কিতাপ আৰু লেখক - নিয়মীয়া বাৰ্তা

লখিমপুৰৰ নতুন সুৰ প্ৰকাশন পৰিষদৰ ২০২৬ বৰ্ষৰ বঁটা ঘোষণা
সাহিত্য চৰ্চাৰ জৰিয়তে সুস্থ পৰিৱেশ সৃষ্টি, সমাজ-জীৱনলৈ সৃজনশীলতাৰ জাগৰণ অনা আৰু সুস্থ জীৱনবোধ প্ৰতিষ্ঠাৰ বাবে দীৰ্ঘ সময়জুৰি কাম কৰি অহা উত্তৰ লখিমপুৰৰ গ্ৰন্থ-আলোচনী প্ৰকাশৰ অগ্ৰণী অনুষ্ঠান ‘নতুন সুৰ প্ৰকাশন পৰিষদ’-এ বিগত ২০০৬ চনৰ পৰা অসমীয়া সাহিত্য-সংস্কৃতি-সংবাদক্ষেত্ৰলৈ ইতিবাচক অৱদান আগবঢ়োৱা ব্যক্তিবিশেষক ‘সাহিত্যজ্যোতি’ আৰু ‘কথা-বৈভৱ’ বঁটা প্ৰদানেৰে সন্মানিত কৰি আহিছে৷

২০২৬ বৰ্ষৰ ‘সাহিত্যজ্যোতি’ বঁটাৰ বাবে ‘নতুন সুৰ প্ৰকাশন পৰিষদ’-এ বাস্তৱিক জীৱন-প্ৰবাহৰ লগতে ঐতিহাসিক চৰিত্ৰ আৰু ঐতিহ্য-সংস্কৃতিক সাহিত্যত তুলি ধৰা তথা ‘নাংফা’, ‘ভোক’, ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী’, ‘আপোনজনৰ ঠিকনা’ ‘সিহঁত’, ‘আংকুশ’, ‘কেম’ফ্লেজ’, ‘জলজ’ ইত্যাদি উপন্যাসৰ জৰিয়তে সুপ্ৰসিদ্ধি লাভ কৰা ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিক নিৰ্বাচন কৰিছে৷ তেওঁ সমাজ, প্ৰান্তীয় জনতাৰ প্ৰতি সততে সৰৱ আৰু দায়িত্বশীলভাৱে কাম কৰি থকাৰ বাবেও সুখ্যাতি অৰ্জন কৰিছে৷

আনহাতে বহু চৰ্চিত উপন্যাস ‘নয়নতৰাৰ পৃথিৱী’ৰ স্ৰষ্টা, ‘হৰদেং’ (উপন্যাস), Piyoli Phukan the son of soil শীৰ্ষক গবেষণা ধৰ্মী গ্ৰন্থৰ লেখিকা, কবি-আবৃত্তিকাৰ আশ্ৰৱিকা বৰালৈ আগবঢ়োৱা হৈছে ‘কথা-বৈভৱ’ বঁটা৷ বিষয়বস্তুৰ বলিষ্ঠ আৰু সুস্পষ্ট উপস্থাপনৰ বাবেই ৰূপহী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত আশ্ৰৱিকা বৰালৈ ‘কথা-বৈভৱ’ বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

এই দুইগৰাকী বিশিষ্ট সাহিত্যিকক আগন্তুক ২০২৬ বৰ্ষৰ এপ্ৰিল মাহত উত্তৰ লখিমপুৰত হ’ব লগা এক বিশেষ অনুষ্ঠানত বঁটা প্ৰদান কৰা হ’ব বুলি ‘নতুন সুৰ প্ৰকাশন পৰিষদ’ৰ সঞ্চালক জিতেন বৰুৱা আৰু উপদেষ্টাদ্বয় সঞ্জীৱ উপাধ্যায় আৰু অনিল শইকীয়াই সংবাদ মহলক অৱগত কৰিছে৷

বিশেষ বাৰ্তা, লখিমপুৰ, ৩১ ডিচেম্বৰ

The post লখিমপুৰৰ নতুন সুৰ প্ৰকাশন পৰিষদৰ ২০২৬ বৰ্ষৰ বঁটা ঘোষণা first appeared on নিয়মীয়া বাৰ্তা.

ড° অৰ্ণৱ নাৰায়ণ পাটোৱাৰীৰ ‘আমেৰিকা : অনুভৱৰ দিনলিপি’ৰ গ্ৰন্থ উন্মোচন
ৰহা মীন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃ্হত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত উন্মোচন কৰা হয় মীন মহাবিদ্যালয়ৰ মৎস্য সম্প্ৰসাৰণ, অর্থনীতি আৰু পৰিসংখ্যা বিভাগ সহকাৰী অধ্যাপক ড°অৰ্ণৱ নাৰায়ণ পাটোৱাৰীৰ ‘আমেৰিকা: অনুভৱৰ দিনলিপি’ শীৰ্ষক এখন ভ্ৰমণ কাহিনীৰ গ্ৰন্থ খন।

লেখকে ২০২১ চনত এটা প্ৰকল্পৰ কামত ছয় মাহ কটাইছিল আমেৰিকাত। বিদ্যায়তিক বৃত্তি লৈ অমেৰিকাৰ আাইডাহো বিশ্ববিদ্যালয়ত গবেষণাৰ বাবে কটোৱা সময়ত তেওঁ আমেৰিকাৰ দৰ্শনীয় স্থানসমূহৰ লগতে দেশখনৰ ঐশ্বৰ্য, প্ৰাচুৰ্য, প্ৰযুক্তিগত আধুনিকতা, শক্তিৰ গৰ্ব তথা বিশ্বৰ শীৰ্ষ দেশখনৰ অলেখ কথা-কাহিনী , চাক্ষুস  অভিজ্ঞতাৰ অনুভবেৰে প্ৰায় চাৰিশ পৃষ্ঠাৰ গ্ৰন্থখন লিখি উলিয়াইছে।

ইতিমধ্যে ড০ অৰ্ণৱ নাৰায়ন পাটোৱাৰীৰ বিভিন্ন সময়ত বাতৰি-কাকত, আলোচনী আাৰু সামাজিক মাধ্যমত বিভিন্ন লেখা প্ৰকাশ পাই আহিছে। আমেৰিকাৰ আইডাহো বিশ্ববিদ্যালয়ত  থকা সময়খিনিত লেখকে গবেষণা আৰু একেসময়তে মুখা-মুখী হোৱা বিচিত্ৰ অভিজ্ঞতাক খুউব পদ্ধতিগত ভাৱে পাঠকৰ মাজলৈ উলিয়াই দিছে।

গুৱাহাটীৰ ‘বৰ্ণ’ প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ শুভ উন্মোচনৰ বাবে আয়োজন কৰা অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে খ্যাতনামা ঔপন্যাসিক, লেখক জুৰী বৰা বৰগোহাঞিয়ে। ‘আমেৰিকা: অনুভৱৰ দিনলিপি’ উন্মোচন কৰি ঔপন্যাসিক গৰাকীয়ে কয়- গ্ৰন্থখন কেৱল এখন ভ্ৰমন কাহিনী নহয়। গ্ৰন্থ খন বিদ্যায়তিক বিভিন্ন অভিজ্ঞতাৰ সমলেৰেও সমৃদ্ধ। যিখন পঢ়িলে পাঠকে অন্য কিছু ভ্ৰমণ কাহিনীৰ পৰা পৃথক অনুভৱ কৰিব। আমাৰ অসমত জীৱনৰ শেষৰ সময়ছোৱাত ফুৰিবলৈ গৈ ভ্ৰমণকাহিনী লিখাৰ পৰম্পৰাৰ বিপৰীতে এইখন গ্ৰন্থ জীৱনৰ আদবয়সতে লিখা আৰু সেয়ে গ্ৰন্থখন কেৱল ভ্ৰমণ কাহিনী হিচাপে পঢ়াতকৈ অন্য কিছু দিশৰ পৰা চাব পাৰি বুলি মন্তব্য কৰি জুৰী বৰা বৰগোহাঞিয়ে গ্ৰন্থখন সকলো পাঠকৰ বাবে গুৰুত্ব্পূৰ্ণ হ’ব বুলি আাশাপ্ৰকাশ কৰে।

