ফটকা কিমান ভয়ানক হ’ব পাৰে

-ডাঃ চন্দন বৰুৱা

২০১৮ চনৰ ২৩ অক্টোবৰত ছুপ্রিম ক’র্টে এটা নির্দেশযোগে আমাৰ দেশত মাত্র ‘গ্রীন ক্রেকাৰ’হে অনুমতি দিছে৷ এইবিধ ফট্কা আমাৰ দেশৰ বিজ্ঞানীসকলে তৈয়াৰ কৰি উলিয়াইছে৷ গ্রীন ক্রেকাৰত বিষাক্ত পদার্থ নাথাকে আৰু ই শব্দ প্রদূষণো নকৰে৷
দীপাৱলী পোহৰৰ উৎসৱ৷ এই উৎসৱত বিভিন্ন বস্তু, কাপোৰ, মিঠাই, সোণ–ৰূপৰ গহনা, চাকি আদি ক্রয় কৰাটো প্রচলিত নিয়ম৷ কিন্তু এই প্রচলিত নিয়মসমূহতকৈ আজিকালি মানুহে দামী ফট্কা ফুটাই এই উৎসৱ পালন কৰাত অধিক গুৰুত্ব দিছে৷ কিন্তু ফট্কাই মানুহৰ দেহৰ, প্রাকৃতিক পৰিৱেশ আৰু জীৱ–জন্তুৰ যে কিমান ক্ষতি কৰে, সেই কথা বহুতে নাজানে বা উপলব্ধি নকৰে৷ এই বিষয়ে সজাগতাৰ যথেষ্ট অভাৱ৷

ফটকা স্বাস্থ্যৰ বাবে খুব ক্ষতিকাৰকঃ
১৷ ফট্কাৰ পৰা নির্গত হোৱা বিষাক্ত গেছৰ ফলত বহু লোক শ্বাস–প্রশ্বাসজনিত ৰোগত ভুগিব পাৰে৷ হাপানী (এজমা)ৰ ৰোগীৰ বাবে ই অত্যন্ত ক্ষতিকাৰক৷ নিৰোগী মানুহেও ফট্কাৰ পৰা নির্গত হোৱা ধোঁৱাৰ ফলত নাকৰ এলার্জী, ব্রংকাইটিছ, হাপানী আদি ৰোগত ভুগিব পাৰে৷
২৷ মৃগী (এপিলেপছি) ৰোগীৰ ক্ষেত্রত ফট্কাৰ শব্দই ঘনে ঘনে কঁপনি (চিজাৰ) আনিব পাৰে৷
৩৷ খুব তাল মৰা শব্দই কাণৰ যথেষ্ট ক্ষতি কৰে৷ কাণৰ ভিতৰত শব্দ শুনি থকা, কাৰণ ভিতৰত ৰক্তক্ষৰণ, কাণৰ পর্দা ফাটি যোৱা পর্যন্ত হ’ব পাৰে৷ আইনমতে ১২৪ ডেচিবেলৰ শব্দ হোৱা ফট্কা বজাৰত নিষিদ্ধ৷ কাৰণ আমাৰ কাণেৰে ৮৫ ডেচিবেলৰ শব্দলৈকেহে সহ্য কৰিব পাৰে৷
৪৷ কেঁচুৱা, গর্ভৱতী মহিলা, বৃদ্ধ ব্যক্তি, হূদৰোগত ভুগি থকা ব্যক্তি, উচ্চ ৰক্তচাপ থকা ব্যক্তিৰ বাবে বিশেষ ক্ষতিকাৰক৷
৫৷ দীপাৱলীৰ নিশা ফটকাৰ দ্বাৰা পোৰা (বার্ন) হৈ চিকিৎসালয়সমূহত বহুসংখ্যক লোক ভর্তি হ’ব লগা হয়৷ তাৰ ভিতৰত ল’ৰা–ছোৱালীৰ সংখ্যা প্রাপ্তবয়স্কতকৈ ১১ গুণ বেছি৷
৬৷ ফটকা, বিশেষকৈ ৰকেটৰ ব্যৱহাৰে চকুৰ জখম কৰে৷ কেতিয়াবা তাৰ বাবে অন্ধ হ’ব লগা হয়৷
৭৷ তিৰবিৰাই জ্বলা ফট্কা যেনে– ফুলজাৰি, গছ আদিয়ে পিন্ধা কাপোৰ আৰু চুলিত জুই লগাব পাৰে৷

