শীতৰ লগে লগে আহিছে পানীলগা জ্বৰ… কি কৰিব

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ শীতৰ আগমনৰ লগে লগে আৰম্ভ হৈছে শীতজনিত এক ৰোগ পানীলগা। চাইনাছাইটিছৰ সমস্যা থকা লোকৰ বাবে ই আৰু অসহনীয় হোৱা দেখা গৈছে। বতৰৰ পৰিৱৰ্তনৰ এই সন্ধিক্ষণখিনিত সাৱধানে নাথাকিলে যিকোনো মানুহৰে হ’ব পাৰে পানীলগা, কাহ বা জ্বৰ। ইফালে আছে ক’ৰোনাৰ শীতল আতংক। এনে অৱস্থাত যদি আপুনিও পৰিছে এনে শীতকালীন অসহনীয় বেমাৰত, তেন্তে অৱলম্বন কৰক এই ঘৰুৱা উপায়।

পানীঃ শীতে আনে শুষ্কতা। সেয়ে শৰীৰত পানীৰ পৰিমাণ বজাই ৰাখিব লাগে। গৰম পানীৰ বাহিৰে কোনো পৰিস্থিতিতে ঠাণ্ডা পানী নাখাব। লগতে বিনা চেনি চাহ পান কৰক। ই শৰীৰৰ কফ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে।

হালধি আৰু আদাঃ হালধিত এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী গুণ থাকে। হালধি আৰু আদা গৰম পানীত মিহলাই খাব পাৰে। ইয়াৰ উপৰি এচামুচ মৌৰ লগত আদাৰ আধা চামুচ ৰস মিহলাই দিনত ২ বা ৩ বাৰ খালেও উপকাৰ লাভ কৰিব।

চুপঃ গৰম চুপ শীতৰ দিনত হোৱা পানীলগাৰ বাবে উপকাৰী। ঘৰতে এই চুপ বনাব পাৰে। কফ বাহিৰলৈ উলিয়াই দিয়াতো চুপে ভালেখিনি সহায় কৰিব পাৰে।

গ্ৰীন টীঃ এগিলাচ গৰম পানীত গ্ৰীন টী আৰু এচামুচ মৌ মিহলাই খালেও সকাহ পোৱা যায়।