সময়ৰ আগতেই ইমান কোটি টকাৰ এডভান্স টেক্স দিলে মহেন্দ্ৰ সিং ধোনীয়ে!

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী কেৱল খেলৰ ক্ষেত্ৰতে নহয়, ধনৰ ক্ষেত্ৰতো শ্ৰেষ্ঠ ফিনিছাৰ। কিয়নো সময়তকৈ আগতেই এম এছ ধোনীয়ে পৰিশোধ কৰে আয়কৰ।

মহেন্দ্ৰ সিং ধোনীয়ে চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধ অৰ্থাৎ ২০২২ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে আয়কৰ বিভাগত অগ্ৰিম কৰ হিচাপে ১৭ কোটি টকা জমা কৰিছে। যোৱা বিত্তীয় বৰ্ষত তেওঁ এই সময়ছোৱাৰ বাবে ১৩ কোটি টকা এডভান্স টেক্স হিচাপে দিছিল। অনুমান কৰা হৈছে যে এই বিত্তীয় বৰ্ষৰ শেষলৈকে তেওঁলোকৰ আয় প্ৰায় ত্ৰিশ শতাংশ বৃদ্ধি পাব।

উল্লেখ্য যে ২০২১-২২ বৰ্ষৰ বাবে তেওঁ আয়কৰ বিভাগক ৩৮ কোটি টকা কৰ হিচাপে দিছিল। অৰ্থাৎ এই বছৰ তেওঁৰ মুঠ আয় আছিল প্ৰায় ১৩০ কোটি। ইয়াৰ আগতে অৰ্থাৎ ২০২০-২১ চনত তেওঁ প্ৰায় ৩০ কোটি কৰ দিছিল। ইপিনে আয়কৰ বিভাগৰ তথ্য অনুসৰি ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে ঝাৰখণ্ডৰ ব্যক্তিগত শাখাত সৰ্ববৃহৎ আয়কৰদাতা হিচাপে পৰিগণিত হৈছে।