অলিম্পিকগামী এথলিটক শীঘ্রে দিয়া হ’ব ক’ভিড ভেকচিন

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ ক’ভিড যোদ্ধাৰ টিকাকৰণ প্রক্রিয়া সমাপ্ত হোৱাৰ পিছতে ট’কি’ অলিম্পিকগামী দেশৰ এথলিটসকলক ক’ভিড ভেকচিন দিয়া হ’ব৷ কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে আজি এই কথা ঘোষণা কৰে৷ ‘আমাৰ এথলিটসকলক ক’ভিড টিকাকৰণেৰে সুৰক্ষিত কৰিবলৈ আমি স্বাস্থ্য মন্ত্রালয়ক অনুৰোধ জনাইছোঁ৷ অলিম্পিকলৈ যিহেতু কিছু সময় বাকী আছে, সেয়ে পৰৱর্তী পর্যায়ত অলিম্পিকত অংশ ল’বলগীয়া দেশৰ এথলিটসকলক ক’ভিডৰ ভেকচিন দিয়া হ’ব৷ এই সন্দর্ভত আমি সকলো বিভাগীয় কর্তৃপক্ষৰ সৈতে আলোচনা অব্যাহত ৰাখিছোঁ৷’ –ক্রীড়ামন্ত্রী ৰিজিজুৱে এইদৰে কয়৷

ইফালে, বুধবাৰৰ পৰা আহমেদাবাদৰ চর্দাৰ পেটেল ষ্টেডিয়ামৰ শুভাৰম্ভ অনুষ্ঠানত ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ সৈতে তেওঁ উপস্থিত থাকিব বুলি কেন্দ্রীয় ক্রীড়ামন্ত্রী ৰিজিজুৱে জানিবলৈ দিয়ে৷