কোহলিয়ে টেষ্টত নেতৃত্ব ত্যাগ কৰা উচিত!

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ অষ্ট্রেলিয়াক ঘৰৰ মাটিত হৰুৱাই ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰা আজিংক্য ৰাহানেক টীম ইণ্ডিয়াৰ টেষ্ট দলৰ নেতৃত্ব অর্পণ কৰা উচিত৷ নিয়মীয়া অধিনায়ক বিৰাট কোহলিয়ে এই কথা উপলব্ধি কৰি নিজেই টেষ্টৰ নেতৃত্ব ত্যাগ কৰি ৰাহানেক দায়িত্ব দিব লাগে৷ এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে ভাৰতৰ একালৰ কিংবদন্তি বাঁওহতীয়া স্পিনাৰ বিষেণ সিং বেদীয়ে৷

‘অষ্ট্রেলিয়া ভ্রমণৰ অন্তিম তিনিখন টেষ্টত মই ৰাহানেৰ নেতৃত্ব সূক্ষ্মভাৱে পর্যবেক্ষণ কৰিছোঁ৷ খেলপথাৰত বলাৰক তেওঁ যি ধৰণে ব্যৱহাৰ কৰিছে তাৰ পৰাই প্রমাণ হয় তেওঁৰ নেতৃত্বৰ দক্ষতা৷ প্রায় আটাইকেইগৰাকী খেলুৱৈ আঘাতপ্রাপ্ত হোৱাৰ পিছত এচাম নতুন খেলুৱৈক লৈ তেওঁ দলটোক যি ধৰণে আগুৱাই নিছিল, সেয়া সঁচাকৈয়ে অতুলনীয়৷ তেওঁৰ এই বিচক্ষণ নেতৃত্ব দেখি মোৰ টাইগাৰ পাটাউডীলৈ মনত পৰিছে৷ আমি খেলাৰ সময়ত পাটাউডীৰ নেতৃত্বই ভাৰতীয় ক্রিকেটক এক নতুন গতি প্রদান কৰিছিল৷ মই ভাবোঁ যে বিৰাট কোহলিয়ে বেটিঙত অধিক মনোনিৱেশ কৰিবলৈ টেষ্টৰ নেতৃত্ব ৰাহানেৰ কান্ধত অর্পণ কৰা উচিত৷ তেতিয়া দলৰ লগতে কোহলিও উপকৃত হ’ব৷’ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে এইদৰে কয়৷

ভাৰতক ২২খন টেষ্টত নেতৃত্ব দিয়া বিষেণ সিং বেদীয়ে লগতে কয় যে ক্রিকেটাৰৰ অত্যধিক বোজাৰ প্রতি লক্ষ্য ৰাখি প্রতিটো সংস্কৰণৰ বাবে পৃথক অধিনায়কৰ প্রয়োজন আহি পৰিছে৷ কোহলিক এদিনীয়া, ৰোহিত শর্মাক টি–২০ আৰু ৰাহানেক টেষ্ট দলৰ নেতৃত্ব দিয়াটো এতিয়া সময়ৰ আহ্বান হৈ পৰিছে বুলিও একালৰ কিংবদন্তি স্পিনাৰগৰাকীয়ে উল্লেখ কৰে৷

উল্লেখ্য যে নিয়মীয়া অধিনায়ক কোহলিৰ অনুপস্থিতিত টীম ইণ্ডিয়াই অষ্ট্রেলিয়াৰ মাটিত অবিশ্বাস্য প্রদর্শনেৰে ঐতিহাসিক শৃংখলা জয় কৰাৰ পিছত অধিনায়ক ৰাহানেৰ নেতৃত্বৰ দক্ষতাক ক্রিকেট মহলে একমুখে স্বীকাৰ কৰিছে৷