মহিলা বিশ্ব বক্সিঙলৈ লাভলীনা

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ  টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয় কৰি ইতিহাস ৰচনা কৰা অসম কন্যা লাভলীনা বৰগোহাঁইৰ লগতে অসমৰে আন এগৰাকী প্রতিভাৱান বক্সাৰ অংকুশিতা বড়োৱে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্রতিনিধিত্ব কৰিব৷ অহা মে’ মাহত ইস্তানবুলত হ’বলগীয়া প্রতিযোগিতাখনৰ ৭০ কেজি শাখাত লাভলীনাই প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ লাভলীনাৰ উপৰি তাৰকা বক্সাৰ নিখট জাৰিন আৰু পূজা ৰাণীয়েও বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলটোত স্থান লাভ কৰিছে৷

উল্লেখ্য যে টকিঅ’ অলিম্পিকৰ ৬৯ কেজি শাখাত ব্রঞ্জৰ পদক জয় কৰাৰ পিছত অসম কন্যা লাভলীনাৰ এয়া হ’ব প্রথমখন বক্সিং প্রতিযোগিতা৷ লাভলীনা, নিখট আৰু পূজাৰ উপৰি নিতু, অনামিকা, শিক্ষা, মনীষা, জেছমিন, প্রবীণ, অংকুশিতা বড়ো, ছুইটী বৰা আৰু নন্দিনীয়ে বিশ্ব বক্সিং চেম্পিয়নশ্বিপখনত ভাৰতীয় দলটোক প্রতিনিধিত্ব কৰিব৷ উল্লেখ্য যে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপখন ৬–২১ মে’লৈ ইস্তানবুলত অনুষ্ঠিত হ’ব৷