ৰহা মীন মহাবিদ্যাল্যৰ বিজ্ঞান গুৰু ড০ প্ৰদীপ চন্দ্ৰ ভূঞাই আদৰণি ভাষণ ৰখা অনুষ্ঠানটোত  বিশিষ্ট লেখক-ভ্ৰমণকাৰী, চাবুৱাৰ ডি ডি আৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক লক্ষীনন্দন বৰগোহাঞিয়ে উপন্যাসৰ পিছতে ভ্ৰমণ কাহিনীৰ পাঠকৰ মাজত যথেষ্ট জনপ্ৰিয়তা থাকে বুলি উল্লেখ কৰি আমেৰিকাৰ অৰ্থনীতি, সংস্কৃতি, শক্তি আদি সকলো সামৰি লিখা চাৰিশ পৃষ্ঠাৰ এই  গ্ৰন্থখনৰ পৰা আমি বহু নতুন কথা জানিব পাৰিম বুলি কয়। উন্মোচনী অনুষ্ঠানত ৰহা মীন মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰাধ্যাপক ড০ কমলেশ্বৰ কলিতা, মহাবিদ্যালয় শিক্ষক সন্থাৰ সভাপতি ড: সাৰদা কান্ত ভাগৱতীয়েও বক্তব্য আগবঢ়ায়।

লীনা শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত লেখক পাটোৱাৰীয়ে আমেৰিকা ভ্ৰমণৰ অভিজ্ঞতাৰ অনুভৱ ব্যক্ত কৰে। অনুষ্ঠানত  মীন মহাবিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰীৰ লগতে লেখকৰ পিতৃ-মাতৃ, পত্নী তথা অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া শৰ্মিষ্ঠা নেওগ আদিৰ ওপৰিও কেবাগৰাকীও বিশিষ্ট ব্যক্তি ,সাংবাদিক আদি উপস্থিত  থাকে।

নিয়মীয়া বাৰ্তা, ৰহা, ২৭ ডিচেম্বৰ

The post ড° অৰ্ণৱ নাৰায়ণ পাটোৱাৰীৰ ‘আমেৰিকা : অনুভৱৰ দিনলিপি’ৰ গ্ৰন্থ উন্মোচন first appeared on নিয়মীয়া বাৰ্তা.

ব্যক্তিগত-নৈৰ্ব্যক্তিকত হোমেন বৰগোহাঞি
–নীলিম আকাশ কাশ্যপ

‘‘দেৱদাসে পাহৰিব পৰা নাছিল পাৰোক৷ পাৰোই পাৰিছিল জানো? দেৱদাস দুখী হৈছিল পাৰোৰ অৱৰ্তমানত? প্ৰেমিকক হেৰুৱাই পাৰো সুখী হৈছিল জানো? শিৰত পতিৰ নামৰ সেন্দূৰ লৈও কলিজাত প্ৰেমিকক ৰখাটো জানো উজু? কেনেকৈনো কম দেৱদাসতকৈ পাৰোৰ দুখচ বেছিহে নহয়নে!’’

বৰগোহাঞি ছাৰক কৈছিলোঁ৷ ছাৰে মন দি শুনিছিল আমাৰ কথাখিনি— চকুত চকু থৈ— একেথিৰে৷ কথা কৈ থকা বৰেণ্য সাহিত্যিকগৰাকীৰ চকুহাললৈ চাই কৈ গৈছিলোঁ কথাকেইষাৰ৷

হোমেন বৰগোহাঞি ৰচিত অন্তিমটো গল্প ‘গৰখীয়া’ৰ আধাৰত আমি লিখা আৰু ‘বনলতা’ই প্ৰকাশ কৰা উপন্যাস ‘জোনাকৰ পখী উৰে’ৰ বেটুপাত চাবৰ পৰত জীৱন্ত কিংবদন্তিগৰাকীয়ে কথা প্ৰসংগত সুধিছিল পৰৱৰ্তী উপন্যাসৰ পৰিকল্পনা সন্দৰ্ভত৷

দুটামান পৰিকল্পনা জনাইছিলোঁ— তাৰে যিটো পৰিকল্পনাক ছাৰে খুব আগ্ৰহেৰে শুনি ‘বৰ ধুনীয়া হ’ব বুলি ভাবিছোঁ’ বুলি কৈছিল, সেই পৰিকল্পিত উপন্যাসখন অতিশেহতীয়াকৈ প্ৰকাশ পাইছে৷ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান ‘বনলতা’ই প্ৰকাশ কৰা উপন্যাসখনৰ শিৰোনাম ‘পাৰো’৷

এটা চিৰসেউজ প্ৰেম গাঁথাৰ জুমুঠিত অন্য এটা প্ৰেম কাহিনীৰে ৰচিত ‘পাৰো’ শীৰ্ষক তেতিয়ালৈ অপ্ৰকাশিত উপন্যাসখনৰ পৰিকল্পিত বিষয়বস্তুৰ বিষয়ে বিতংকৈ কোৱাৰ পিছত বৰগোহাঞি ছাৰে কৈছিল, ‘তুমি লিখা, পঢ়িবলৈ মোৰ এতিয়াই মন গৈছে৷’

‘পাৰো’ নামৰ সেই উপন্যাসখন প্ৰকাশ হ’ল, ‘পাৰো’ৰ পাছত ‘লাজ, ‘পৰশু-ৰাম’, ‘ৰ’দৰ খিৰিকী-বৰষুণৰ গান’ৰ উপৰি শেহতীয়াকৈ ‘চক্ৰবেহু’ প্ৰকাশ হোৱাৰ উপৰি এই লেখা লিখি থকাৰ সাদিনমানৰ ভিতৰতে ‘উঠা-জাগা-সাৰ পোৱা’ আৰু ‘Tempest Over Brahmaputra’ শীৰ্ষক উপন্যাস দুখনো হয়তো প্ৰকাশ হ’ব— কিন্তু ‘পাৰো’ৰ কপী এটা দিম বুলি কথা দি ৰাখিবলৈ যে বৰগোহাঞি ছাৰেই আজি নাই আমাৰ মাজত— কায়িকভাৱে। অন্যকেইখনৰ ক্ষেত্ৰতো একেই!

কথাখিনি ব্যক্তিগত— কিন্তু নৈৰ্ব্যক্তিকো! নহয়নে? আমাৰ দৰে সাহিত্য সাধনা কৰিবলৈ আৰম্ভ কৰা, শব্দৰে কথা ক’বলৈ শিকি থকা এজন ন-শিকাৰুৰ সপোনক আপদাল কৰি দিঠক হ’বলৈ দিয়াৰোপৰি সেই সময়তে স্বেচ্চাই আৰু অত্যন্ত আগ্ৰহেৰে আমাৰ একাধিক উপন্যাসৰ পৰিকল্পনাৰ বিষয়ে ছাৰে যিদৰে শুনিছিল, শুনি যিদৰে ‘পঢ়িবৰ মন গৈছে’ বুলি কৈছিল— তেনে মন্তব্যয়েই অনেক তৰুণক সৃষ্টিৰ স্বপ্নময় বাটেৰে অধিক দূৰন্ত গতিৰে আৰু অধিক সাধনাৰ আগ্ৰহেৰে লিখি যাবলৈ প্ৰেৰণা নিদিয়েনে?

তেনে প্ৰেৰণা আমি বৰগোহাঞি ছাৰৰ নিচিনা যদি অনেক প্ৰবীণৰ পৰা পাওঁ— সিয়ে বহুসংখ্যক নবীনক শব্দৰ আখৰাৰ বাবে উদ্বুদ্ধ নকৰিবনে— যিয়ে হয়তোবা প্ৰকাৰান্তৰে সম্ভাৱনাৰ ৰেঙণি কঢ়িয়াব আমাৰ সাহিত্য ক্ষেত্ৰলৈয়ে৷

ফোন : ৭৬৬৩৯ ৫৭৫০০

The post ব্যক্তিগত-নৈৰ্ব্যক্তিকত হোমেন বৰগোহাঞি first appeared on নিয়মীয়া বাৰ্তা.

