কোহলিৰ স্থান পূৰাব পাৰিব ৰাহুলেঃ হৰভজন

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক টেষ্ট শৃংখলাৰ অন্তিম তিনিখন মেচত অধিনায়ক বিৰাট কোহলিৰ স্থান পূৰাব পাৰিব প্রতিভাৱান বেটছমেন লোকেশ ৰাহুলে৷ সদ্যসমাপ্ত আই পি এলত দুর্দান্ত বেটিঙেৰে উজলি উঠা ৰাহুলক এগৰাকী উন্নতমানৰ বেটছমেন আখ্যা দি এই মন্তব্য আগবঢ়াইছে ভাৰতৰ একালৰ তাৰকা অফ স্পিনাৰ হৰভজন সিঙে৷

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে অধিনায়ক কোহলিৰ অনুপস্থিতিত ৰাহুলে ভাৰতীয় বেটিং লাইনআপত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰিব৷ অভিজ্ঞ বেটছমেন শ্বেতেশ্বৰ পূজাৰা, আজিংক্য ৰাহানে আৰু ৰোহিত শর্মাক ৰাহুলে যোগ্য সহযোগিতা আগবঢ়াবলৈ সক্ষম হ’ব৷ ৪০ বছৰীয়া প্রাক্তন ক্রিকেটাৰগৰাকীয়ে পুনৰ কয় যে ৰাহুলে যিহেতু যিকোনো স্থানত বেটিং কৰিব পাৰে, গতিকে তেওঁক কোহলিৰ অনুপস্থিতিত ৪ নম্বৰ স্থানত সুযোগ দিয়া উচিত৷

ইফালে, ৰোহিত শর্মাক পুনৰ এবাৰ অ’পেনাৰৰ দায়িত্ব অর্পণ কৰিব লাগে বুলিও টীম ইণ্ডিয়াৰ দলীয় মেনেজমেণ্টক আহ্বান জনাইছে ভাজ্জিয়ে৷ উল্লেখ্য যে অহা ১৭ ডিচেম্বৰৰ পৰা এডিলেইডত আৰম্ভ হ’বলগীয়া প্রথম টেষ্টৰ পিছতে প্রথমটো সন্তানক আদৰিবলৈ স্বদেশলৈ উভতি আহিব অধিনায়ক কোহলি৷