ কৰিছে৷ জ’নছৰ সৈতে ষ্টাৰ স্প’টছৰ ষ্টুডি’ত একেলগে ধাৰা বিৱৰণীৰ দায়িত্ব পালন কৰা ইৰফান পাঠানে এক শোকবার্তাত কয় যে ৰাতিপুৱালৈ সম্পূর্ণ সুস্থ থকা জ’নছক হেৰুৱাই তেওঁ হতচকিত হৈ পৰিছে৷