আপুনি জানেনে ‘দৈ’য়ে আপোনাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে?

 ভিটামিন-ডি সমৃদ্ধ দৈয়ে প্ৰাকৃতিকভাৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। প্ৰ’টিনযুক্ত খাদ্য হিচাবে পৰিচিত দৈ হজমশক্তি বৃদ্ধিতো সহায়ক।

সাধাৰণতে দৈৰ একাধিক স্বাস্থ্য উপকাৰিতা আছে, কিয়নো ইয়াত আমাৰ শৰীৰৰ প্ৰয়োজনীয় প্ৰায় সকলো পুষ্টি থাকে। আপোনাৰ দৈনিক কেলচিয়ামৰ প্ৰয়োজনীয়তাৰ ৪৯%, ফছফৰাছৰ ৩৮%, মেগনেছিয়ামৰ ১২% আৰু পটাছিয়ামৰ ১৮%ৰ বাবে মাত্ৰ একাপ ‘দৈ’য়ে পৰ্যাপ্ত হ’ব পাৰে।

‘দৈ’ত ভিটামিন B12 আৰু ৰাইবোফ্লেভিন থাকে, যি আপোনাক হৃদৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে। কেৱল এয়াই নহয়, ‘দৈ’য়ে আপোনাক যথেষ্ট পৰিমাণৰ প্ৰ’টিন প্ৰদান কৰে।

১. ই আপোনাৰ পাচন স্বাস্থ্য উন্নত কৰে
২.ই ওজন হ্ৰাস কৰাত সহায় কৰে
৩.দৈয়ে আপোনাৰ osteoporosisৰ আশংকা হ্ৰাস কৰিব পাৰে
৪. ই আপোনাৰ হৃদযন্ত্ৰৰ বাবেও উপকৃত
৫. ই আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে