এন্টিবায়টিক ব্যৱহাৰৰ ক্ষেত্ৰত নতুন গাইড লাইন স্বাস্থ্য বিভাগৰ

🔹 এন্টিবায়টিকৰ সঘন ব্যৱহাৰে কঢ়িয়াইছে অশনি সংকেত

বিশেষ বাৰ্তা, ৩১ জানুৱাৰী : সাধাৰণ জ্বৰৰ পৰা বিভিন্ন সংক্ৰমণ প্ৰতিৰোধৰ বাবে একাংশই এন্টিবায়টিক সঘনাই ব্যৱহাৰ কৰি আহিছে যদিও এতিয়া এন্টিবায়টিক ব্যৱহাৰৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে নতুন গাইড লাইন প্ৰকাশ কৰিছে। এন্টিবায়টিক কেতিয়া খাব লাগে, ড’জ কিমান হ’ব, ১০ বছৰৰ পাছত ডক্তৰে শিশুৰ বাবে প্ৰেছক্ৰিপচনত কি ধৰণৰ এন্টিবায়টিক লিখিবলৈ বাছি ল’ব, চিকিৎসালয়ত থকা বৃদ্ধ বা গুৰুতৰভাৱে অসুস্থ ৰোগীৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেনেধৰণৰ এন্টিবায়টিক ব্যৱহাৰ কৰিব লাগে, সেই সম্পৰ্কে স্বাস্থ্য বিভাগে বিতং নিৰ্দেশনা প্ৰকাশ কৰিছে। ৯২ পৃষ্ঠাৰ এই গাইড লাইনত মৃদু জ্বৰৰ পৰা আৰম্ভ কৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যা, প্ৰদাহ, ছালৰ ৰোগ, পেটৰ সংক্ৰমণ আৰু মূৰৰ বিষ আদি সমস্যাৰ বাবে এন্টিবায়টিক নিদিয়াৰ পৰামৰ্শ দিয়া হৈছে। কোৱা হৈছে যে চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰসমূহেও এই নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিব লাগিব। অন্যথা কেতিয়াবা বিশেষজ্ঞই চিকিৎসালয়লৈ যাব, ৰোগীৰ প্ৰেছক্ৰিপচন চাব আৰু প্ৰয়োজন হ’লে চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। বিশেষজ্ঞসকলৰ মতে, সঘনাই এন্টিবায়টিক ব্যৱহাৰৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ধ্বংস হৈছে। তদুপৰি হৃদৰোগ বা ষ্ট্ৰোকৰ বাবে দীৰ্ঘদিন চিকিৎসালয়ত ভৰ্তি হোৱাৰ ফলত প্ৰায়ে চিকিৎসালয়ৰ পৰাই সংক্ৰমণ ঘটে। এই ধৰণৰ সংক্ৰমণ হাত ধোৱা, মাস্ক, গ্ল’ভছৰ দ্বাৰা প্ৰতিৰোধ কৰিব পাৰি। কিন্তু তাৰ পৰিৱৰ্তে ৰোগীক বিভিন্ন ধৰণৰ এন্টিবায়টিক দিয়া হয়। যিটো বহু ক্ষেত্ৰত মাৰাত্মক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে চিকিৎসকসকলক ৰোগীক এন্টিবায়টিক দিয়াৰ ক্ষেত্ৰত ঔষধবিধ দিয়াৰ কাৰণ দৰ্শাবলৈও নিৰ্দেশ দিছে। তদুপৰি ফাৰ্মাচিষ্টসকলক ডক্তৰৰ প্ৰেছক্ৰিপচন নোহোৱাকৈ এন্টিবায়টিক প্ৰদানৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে। ক্ৰমান্বয়ে ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস পাই অহাৰ বাবেই কেন্দ্ৰীয় স্বাস্থ্য বিভাগে এই নিৰ্দেশনা প্ৰকাশ কৰিছে।

Featured