পুথি পৰিচয় : সঞ্চয়িতা
অমল ভাগৱতী

লেখক-অনুবাদক গিৰীশ চন্দ্ৰ ফুকনে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কালজয়ী কাব্যগ্ৰন্থ ‘সঞ্চয়িতা’ৰ কেইটামান কবিতা অসমীয়ালৈ অনুবাদ কৰি একেটা নামেৰে শেহতীয়াকৈ এখন গ্ৰন্থ প্ৰণয়ন কৰিছে। জে এছ পাব্লিকেশ্বনছ (জাতীয় সাহিত্য প্ৰকাশন)ৰ হৈ গ্ৰন্থখন প্ৰকাশ কৰিছে প্ৰণৱ হাজৰিকাই। প্ৰচ্ছদ সজাইছে পংকজ পৰাণে।

মূল ‘সঞ্চ‌য়িতা’ত মুঠ ৫৫৬ পৃষ্ঠা আছে আৰু তাত প্ৰায় ৫০০ কবিতা সন্নিহিত কৰা হৈছে। ফুকনে ইয়াৰে স্বনিৰ্বাচিত ৫৪টা কবিতা অসমীয়ালৈ অনুবাদ কৰি তেওঁৰ গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰিছে। গ্ৰন্থখনৰ প্ৰতিটো অনূদিত কবিতাৰ আগত মূল বাংলা কবিতাটো দিয়া হৈছে।

ফুকনে কবিতাসমূহৰ মূলভাব বিঘ্নিত নোহোৱাকৈ যিমান দূৰ সম্ভৱ যথাযথভাৱে অনুবাদ কৰাৰ প্ৰয়াস কৰিছে। যদিও ফুকনে মূল ‘সঞ্চয়িতা’ৰ পৰা নিৰ্বাচিত কেইটিমান কবিতাহে অনুবাদ কৰি তেওঁৰ গ্ৰন্থখন প্ৰণয়ন কৰিছে, তথাপি এই সীমিতসংখ্যক কবিতাতে কবিগুৰুৰ চিন্তা তথা অনুভৱৰ বিস্তৃতি তথা বৈচিত্ৰ্যৰ নান্দনিক প্ৰকাশ ঘটিছে। কবিগুৰুৰ জীৱন আৰু জগত সম্পৰ্কে ধাৰণা, স্বদেশপ্ৰীতি, প্ৰেমৰ অনুভৱ ইত্যাদি বিভিন্ন বিষয়ৰ অৱতাৰণা কৰা হৈছে কবিতাসমূহত।

‘সঞ্চয়িতা’ৰ কবিতাত কবিৰ মানৱ প্ৰেমৰ সুন্দৰ প্ৰকাশ ঘটিছে। ‘প্ৰাণ’ শীৰ্ষক কবিতাটিত কবিয়ে লিখিছে— “মৰিতে চাই না আমি সুন্দৰ ভুবনে/মানবেৰ মাঝে আমি বাঁচিবাৰে চাই/এই সূৰ্যকৰে‌এই পুষ্পিত কাননে/জীবন্ত হৃদয়-মাঝে যদি স্থান পাই!” তাৎপৰ্যপূৰ্ণভাৱে,‌ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতটো ‘সঞ্চয়িতা’ত লিপিবদ্ধ হৈ আছে।

কাব্যগ্ৰন্থখনৰ ‘ভাৰত বিধাতা’ শীৰ্ষক কবিতাটোৰ আৰম্ভণিৰ একাংশ হিচাপে ৰাষ্ট্ৰীয়‌সংগীতটো পোৱা যায়। গ্ৰন্থখনৰ কেইবাটাও কবিতাত কবিৰ প্ৰগতিবাদী মানসিকতাৰ আভাস পোৱা যায়। ‘প্ৰাচীন’ শীৰ্ষক কবিতাটোত কবিয়ে লিখিছে— “ই‌য়াৰ পৰা আঁতৰি যোৱা প্ৰাচীন/ই‌য়াত নতুন খেলা হৈছে আৰম্ভ।/আকৌ বাজিছে বাঁহী, আকৌ উঠিছে হাঁহি/বসন্তৰ বতাহ বলিছে।” তেওঁৰ মৃত্যু-চেতনাৰ সম্ভেদ পোৱা যায় একাধিক কবিতাত; ‘অতিথি’ শীৰ্ষক কবিতাটোত লিখিছে এনেদৰে—“বাকী আছে কেৱল আহিবলৈ আৰু এজন অতিথি,/তেওঁৰ সৈতে শেষ পৰিচয়।/তেওঁ আহি প্ৰদীপ নুমাই দিব এদিন,/তুলি ল’ব মোক ৰথত—/লৈ যাব মোক ঘৰৰ পৰা কোন গৃহহীন/গ্ৰহ তাৰকাৰ পথত।।” দুই-এটি কবিতাত ৰমন্যাসিক ভাবৰ আভাস পোৱা যায়।

‘মানসী’ শিৰোনামৰ কবিতাটিত লিখিছে—“সিন্ধুৰ পৰা মুকুতা আহে,খনিৰ পৰা সোণ,/বসন্তৰ ফুলনিৰ পৰা আহে কুঁকি ভৰা ফুল,/চৰণ ৰঙা কৰিবলৈ পতংগই দিয়ে তাৰ প্ৰাণ।/লাজ দিয়ে, বেশ-ভূষা দিয়ে, দিয়ে আৱৰণ,/তোমাক দুৰ্লভ কৰি কৰিছে গোপন।/পৰিছে তোমাৰ পাছত উজ্জ্বল বাসনা—/আধা মানৱী তুমি আধা কল্পনা।” ‌ ফুকনে ‘সঞ্চয়িতা’ৰ এমুঠি কবিতা অনুবাদ কৰি এটি মহৎ কৰ্ম‌সম্পাদন কৰা বুলি ক’ব পাৰি।

তেওঁ ইতিপূৰ্বে দেশ-বিদেশৰ কেইবাগৰাকী প্ৰথিতযশা কবিৰ কবিতা অসমীয়ালৈ অনুবাদ কৰিছে। তেওঁৰ কাব্যানুবাদ অব্যাহত থাকিব বুলি আশা কৰিলোঁ।

The post পুথি পৰিচয় : সঞ্চয়িতা first appeared on নিয়মীয়া বাৰ্তা.

ৰামধেনুৰ অসমীয়া কবিতা : পাঠ আৰু পাঠকচিত্ত
ড০ দুলাল হাজৰিকা

গ্ৰন্থ একোখন পঠনযোগ্যতা(readability),পাঠ (text) আৰু ইয়ে দিয়া বোধ (understanding)ৰ সমন্বয়ত উজলি উঠে। পাঠ আৰু পাঠকচিত্তৰ ধাৰণাত যিদৰে মূল্য চেতনা আৰু শিল্প চেতনাৰ প্ৰাসংগিকতা আছে, একেদৰে এই দুয়োটা চেতনাৰ নিৰ্মিতিত চিত্তক পতিয়ন নিয়াব পৰা উপলব্ধিৰো এক পৰিক্ষেত্ৰ থাকে। এখন গ্ৰন্থৰ দৃশ্য অস্তিত্ব হৈছে পাঠ আৰু যথাৰ্থ অস্তিত্ব হৈছে পাঠকচিত্ত। এয়া গ্ৰন্থ এখনৰ কলাত্মক সবলতা কিম্বা দূৰ্বলতা বুলি কব নোৱাৰি, সমকালীন দ্বন্দ্ববোৰ চৰিত্ৰত থাকিব, পাঠতো পাঠকে বিচাৰিব, কিন্তু সমকালীন ইতিহাস বা সমাজ চেতনাৰ অভাৱত পাঠ আৰু পাঠকচিত্তৰ দূৰত্ব বঢ়াতো স্বাভাৱিক হয়। এইটোহে ক্ষতিকৰ কথা। ইয়াৰ বিপৰীতে গ্ৰন্থখনৰ ভাষাই, সৃষ্টিশীল অনুশীলনে, উদ্যমে পাঠকক এক মহৎ নৈৰ্ব্যেক্তিকতাৰ স্তৰলৈ নিব লাগিব। এইটো পাঠ আৰু পাঠকচিত্তৰ সম্বন্ধ।

