পুৰুষৰ মাজত সঘনে বৃদ্ধি পাব ধৰিছে এই ৫টা ৰোগ… উপায় কি ?

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ সাধাৰণতে ৰোগৰ কোনো ভৱিদ্বাণী কৰিব পৰা নায়ায়। কিন্তু ইয়াৰ মাজতো সাধাৰণতে দেখা যায় যে কিছুমান ৰোগ বহুলভাৱে হয়। মুম্বাইৰ এগৰাকী চিকিৎসকে নিজ অভিজ্ঞতাৰ ভিত্তিত জনায় যে কেইটামান বেমাৰ পুৰুষৰ ক্ষেত্ৰত অধিক হোৱা দেখা গৈছে।

কি এই ৰোগ

ষ্ট্ৰেছঃ চিকিৎসকৰ মতে ষ্ট্ৰেছ সম্প্ৰতি এক এৰাব নোৱাৰা ৰোগ গৈ পৰিছে। ষ্ট্ৰেছত তুলনামূলকভাৱে মহিলাতকৈ পুৰুষ বেছি আক্ৰান্ত হয় আৰু ই অকল মানসিকতাকেই নহয় ক্ৰমান্বয়ে শাৰীৰিক দিশতো প্ৰভাৱ পেলায়।
নপুংসতাঃ ষ্ট্ৰেছৰ প্ৰভাৱত বেছিভাগ পুৰুষৰ ক্ষেত্ৰতে সমস্যা আহি পৰিছে নপুংসতাৰ ক্ষেত্ৰত। সাধাৰণতে লিংগ জঠৰতাৰো চিকাৰ হ’ব লগা হৈছে বহু পুৰুষ।
ৰক্ত চাপঃ ৰক্তচাপ এতিয়া যিকোনো বয়সতে হ’ব পাৰে। আজিৰ পৰা ১০-১৫ বছৰৰ আগৰ তুলনাত এতিয়া এই সমস্যা বৃদ্ধি হ’ব ধৰিছে। পুৰুষৰ ই যেন এক এৰাব নোৱাৰা ৰোগ হৈ পৰিছে।
প্ৰ’ষ্টেটজনিত সমস্যাঃ পুৰুষৰ ক্ষেত্ৰত প্ৰষ্টেটজনিত সমস্যা বৃদ্ধি হ’ব ধৰিছে। প্ৰষ্টেটৰ কৰ্কট বেছিভাগ পুৰুষৰ ক্ষেত্ৰতে দেখা দিব ধৰিছে। এই ৰোগ অতি লেহেমীয়া গতিত আগবাঢ়ে। চিকিৎসকৰ মতে ৪৫ বছৰৰ পিছত এগৰাকী পুৰুষে প্ৰষ্টেটৰ পৰীক্ষা কৰা উচিত।
ডায়েবেটিছঃ ডায়েবেটিছৰ সমস্যাও মহিলাৰ তুলনাত বৃদ্ধি পাই আছে পুৰুষৰ ক্ষেত্ৰত।

পুৰুষৰ এই সমস্যাবোৰৰ মূল কাৰণ ষ্ট্ৰেছ। ষ্ট্ৰেছক গ্ৰহণ নহয় বিদায় দিব পৰাৰ লগতে আছে এনে বেমাৰৰ সমিধান। ইয়াৰ পৰা মুক্তি পোৱাৰ উপায় হিচাপে চিকিৎসকৰ মতে, সময়ত খাদ্য খোৱাৰ উপৰি নিয়মিত স্বাস্থ্য চৰ্চা কৰা দৰকাৰ।