মানৱ দেহত কর্কটৰ পুনৰাবৃত্তি ৰোধৰ টেবলেট উদ্ভাৱন

🔹 মুম্বাইৰ টাটা ইনষ্টিটিউটৰ চিকিৎসকৰ বৃহৎ সফলতা
🔹 অগ্নাশয়–হাঁওফাঁও–মুখৰ কর্কট প্রতিৰোধৰ বাবে এই টেবলেট

বিশেষ বাৰ্তা, ২৯ ফেব্রুৱাৰী : কর্কট ৰোগীৰ বাবে আশাৰ খবৰ৷ চিকিৎসাৰ পিছত সুস্থ হৈ পুনৰ কর্কট ৰোগত আক্রান্ত হোৱা ৰোগীৰ বাবে এবিধ ঔষধ উদ্ভাৱন কৰিছে মুম্বাই টাটা ইনষ্টিটিউটে৷ কর্কট ৰোগৰ পুনৰাবৃত্তি প্রতিৰোধৰ বাবে উদ্ভাৱন কৰা ঔষধটো শীঘ্রেই বজাৰলৈ আহিব৷ এই ঔষধ তথা টেবলেটটোৰে অগ্নাশয়, হাঁওফাঁও আৰু মুখত হোৱা কর্কট ৰোগৰ পুনৰাবৃত্তি ৰোধ হ’ব৷ মুম্বাই টাটা ইনষ্টিটিউটৰ চিকিৎসক আৰু গৱেষকে প্রকাশ কৰা মতে, এই উদ্ভাৱিত টেবলেটটোৰে কর্কট ৰোগৰ পুনৰাবৃত্তি ৰোধ কৰাই নহয়, ৰেডিয়েচন আৰু কেম’থেৰাপী চিকিৎসাৰ পার্শ্বক্রিয়া ৫০ শতাংশ হ্রাস কৰিব৷ এন্দুৰৰ ওপৰত গৱেষণা চলাই মুম্বাই টাটা ইনষ্টিটিউটৰ গৱেষক আৰু চিকিৎসকে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ টাটা মেম’ৰিয়েল হাস্পতালৰ জ্যেষ্ঠ কর্কট বিশেষজ্ঞ আৰু গৱেষণাটোৰ অন্যতম সদস্য ডাঃ ৰাজেন্দ্র বাড়ভেই প্রকাশ কৰা মতে, ফুড ছেফ্টী এণ্ড ষ্টেণ্ডার্ডছ অথৰিটী অৱ ইণ্ডিয়া চমুকৈ এফ এছ এছ এ আয়ে অনুমোদন জনালে বজাৰত এই টেবলেটবিধ ১০০ টকা মূল্যতেই উপলব্ধ হ’ব৷ ঔষধবিধ উদ্ভাৱনৰ বাবে ব্যয় কৰা কোটি টকাৰ তুলনাত টেবলেটটোৰ মূল্য কম হ’ব৷ এন্দুৰৰ দেহত সম্পৰীক্ষা কৰি সফলতা দেখা গৱেষককেইজনে মানৱ দেহতো ই সফল হ’ব বুলি নিশ্চিত হৈছে৷ চিকিৎসকগৰাকীয়ে গৱেষণা সন্দর্ভত প্রকাশ কৰা মতে, গৱেষণাৰ সময়ত এন্দুৰৰ দেহত মানুহৰ কর্কট ৰোগৰ কোষ সুমুৱাই দিয়া হয়৷ তাৰ পিছত এন্দুৰৰ টিউমাৰ হয়৷ এই টিউমাৰত ৰেডিয়েচন থেৰাপী, কেম’থেৰাপী আৰু ছার্জাৰী কৰাৰ অন্তত কর্কটৰ কোষ মৃত অৱস্থাত পোৱা যায়৷ এই কোষবোৰ অতি ক্ষুদ্রতম ক্র’মাটিন কণিকালৈ ৰূপান্তৰিত হয়৷ এই কণিকাবোৰ ৰক্তপ্রৱাহৰ জৰিয়তে দেহৰ অন্য স্থানলৈ বিয়পি পৰে আৰু ই কর্কট ৰোগলৈ ৰূপান্তৰিত হয়৷ উদ্ভাৱিত টেবলেট ব্যৱহাৰ কৰাৰ পিছত এই কর্কট ৰোগ নিৰাময় হয়৷ আৰ প্লাছ চি ইউ হিচাপে নামকৰণ কৰা টেবলেটটোৱে পিছলৈ কর্কট ৰোগ প্রতিৰোধত সহায় কৰে৷ কার্যতঃ ই কর্কট ৰোগৰ পুনৰাবৃত্তি হোৱাত বাধা দিয়ে৷ মুম্বাইৰ টাটা ইনষ্টিটিউটৰ গৱেষক–চিকিৎসকৰ এই উদ্ভাৱন দুৰাৰোগ্য কর্কটৰ বাবে ইতিবাচক দিশ হ’ব৷

Featured