গল্প- উপন্যাসৰ আদৰ পঢ়ুৱৈৰ মনত কাহিনী আৰু কাহিনী পঠনৰ তৃপ্তিৰ বাবে থাকে যদিও সমালোচনামূলক বা গৱেষণামূলক ঐতিহ্যসন্ধানী গ্ৰন্থৰ আদৰো কম হোৱা উচিত নহয়। বৰঞ্চ কব পাৰি এইবোৰ গ্ৰন্থৰ পঠন আৰু আলোচনা‌ই পঢ়ূৱৈক অধিক বৌদ্ধিক ভাৱে নিৰ্দিষ্ট দিশত ভাবিবলৈ অভিপ্ৰেৰিত কৰে। এই কথাটোৰ ওপৰত জাতীয় জিজ্ঞাসা আৰু বিতৰ্কৰ মান আৰু গ্ৰহনযোগ্যতাও নিৰ্ভৰ কৰে। এই বেলি চৰকাৰী ভাৱেও গ্ৰন্থবৰ্ষ উদযাপনৰ কথা ঘোষণা কৰিছে আৰু গ্ৰন্থৰ মহত্বৰ কথা ৰাইজক সোঁৱৰাই দিছে। অৱশ্যে প্ৰজাতকৈও ৰজাইহে গ্ৰন্থ অধ্যয়ন কৰাটো বেছি গুৰুত্বপূৰ্ণ বুলি কব পাৰি। এয়া বহুযুগ আগতে প্লেটোৱে গণৰাজ্যত কৈ গৈছিল। তেওঁৰ মতে- এগৰাকী জ্ঞানী (philosopher king) ৰজাই হে সমাজ কিম্বা ৰাষ্ট্ৰক নেতৃত্ব দিয়াটো প্ৰয়োজন (‘যিকোনো প্ৰকাৰেই নহ‌ওক, উচ্চতম ৰাজনৈতিক ক্ষমতা দাৰ্শনিকৰ হাতত সোধাব লাগিব’)। তাতে ভাৰতবৰ্ষৰ দৰে এখন গণতন্ত্ৰত সামাজিক ন্যায়, সমতা, অধিকাৰ আৰু দায়িত্বৰ প্ৰতি থকা সাংবিধানিক শপতৰ মৰ্ম উপলব্ধি বৌদ্ধিক চিন্তাৰেই এক পৰিণাম। যথাৰ্থ সত্তাৰ অধ্যয়ন অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ পৰা হয়, গ্ৰন্থ এই অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ স্থায়ী সমষ্টি। কিন্তু গ্ৰন্থ অধ্যয়ন কেনেকৈ কৰিব লাগে – এই প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাই। অৱশ্যে একে নামৰ এখন দীঘল ৰচনাহে মোৰ সৈতে আছে। ভাৰ্জিনিয়া উলফে এই নামৰ এখন ৰচনা লিখিছে, অসমীয়ালৈ অনুবাদ কৰি থৈছে প্ৰফুল্ল কটকী দেৱে। এইখন ৰচনাৰে এঠাইত আছে- “পুথি এখনে দিব পৰা আনন্দ পূৰাকৈ অনুভৱ কৰিবলৈ হলে ইয়াক অন্য এটা প্ৰক্ৰিয়াৰে সমাপ্ত কৰিব লাগিব। সেইটো হ’ল যে বিভিন্ন আবেগানূভূতিসমূহৰ বিষয়ে আমি আমাৰ অভিমত প্ৰকাশ কৰিব লাগিব: এই অস্পষ্ট, ক্ষণস্থায়ী অভিজ্ঞতা পুঞ্জৰ মাজৰ পৰা স্পষ্ট আৰু শাশ্বত কিবা এটা উলিয়াব পাৰিব লাগিব। কিন্তু তাৎক্ষণিক ভাৱে এই কাম কৰা নাযায়। ই সময় সাপেক্ষ কথা।…পিছত কোনোবা এটা মূহূৰ্তত আপুনি নভবা নিচিন্তাকৈয়ে কিতাপখনৰ কথা আপোনাৰ মনলৈ আহিব, কিন্তু আহিব অন্য ৰূপত। প্ৰকৃতিৰ প্ৰক্ৰিয়া এনেকুৱাই- এটা অৱস্থা বা বিষয়ৰ পৰা আন এটালৈ পৰিভ্ৰমণ এইদৰেই হয়-সামগ্ৰিক ৰূপত আমাৰ মনত উদ্ভাসিত হোৱা কিতাপখন তাৰ পৰ্যায়ক্ৰমত দেখা কিতাপখনৰ পৰা বেলেগ।” পাঠৰ এই  তাৎপৰ্য উপলব্ধিয়েই পাঠকচিত্ত। কথাটো এতিয়া নিশ্চয় আৰু অধিক পৰিষ্কাৰ হ’ল।

ড০ প্ৰসন্ন কুমাৰ নাথৰ শেহতীয়া গৱেষণামূলক গ্ৰন্থ ‘ৰামধেনুৰ অসমীয়া কবিতা: বিচাৰ আৰু বিশ্লেষণ’ত ৰামধেনুৰ কবিতাখিনিক পুনৰ চাব পৰা যায় কাৰণ এইলাণি কবিতাৰ বিশেষ গুৰুত্ব আছে। গ্ৰন্থখন এই বৰ্ষৰ মাৰ্চ মাহত গুৱাহাটীৰ অশোক পাব্লিকেশ্যনে প্ৰকাশ কৰি উলিয়াইছে। অসমীয়া সাহিত্যৰ বিশেষ আলোচনী ৰামধেনুৰ পাতত প্ৰকাশ হোৱা কবিতাবোৰৰ বিচাৰ আৰু বিশ্লেষণকলৈ তেওঁৰ এই গৱেষণা আগবাঢ়িছে, অসমীয়া সাহিত্য আৰু বিশেষকৈ কবিতাৰ অনুসন্ধিৎসু পাঠকৰ বাবে ৰামধেনৰ কবিতা এক পৃথক সোৱাদ। তেওঁ বিশ্ববিদ্যালয়ৰ অধীনত প্ৰায় কুৰি বছৰ আগতেই ৰামধেনু যুগৰ পাঁচগৰাকী কবিৰ কবিতা বিষয়ক গৱেষণা কৰিছিল। আগকথাত গ্ৰন্থকাৰে লিখিছে-অসমীয়া কবিতালৈ নতুনত্ব অনাৰ ক্ষেত্ৰত ৰামধেনুৰ অৱদান বিশেষভাৱে স্মৰণ যোগ্য।   বিশেষকৈ পৰম্পৰাগত শৈলীৰ পৰা আতৰি আহি ৰামধেনুয়ে নতুন কবিতাক আঁকোৱালি লৈছিল – এইটো কাৰণতে ৰামধেনুৰ প্ৰতি অসমীয়া সাহিত্যৰ ইতিহাস বেছ মনোযোগী। হোমেন বৰগোহাঞিয়ে ৰামধেনু চাৰিটা খণ্ডত সম্পাদনা কৰিছে। বৰগোহাঞিৰ পাতনিত ৰামধেনু কবিতাৰ বিশেষত্ব সম্পৰ্কে কিছু কথাৰ উল্লেখ আছে। যথা- ‘১৯৫৫ চনত যোৰহাটৰ সাহিত্যসেৱী চ’ৰা নামৰ এটা অনুষ্ঠানে কেৱল ‘ৰামধেনু’ৰ কবিতাৰ বিষয়ে আলোচনা কৰিবলৈ এখন ৰাজহুৱা সভা আয়োজন কৰিছিল। যোৰহাট থিয়েটাৰ হলত অনুষ্ঠিত এই সভাখনত সভাপতিত্ব কৰিছিল ভবানন্দ দত্ত‌ই আৰু বক্তা আছিল নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, অমলেন্দু গুহ আৰু হোমেন বৰগোহাঞি। সভাঘৰ মানুহেৰে উপচি পৰিছিল, তিনি ঘন্টা সময় স্তব্ধ হৈ থাকি সকলো মানুহে অখণ্ড মনোযোগেৰে সেই আলোচনা শুনিছিল। কেৱল কবিতাৰ আলোচনাই ইমানবোৰ মানুহৰ মনোযোগ এনেকৈ ধৰি ৰখাৰ দৃশ্য এতিয়া কোনোবাই কল্পনা কৰিব পাৰিবনে?’ ৰামধেনুৰ কবিতাৰ গৱেষক ড০ নাথৰ গ্ৰন্থখনে সেয়ে আমাক আগ্ৰহান্বিত কৰিছিল। এয়া অসমীয়া কবিতাৰ পৰ্বান্তৰৰ সাক্ষী হোৱাৰো এক গৱেষণা। কবিতাৰ ছাত্ৰ এজনে এই ঐতিহাসিক গুৰুত্বক উপেক্ষা কৰিব নোৱাৰাটোৱেই স্বাভাৱিক।

