১৭ অনূর্ধ্ব মহিলা বিশ্বকাপ বাতিল

২০২২ত পুনৰ ভাৰতকে আয়োজনৰ দায়িত্ব ফিফাৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ ভাৰতত অনুষ্ঠিত হ’বলগীয়া ফিফা মহিলা ১৭ বছৰ অনূর্ধ্ব বিশ্বকাপ মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে বাতিল কৰা হৈছে৷ চলিত বর্ষৰ ২ৰ পৰা ২১ নৱেম্বৰলৈ ভাৰতৰ ৫খন চহৰত প্রতিযোগিতাখন আৰম্ভণিতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিডে সৃষ্টি কৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থাটোৱে অহা বর্ষৰ ফেব্রুৱাৰী–মার্চলৈ মহিলা বিশ্বকাপ পিছুৱাই দিছিল৷

কিন্তু ভাৰতত ক’ভিডৰ পৰিস্থিতি এতিয়াও উন্নত নোহোৱাত ফিফাই প্রতিযোগিতাখন সম্পূর্ণৰূপে বাতিলৰ সিদ্ধান্ত লয়৷ মঙলবাৰে নিশা ফিফাই এক বিবৃতিযোগে প্রকাশ কৰে যে ২০২১লৈ পিছুৱাই দিয়া ১৭ বছৰ অনূর্ধ্ব আৰু ২০ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ বাতিল কৰা হৈছে৷

উল্লেখ্য যে ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ ভাৰতত অনুষ্ঠিত হোৱাৰ বিপৰীতে ২০ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ ক’ষ্টাৰিকাত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ অৱশ্যে ফিফাই ২০২২ত প্রতিযোগিতা দুখন ভাৰত আৰু ক’ষ্টাৰিকাকে পুনৰ আয়োজনৰ দায়িত্ব অর্পণ কৰিছে৷