ফটকাই প্রাকৃতিক পৰিৱেশ ধ্বংস কৰেঃ
১৷ ফট্কাৰ পোহৰ আৰু শব্দই বতাহ প্রদূষণ কৰে৷
২৷ দীপাৱলীৰ পিছত সৃষ্টি হোৱা বহু পৰিমাণৰ আৱর্জনা (ৱেইষ্ট)ত কিছুমান বিষাক্ত ৰাসায়নিক দ্রব্য মিহলি হৈ থাকে, যিবোৰ মানুহ, জীৱ–জন্তু, উদ্ভিদ আৰু জলাশয়ৰ কাৰণে বিশেষ ক্ষতিকাৰক৷ এনে ৰাসায়নিক দ্রব্য মাটি আৰু পানীত মিহলি হৈ শাক–পাচলিৰ দ্বাৰা আমাৰ শৰীৰত প্রৱেশ কৰি নানা ৰোগৰ সৃষ্টি কৰে৷
৩৷ দীপাৱলীৰ পিছত বতাহৰ প্রদূষণ (এয়াৰ পলুচন) ৩০ শতাংশ বৃদ্ধি পায়৷ দিল্লী আদি ডাঙৰ চহৰবোৰত ই ৫০ শতাংশলৈ বৃদ্ধি হয়৷ বতাহৰ প্রদূষণে হাঁওফাঁওজনিত ৰোগৰ সৃষ্টি কৰে৷
৪৷ দেখা পোৱা গৈছে যে বতাহৰ প্রদূষণ বেছি থকা স্থানত বাস কৰা লোকৰ ক’ভিড–১৯ হ’লে, তেনে ব্যক্তিৰ অৱস্থা আনতকৈ গুৰুতৰ হয়৷ বতাহৰ প্রদূষণত ভাহি থকা কণিকাবোৰে ক’ভিড–১৯ৰ সংক্রমণো বৃদ্ধি কৰে৷
৫৷ ফট্কাৰ পৰা নির্গত হোৱা ধোঁৱাই যি কুঁৱলীৰ সৃষ্টি কৰে, তাৰ ফলত পথ দুর্ঘটনা বহুগুণে বৃদ্ধি পায়৷

ফটকাই জীৱ–জন্তুৰ ক্ষতি কৰেঃ
১৷ ফট্কাৰ শব্দত জীৱ–জন্তুৱে খুব ভয় খায়৷ জীৱ–জন্তুৰ কাণ খুব সংবেদনশীল বাবে ফট্কাৰ শব্দই শ্রৱণ যন্ত্রৰ স্থায়ী ক্ষতি কৰিব পাৰে৷ কুকুৰবিলাকে ফট্কাৰ শব্দলৈ খুব ভয় কৰে৷ এনে অৱস্থাত ভীতিগ্রস্ত হৈ কুকুৰে মানুহ কামুৰিব পাৰে৷ ৰাতি চৰাইবোৰ ফট্কাৰ শব্দত গছৰ পৰা উৰি যায় আৰু আঘাতপ্রাপ্ত হৈ মৃত্যু হয়৷

বিদেশত নির্মিত ফটকাঃ
বিদেশত নির্মিত ফট্কাৰ আমাৰ দেশত প্রচলন খুব বেছি৷ এনে ফট্কাবোৰত পটাছিয়াম ক্লৰেট নামৰ এবিধ ৰাসায়নিক দ্রব্য মিহলি হৈ থাকে, যি ফট্কাৰ উজ্জ্বলতা আৰু ৰং আনে৷ পটাছিয়াম ক্লৰেটৰ ব্যৱহাৰ আমাৰ দেশত নিষিদ্ধ৷ পটাছিয়াম ক্লৰেট ছাল, চকু আৰু শৰীৰৰ ভিতৰৰ অংগসমূহৰ বাবে বিষাক্ত দ্রব্য৷ ই বৃক্ক, হাঁওফাঁও, স্নায়ুতন্ত্র আৰু ৰক্তৰ ক্ষতি কৰে৷

ফটকা বর্জন কৰোঁ আহকঃ
গতিকে সকলো সচেতন নাগৰিকে আলোকসজ্জা, মিঠাই, শুকান ফল (ড্রাই ফ্রুইট) বিতৰণ, পৰিয়াল আৰু বন্ধু–বান্ধৱৰ লগত ভালকৈ এসাঁজ খোৱা আৰু ফট্কা বর্জন কৰি দীপাৱলীৰ আনন্দ উপভোগ কৰা উচিত৷ নিজৰ কষ্টৰে ঘটা ধন ফট্কাৰ নামত খৰচ নকৰি কোনো সামাজিক কামত ব্যৱহাৰ কৰি মনৰ যি সুখ আৰু আনন্দ পাব পাৰি, তাক হাজাৰটা ফট্কায়ো দিব নোৱাৰে৷ বিৰাট শব্দৰ ফট্কা ফুটাই নিজে আনন্দ লোৱাৰ সময়ত ওচৰ–চুবুৰীয়াৰ ঘৰত থকা কেঁচুৱা, গর্ভৱতী মহিলা, বৃদ্ধ, হূদৰোগী আৰু পৰীক্ষার্থীৰ যে কিমান ক্ষতি কৰিছে, সেই বিষয়ে এবাৰ হ’লেও চিন্তা কৰি চাওক৷

এটা ভাল খবৰঃ
পলুচন কণ্ট্ৰ’ল ব’ড, অসমে দীপাৱলীত ‘গ্রীন ক্রেকাৰ’ৰ বাহিৰে বাকী সকলো ফট্কা নিষিদ্ধ কৰিছে৷ দীপাৱলীৰ দিনা ৰাতি ৮টাৰ পৰা ১০টালৈকে আৰু বৰদিন আৰু নৱবর্ষত ৰাতি ১১.৫৫ৰ পৰা ১২.৩০লৈকে অকল গ্রীন ক্রেকাৰৰ অনুমতি দিছে৷
অৱশ্যে এই নিষেধাজ্ঞা কিমান কার্যকৰী হ’ব, সেই বিষয়ে পিছতহে গম পোৱা যাব৷