কিতাপখনত মুঠতে সাতটা অধ্যায়- অৱতৰনিকাৰ পৰা পাঁচগৰাকী কবিৰ কবিতাৰ আলোচনা আৰু ৰামধেনুৰ অন্যান্য কবিসকলৰ আলোচনালৈ। গ্ৰন্থখনত হেম বৰুৱা, নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, নলিনীধৰ ভট্টাচাৰ্য, হোমেন বৰগোহাঞিৰ কবিতাৰ বিশেষ বিচাৰ আৰু বিশ্লেষণ আছে। এই আলোচনা গৱেষণাধৰ্মী, প্ৰধানতঃ কবিতাৰ আংগিক সম্পৰ্কত গৱেষকৰ দৃষ্টি নিবদ্ধ আছে, এই আংগিকৰ কথাটো ৰামধেনুৰ কবিতাখিনিত কিয় গুৰুত্বপূৰ্ণ আৰু সামগ্ৰিক ভাৱে অসমীয়া কবিতাটো কিয় অদ্বিতীয় তাৰ এক ‘কনটেমপৰাৰী ইনচাইট’ গ্ৰন্থখনত লাভ কৰিব পাৰি। গ্ৰন্থখনৰ প্ৰতি আমাৰ আগ্ৰহো এইখিনিতে। গ্ৰন্থখন কেৱল কবিতাৰ ছাত্ৰৰ বাবে নহয়, আমাৰ দৰে সমাজ বিজ্ঞানৰ ছাত্ৰ বা সাহিত্য- সুকুমাৰ বোধৰ অনুৰাগী বিশুদ্ধ বিজ্ঞানৰ ছাত্ৰৰ বাবেও প্ৰয়োজন। কবিতাৰ উপলব্ধি আৰু সমকাল আৱিষ্কাৰো একধৰণৰ বৈজ্ঞানিক অনুসন্ধান।

ৰোমান্টিক কবিতাৰ পৰা অসমীয়া কবিতাই ‘নতুন কবিতা’ হোৱালৈ এই যাত্ৰা মফিজুদ্দিন আহমদ হাজৰিকাই কবৰ দৰে ‘মুনিচূনি বেলি’ৰ লেখিয়া, নতুন আৰম্ভণিৰ পূৰ্বৰ বেলি পৰাৰ সময়। দুৰ্গেশ্বৰ শৰ্মাৰ বয়স কম, তেওঁ কবিতালৈ অনা দাৰ্শনিক উপলব্ধি ‘নিবেদন’ত মন কৰিবলগীয়া – ‘মানুহক বৰকৈ দায় নধৰিবা/ দোষী আমি সকলো কথাত’। কল্পনাৰ এই সংশ্লেষণ আৰু মনন নিৰ্ভৰ এক গভীৰ বোধ বা দৰ্শন ক্ৰমে অসমীয়া কবিতালৈ আহিব ধৰিলে। সেইবাবে ৰচনাৱলী সম্পাদনা কৰি ‘নতুন কবিতা’ৰ এই একেজন মানুহ মহেন্দ্ৰ বৰাই শৰ্মা সম্পৰ্কত ক’লে – …সেইবোৰ কবিতাৰ সৰহভাগৰে বিষয়বস্তু হৈছে জীৱনৰ গধূলি লগনত কবিৰ মহাজীৱন বন্দনা। কোনো বিষাদৰ সুৰ নাই, কোনো অনাৱশ্যক অলংকৰণৰ আড়ম্বৰ নাই..। এই কথাটো কবিতাৰ এই পৰিৱৰ্তনকামী ৰামধেনুৰ পৰিৱেশত মন কৰিবলগীয়া। এই পৰিৱেশতে অৱশ্যে দেৱকান্ত বৰুৱাৰ আৱিৰ্ভাৱ আৰু গোটেই সাগৰখনকে লৈ তেওঁ অসমীয়া কবিতাৰ পাঠকক সুধিলে সেই পৰ্বান্তৰৰ প্ৰশ্নটো- সাগৰ দেখিছা?  সেইখিনি সময় ১৯৪৫ চন। আমি স্বাধীন হোৱা নাই যদিও কবিতাত এক পৰম্পৰা বিৰোধী স্বাধীন সত্ত্বা আৰু প্ৰশ্নবোধক আহিল। এয়া যেন অৱধাৰিত। এইবোৰ কবিতা আবাহনৰ কবিতা কিন্তু ৰামধেনুলৈ এইবোৰেই যেন নতুন আৱাহনৰ (আমি দুৱাৰ মুকলি কৰো) পৰিৱেশ ৰচনা কৰি দিয়া একোটা কবিতাৰ খুটি আছিল। আধুনিক অসমীয়া কবিতাৰ প্ৰাৰম্ভিক সময়খিনি বিশেষকৈ কুৰি শতিকাৰ চতুৰ্থ দশকৰ পৰা ষষ্ঠ দশকটোলৈ এইখিনি কবিতা ভবেন বৰুৱাই কোৱাৰ দৰে অসমীয়া সাহিত্যৰ বিৱৰ্তনৰ পৰ্ব। ইতিমধ্যে ৰোমান্টিক যুগৰ অৱসান ঘটিল, ১৯৫৬ চনত মহেন্দ্ৰ বৰাই সংকলন কৰা ‘নতুন কবিতা’ৰ প্ৰকাশ হ’ল, কবিতাৰ পাঠ আৰু পাঠকচিত্তৰ বাবে এয়া এক নতুন সম্প্ৰৰীক্ষা বুলি বিবেচিত হ’ল। সমালোচক, অধ্যাপক ড০ প্ৰাঞ্জল শৰ্মা বশিষ্ঠ‌ই কৈছে- এই সংকলনটোৱে আধুনিক অসমীয়া কবিতাক আধুনিক বুলি নোকোৱাকৈ তাৰ আধুনিক তন আৰু মনৰ অস্তিত্ব প্ৰত্যয়জনকভাৱে প্ৰতিষ্ঠা কৰিছিল (কাগজৰ ফুল, পৃষ্ঠা- ৬১)। এফালে নতুন কবিতা, অন্য ফালে প্ৰগতিশীল কবিতা, ‘ৰাজপথ’ৰ দৰে কবিতাৰ বাবে সেইসময়ত জয়ন্তী মুকলি হৈছে। এফালে ভবানন্দ দত্ত‌ই এলিয়টীয় প্ৰতীকবাদৰ বিৰুদ্ধাচৰণ কৰিছে, জয়ন্তীও এই প্ৰতীকৰ বিপৰীত স্থিতিত, অন্যহাতে ৰামধেনুৰ জন্ম হৈছে এই এলিয়টীয় প্ৰতীকবাদ আৰু চিত্ৰকল্পক আদৰিবলৈ। হেম বৰুৱা, নৱকান্ত বৰুৱা, হোমেন বৰগোহাঞি আদিৰ কবিতা ভাবাদৰ্শ আৰু আংগিক দুবিধৰ পৰা নতুন হ’ব ধৰিলে – ৰামধেনুৰ কবিতা প্ৰসংগত ড০ নাথৰ পৰ্যবেক্ষণ এইখিনিতে মনকৰিবলগীয়া- “জয়ন্তীৰ সময়ৰ তেওঁৰ জীৱনৰ প্ৰথম কবিতাৰ ঠাঁচ সলনি কৰি নতুন ৰীতি, শৈলীক আহ্বান জনাই আধুনিক অসমীয়া কবিতাক সমৃদ্ধ কৰিলে।.. ৰামধেনু আলোচনীয়ে এই ৰূপান্তৰক সাদৰেৰে গ্ৰহণ কৰিলে আৰু কবিতাৰ গতি পৰিৱৰ্তনৰ শক্তিশালী প্ৰবাহ আৰম্ভ হ’ল।”হেম বৰুৱাই ঠিকেই কৈছিল – হেৰা শকুন্তলা/ পৃথিৱীত কবিতাৰ শেষ নাই। এই অপৰিমেয় ভাবনাক লৈ ৰামধেনুত আংগিকগত ভাৱে আৰু বিষয়বস্তুৰ দিশৰ পৰাও অসমীয়া কবিতাৰ নতুন যুগৰ সূচনা হৈছিল।

এই নতুন যুগত নৱকান্ত বৰুৱা আছিল এগৰাকী প্ৰধান কবি, মহেন্দ্ৰ বৰাৰ মতে ‘আটাইতকৈ তাৎপৰ্যপূৰ্ণ নাম’। ৰামধেনুৰ প্ৰথম সংখ্যাত তেওঁৰ কবিতা ‘মহাকাব্যৰ পাণ্ডুলিপি’ প্ৰকাশ পাইছিল। এলিয়টীয় কাব্য ভাবধাৰাক প্ৰয়োগ কৰি নৱকান্ত হৈ পৰিছিল অসমীয়া কবিতাৰ নতুন বিস্ময়। ১৯৫১ চনত নৱকান্ত বৰুৱাৰ ‘হে অৰণ্য হে মহানগৰ’ প্ৰকাশ হয়- এইটো এটা গুৰুত্বপূৰ্ণ ঘটনা, অসমীয়া কবিতাত ইয়াৰ প্ৰভাৱ সুদুৰপ্ৰসাৰী। এয়া ইমানেই প্ৰভাৱী হ’ল যে ভবানন্দ দত্ত‌ই অত্যধিক এলিয়ট আদৰ্শৰ অনুগামী হোৱাৰ বিৰোধিতা কৰি স্পষ্টকৈ ক’ব লগা হ’ল যে – ‘ইলিয়টৰ কবিতাত আন যিয়েই থাকক, মানৱ জীৱনৰ সংগ্ৰামী আৰু গতিশীল ধাৰাৰ ছবি নাই’। জনমুখী কবিতা আৰু প্ৰতীকবাদী কবিতাৰ মাজত এক সংঘাত দেখদেখকৈ সৃষ্টি হৈছিল – এয়া ৰামধেনু যুগৰ এক বিশেষ কৃতি, এক বিতৰ্ক হ’লেও ইয়াৰ আকৰ্ষণ আছে। ৰামধেনু অৱশ্যে থমকি নৰ’ল, ইয়াত প্ৰতীকবাদৰ প্ৰসাৰ ঘটিল, মহেন্দ্ৰ বৰাৰ ‘গধূলি’, ‘দেৱদাসী’ বা ‘শিলালিপি’, ‘সাপ’ৰ পৰা হোমেন বৰগোহাঞিৰ কবিতা ‘অৰণ্য’ ‘ৰাতি’, ‘সাপ’, ‘হৈমন্তী’লৈ, বীৰেশ্বৰ বৰুৱাৰ পৰা নীলমণি ফুকনলৈ। মহেন্দ্ৰ বৰাৰ ‘কেৰেণী শ্যেলীৰ চিঠি’ (১৯৫৩) ত থকা নতুন খেল পৰৱৰ্তী সময়ত নীলমণি ফুকনৰ স্বপ্ন বাসৱদত্তা(১৯৫৫)ত অধিক লৌকিকৰূপে প্ৰকাশ হৈছে। একেদৰে হোমেন বৰগোহাঞিৰ কবিতা ‘সাপ’ত থকা ‘দুঃসহ সুন্দৰ ৰাতি’ শৰীৰ বিলাসৰ প্ৰসংগ‌ও কব পাৰি। এইবোৰ নানা উদাহৰণেৰে অসমীয়া কবিতাৰ এইছোৱা সময় বিচাৰ কৰিলে দেখা যায় যে এয়া ভবাতকৈও বেছি গভীৰ আৰু ব্যাপক। গ্ৰন্থকাৰে ঠিকেই কৈছে যে নিত্য নতুন আৰু যুগসাপেক্ষ সাহিত্য সৃষ্টিৰ মাজেৰে ৰামধেনুৱে প্ৰচলিত সকলো বাট বন্ধ কৰি এক নতুন বাটৰ সৃষ্টি কৰিছিল। এইবাবেই ৰামধেনু অসমীয়া সাহিত্যত এক সমৃদ্ধিশালী যুগ। পৃথক এক সত্তাৰ বাবে ৰামধেনুৰ অসমীয়া কবিতাখিনিৰ চৰ্চা সেইবাবেই এক অৱশ্যেম্ভাৱী বিদ্যায়তনিক বিষয় যদিও কবিতাৰ পাঠক মাত্ৰেই এই কবিতাৰ পাঠত থকা অন্তৰ্দৃশ্য আৰু নিৰ্জনতাৰ ছন্দ অনুভৱ কৰি অধিক পৰিতৃপ্ত হ’ব।

কব পাৰি- নৱকান্ত বৰুৱাৰ কবিতাত যি আধুনিক জীৱনৰ (পৌৰ বাস্তৱ) নতুন নিৰ্মিতি আৰু অৱক্ষয় বা পলায়ন আছে সেয়া পাঠকৰ বাবে এক বিশেষ অভিজ্ঞতা, পাঠকচিত্ত তাৰ বাবে একেলগে সাজু নাছিল। কিন্তু প্ৰগতিশীল কবিতা (গণমুখিতাত থকা আবেগঘন প্ৰতিবাদ আৰু তাৰ সামাজিক প্ৰমূল্য) ৰ বিপৰীতে নৱকান্ত বৰুৱাৰ অৱস্থান অধিক মননবাদী, কাজেই এয়া পাঠকচিত্তক জোঁকাৰি যোৱা। অথচ এইবোৰো গুৰুত্বপূৰ্ণ, যিদৰে অগ্ৰজ অজিৎ বৰুৱাৰ চিন্তনত কবিতাৰ ৰেহৰূপ সলনি হৈছিল, হৈছিল সলনি পাঠকৰো ৰুচি। দূৰ্বোধ্যতাক পাঠকচিত্তত নিগাজীকৈ বহুৱাব পৰাটো অজিৎ বৰুৱাৰ দান, ভবেন বৰুৱাই এই কথাটো স্বীকাৰ কৰিছে। বোধৰ উদয় আৰু বৌদ্ধিক ভাবনাৰ তন্ময় পাঠকচিত্তৰ এক বিশেষ বৈশিষ্ট্য যি ৰামধেনুৰ কবিতাত দেখা পোৱা গৈছিল। মননে কবিতাটো গদ্যময় কৰে, পাঠকৰ চেতনাত, কায়িক কবিতাটোত কবিতাৰেই দেহৰূপ, কিন্তু এলিয়টৰ দৰে কবিতাত থকা আবেগ আৰু বোধৰ সমদৰ্শী কাৰুকাৰ্য্য নৱকান্ত বৰুৱা অথবা হোমেন বৰগোহাঞি বা পৰৱৰ্তী সময়ত নীলমণি ফুকনলৈ বৈ গৈছিল বিক্ষিপ্ত ভাবৰ মাজতো এক সমন্বয় হৈ। সমন্বয়ৰ অৰ্থ এক কালেক্টিভ ব্যক্তি চেতনা, তাকো ব্যাপকতৰ ভাবত। এইটো এগৰাকী সচেতন অসমীয়া কবিতাৰ পাঠক মাত্ৰেই উপলব্ধি কৰে, এই ঐতিহাসিক পৰিক্ৰমাটোৰ সাক্ষী হৈ একধৰণৰ আকুলতা বা আত্মমগ্নতাতো ডুবে। এয়া ৰামধেনু যুগৰেই এক নিৰ্মাণ, কবিতাৰ পাঠত, চিত্ৰকল্পৰে যেন এক ৰহস্য যাত্ৰা, একেদৰে পাঠকচিত্ততো এই যাত্ৰা অন্তহীন, কিন্তু স্বাভাৱিকতে এয়া কোলাহলহীন। কবিতাৰ আত্মা উপলব্ধি কৰাটোৱেই এই ৰচনাৰ প্ৰাৰম্ভতে কোৱা পাঠকচিত্তৰ মূল অভ্যাস। বিদ্যায়তনিক পৰিসৰৰ মাজত সজ্জিত হ’লেও অভ্যন্তৰত ড০ প্ৰসন্ন কুমাৰ নাথৰ গ্ৰন্থখনেও এই অভ্যাস আৰু আত্মমগ্নতাকে পাঠৰ মাজলৈ লৈ আহিছে আৰু এইটো কাৰণতে পাঠকে কবিতাৰ বিচাৰৰ মাজেৰে নিজৰ মননৰো বিচাৰ কৰাৰ সুযোগ পাইছে। পাঠৰ ভাবাৰ্থত এই সুযোগ আছে বাবে গ্ৰন্থখনৰ পঠনযোগ্যতা অধিক ৰূপত প্ৰতীয়মান হৈছে।

The post ৰামধেনুৰ অসমীয়া কবিতা : পাঠ আৰু পাঠকচিত্ত first appeared on নিয়মীয়া বাৰ্তা.

অপ্ৰকাশিত কাহিনীৰে নীলাক্ষি শৰ্মা ভট্টাচাৰ্যৰ উপন্যাস মনোমোহা মণিপুৰ
পূৰবী বৰা

বহুবাৰ মণিপুৰলৈ গৈছোঁ আৰু মণিপুৰৰ বিষয়ে এখন উপন্যাস লিখাৰ পৰিকল্পনা পৰিকল্পনা হৈ ৰ’ল। অসমৰ জনপ্ৰিয় আলোচনী ‘প্ৰান্তিক’ত ধাৰাবাহিকৰূপে প্ৰকাশ পোৱা ‘মনোমোহা মণিপুৰ’ পঢ়োঁতে মাজে মাজে দুই এটা খণ্ড পঢ়িব নোপোৱাৰ আক্ষেপ উপন্যাসখন পঢ়ি দুআষাৰ লিখিবলৈ ল’লোঁ । উত্তৰ পুৰ্বাঞ্চলৰ সাতোভনীৰ ভিতৰত মণিপুৰ যে অলপ সুকীয়া ।

জীয়া প্ৰেমৰ  অলিখিত  কাহিনী ‘মনোমোহা মণিপুৰ’ উপন্যাসখন পঢ়িবলৈ মন যোৱাৰ প্ৰধান কাৰণ আছিল মণিপূৰলৈ কেইবাবাৰো ভ্ৰমণ কৰা বাবেই হয়তো। ঔপন্যাসিক নীলাক্ষী শৰ্মা ভট্টাচাৰ্যই উপন্যাসৰ আগকথাত উল্লেখ কৰিছে যে মনোমোহা মণিপূৰ এখন কাল্পনিক উপন্যাস ।উপন্যাসখন যদি আগকথা নপঢ়াকৈ পঢ়িলোঁহেতেঁন হয়তো এটা সচা কাহিনী বুলিয়েই ভাৱিলোঁহেতেঁন । প্ৰতিটো চৰিত্ৰ ইমান সুন্দৰভাৱে আগুৱাই লৈ গৈছে যে প্ৰতিটো পৃষ্ঠা লুটিয়াই যাওঁতে মণিপূৰৰ এখন জীয়া ছবি চকুত ভাঁহি আহে ।উপন্যাসৰ নায়ক শ্বেইজাৰ চৰিত্ৰৰ মাজেৰে মণিপূৰৰ জীয়া আৰু সচা ছবিখন বুজিবলৈ শেষলৈকে নপঢ়াকৈ মাজতে এৰি দিব নোৱাৰাকৈ কৰা বৰ্ণনাই উপন্যাসখনক অন্য মাত্ৰা দিছে।

এখন তথ্যভিত্তিক,ঐতিহাসিক আৰু ভৌগলিক সমৃদ্ধ উপন্যাস। বিষ্ণুপুৰৰ সৰু চহৰ মৈৰাংৰ পৰা যাত্ৰা আৰম্ভ কৰা সুকন্যা,বীৰেন্দ্ৰ আৰু হোটেল ক্লাচিকত ৰবি,থৈবী,হহইৰ কথাবতৰাবোৰ পঢ়ি যাওঁতে চকুৰ আগত প্ৰতিখন ছবি জীৱন্ত হৈ ধৰা দিছিল। গোলাকৃতি ওপঙা লকটাক হ্ৰদৰ মাছধৰাৰ কৌশল ,ওপঙা পাৰ্ক,অস্থায়ী মাছ ধৰাৰ কথাবোৰ সুন্দৰকৈ বৰ্ণনা কৰি যাওঁতে ক’বলৈ পাহৰা নাছিল এই অস্থায়ী ঘৰবোৰ কেতিয়াবা উগ্ৰপ্ন্থীৰ অস্থায়ী শিবিৰো যে হৈ পৰে ।

মেইটে সকলৰ জন্শ্ৰুতিমতে মৈৰাঙৰ কাডেং নামৰ যুৱকজনে প্ৰিয়তমা ‘তনু’লৈ গাভিনী হৰিণীৰ কাহিনী আৰু কইবুল নামজাওৰ বিশদ অথচ মনোমোহাকৈ বিৱৰণ দি যাওঁতে আৱেগিক কৰি তোলে। একেলগে ভ্ৰমণ কৰা বন্ধু বান্ধৱীৰ মাজত হোৱা গ্ৰুপ কুইজৰ মজেৰেই মণিপুৰৰ বহু নজনা কথাৰ সম্ভেদ সুন্দৰকৈ প্ৰকাশ কৰিছে ।

মণিপুৰ আৰু অসমৰ মাজত ঐতিহাসিক সম্পৰ্ক আহোম ৰাজপত্নী কুৰংগনয়নীৰ কথা উল্লেখ কৰি যাওঁতে মহাভাৰতৰ বব্ৰুবাহন আৰু চিত্ৰাংগদাৰ পুত্ৰ অৰ্জুনৰ যুদ্ধত বব্ৰুবাহনে শ্ৰীকৃষ্ণৰু উপদেশ মৰ্মে পাতালৰ পৰা সঞ্জীৱিনী মণি আনি অৰ্জুনক পুনৰজীৱন দিয়া বাবে কিদৰে এই ঠাইখিনিৰ নাম মণিপুৰ যে হৈছিল তাৰ বৰ্ণনাই মহাভাৰতৰ কাহিনীলৈ লৈ যাব খোজে। মণিপুৰৰ ইতিহাসৰ সৈতে ঔপন্যাসিক গৰাকীৰ নিশ্চয় সচা সম্পৰ্ক আছে বাবেই কথাবোৰ স্পষ্টকৈ ফুটাই তুলিবলৈ সক্ষম হৈছে ।

মৈৰাংৰ গৌৰৱময় ইতিহাস আজাদ হিন্দ ফৌজ স্মৃতি সংৰক্ষিত য’ত বৃটিছ সৈন্যসকল জাপানী আৰু আই এন এ ৰ সন্মুখত তচনচ হৈ গৈছিল ।বৃটিছৰ হাতৰ পৰা নিজ দখললৈ অহাৰ চিত্ৰ প্ৰদৰ্শন কাংলা ফৰ্টত কেনেদৰে কি পৰিপ্ৰেক্ষিতত উন্নৈশ চোৰাল্লিছ চনৰ চৈধ্য এপ্ৰিলত ট্ৰাই কালাৰ উৰিছিল উল্লেখ কৰি  বহু কথা পঢ়ুৱৈৰ আগত প্ৰকাশ কৰি গৈছে । মাজত বগা অংশত এটা বাঘৰ ছবি।মৈৰাংৰ নীলমণি হৈমাম সিঙে ৰেংগুনলৈ গৈ নেতাজী সুভাষ বসুক লগ ধৰি যুদ্ধৰ বাবে টকা আনিছিল। ৰেংগুন অঞ্চলক  শত্ৰু অঞ্চল ঘোষণা কৰিছিল ।

ম্যানমাৰলৈ আহোম কুৱৰী হেম আইদেউ বোৱাৰী হৈ অহাৰ পাচত মান সেনাৰ হাতত বন্দী হৈ থকাৰে পৰা অসমীয়াৰ কিছু ঠাল ঠেঙুলি এতিয়াও আছে ।ম’ৰেৰ বজাৰৰ পৰা বেআইনীভাৱে হৈ থকা ড্ৰাগছৰ ব্যৱসায়ত কিদৰে কিছুমান যুৱতীয়ে সহায় কৰে ড্ৰাগছ সৰবৰাহৰ শেষ নোহোৱা তিতা কথাবোৰ মিঠাকৈ কৈ যাব বিচাৰিছে ।

কুকি আৰু তাংখ্ৰুল নগা সম্প্ৰাদায়ৰ মাজত থকা  বিবাদ যে বহু পুৰণি আৰু চিৰদিনৰ বাবেই যেন ৰৈ যাব কিছুমান আখ্যানেৰে বৰ্ণাইছে । চৰকাৰী ব্যৱস্থাৰেও সমাধান কৰিব নোৱাৰাৰ কিছু অন্তৰালৰ কথা উপন্যাসৰ পাৰ্শ্ব  চৰিত্ৰ বোৰৰ মাজেৰে প্ৰকাশ কৰাত সাৰ্থক হৈছে ।মহাৰাজ সুৰচন্দ্ৰ সিংহ,টিকেন্দ্ৰ্জিৎ সিংহ আৰু কুলচন্দ্ৰ সিংহৰ মাজৰ পৰা কিদৰে সুৰচন্দ্ৰই ভাৰত চৰকাৰ্ক সহায় কৰিছিল, উপন্যাসৰ পৃষ্ঠাত পঢ়ি যাওঁতে বুৰঞ্জীৰ গৱেষক যেন অনুভৱে চুই যায় ।বুৰঞ্জীৰ পৃষ্ঠাবোৰ যেন সাহিত্য হৈ ভুমুকি মাৰি মিঠা মিঠাকৈ কৈ যাওঁতে কুইনাইন দৰৱ চেনিৰ আৱৰণেৰে খুৱাবলৈ কৰা চেষ্টা সফল হৈছে ।নায়ক শ্বেইজাৰ স্কুলীয়া সহপাঠী উপন্যাসৰ নায়িকাৰ বায়েকৰ শৈশৱৰ বন্ধুত্বই হৃদয়ৰ কোমল কোণত স্থান লৈছিল আৰু কি পৰিস্থিতিত হৃদয়ৰ কোমল স্থানত ধৰি ৰাখিছিল যদিও সময়ৰ সোতঁত বিছিন্ন হৈ গৈছিল ।

শ্বেইজাৰ সৈতে লগ হোৱাৰ সুযোগ হয়তো হৈছিল ।দেশপ্ৰেমক অগ্ৰাধিকাৰ দিয়া শ্বেইজাৰ বাবে  দেশৰ মুক্তি আছিল মুখ্য। সেয়েহে অৰণ্যক নিজা কৰি লোৱা শ্বেইজাক বন্ধু জ্ঞান কৰিলেও শ্বেইজা যে বিদ্ৰোহী নেতা। বিদ্ৰোহী নেতাৰ প্ৰেমৰ স্মৃতিচিহ্ন গুলীবিদ্ধ ৰক্তাত্ত শৰাৰীৰ কান্ধত ওলমি থকা মোনাত নায়িকাই বিচাৰি পাইছিল । বিচাৰি পাইছিল সংগঠনত যোগ দিয়াৰ প্ৰকৃত কাৰণ ।আজিও সেয়া সেউজীয়া।

কাছিনলৈ বিদ্ৰোহী সকলক সশস্ত্ৰ সংগ্ৰামৰ প্ৰশিক্ষণ দিবলৈ গৈ অসমৰ সশস্ত্ৰ সংগ্ৰামী আৰু মণিপুৰৰ সশস্ত্ৰ সংগ্ৰামীৰ মাজত থকা প্ৰ্ভেদ সমূহ ফঁহিয়াই দেখুৱাই যাওঁতে পাঠকৰ নিজকে প্ৰশিক্ষণ শিবিৰত থকা যেন লগা অনুভৱে চুই যায় ।

বন্দুক তুলি লোৱা সহজ নহয় ,অথচ বন্দুক তুলি ল’বলৈ একো একোটা সৰু যেন লগা ঘটনাই কেনেকৈ বাধ্য কৰোৱাই বা প্ৰৰোচিত কৰা বৰ্ণনাবোৰে জীয়া ছবি এখন অঙ্কন কৰিছে ।

পক্ষীপ্ৰেমৰ প্ৰেমেৰে শ্বাশ্বত প্ৰেমৰ উপন্যাস  বুলি পঢ়ি গ’লে ‘জীয়া প্ৰেমৰ অলিখিত কাহিনী মনোমোহা মণিপুৰ এখন প্ৰেমগাথাঁ বুলি কেতিয়াবা পাহৰি যাব খোজোতেই যে আচলতে অগ্নিগৰ্ভা মণিপুৰ প্ৰতি প্ৰচ্ছদতে প্ৰতিফলিত হয় ই জানো সচাকৈয়ে মনোমোহা মণিপুৰ?

উগ্ৰপন্থী সংগঠন বোৰ চলিবলৈ নে চলাবলৈ অগ্নিগৰ্ভা মণিপুৰে ড্ৰাগচ ট্ৰেফিকিংৰ কামবোৰ কৰি  কেতিয়াও সমাধনৰ মুখামুখি হ’ব নোখোজা পন্থা দুয়োপক্ষই কিয় বাচি লৈছে সেয়া হয়তো সাথঁৰ হৈয়ে ৰৈ যাব । নায়ক শ্বেইজৰ মৃত্যুৱে কথাবোৰ ভৱাই তুলিছিল । এখন সুখপাঠ্য উপন্যাস। তত্বগধূৰ বিভিন্ন চৰিত্ৰৰ মাজেৰে এটা গধূৰ কিন্ত কেক এটাত আইচিং দি আগুৱাই লৈ যোৱাত ঔপন্যাসিকা সাৰ্থক হৈছে । নীলক্ষী শৰ্মা ভট্টচাৰ্যৰ অন্তৰ্নিহিত চেষ্টা  সফল হৈছে । জ্যোতি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত দুশ তেৰ পৃষ্ঠাৰ উপন্যাসখন এখন সুখপাঠ্য উপন্যাস। মনোমোহা উপন্যাসৰ নায়ক নে পাৰ্শ্বনায়ক শ্বেইজাকে মোৰ বিচাৰেৰে নায়ক বুলি ক’ম

বিদ্ৰোহী শ্বেইজাও যে উদ্দীপ্ত হাজৰিকাৰ দৰে কবি। নহ’লেনো শ্বেইজাই অৰণ্যত লিখিছিল আৰু বুকুৰ  মাজত লৈ ফুৰিছিল

“ I want to sing and fly

Like the birds in the forest

But I feel like a bird

In the cave under arrest”

The post অপ্ৰকাশিত কাহিনীৰে নীলাক্ষি শৰ্মা ভট্টাচাৰ্যৰ উপন্যাস মনোমোহা মণিপুৰ first appeared on নিয়মীয়া বাৰ্তা.

জটিল সময়ৰ কুটিল সত্যৰে জুৰি বৰা বৰগোহাঞিৰ ‘চিঞৰ’
ড০ নয়নজ্যোতি ভূঞা

প্রায় সকলো উচ্চ শিক্ষিতৰে এক সপোন হ’ল কঠোৰ পৰিশ্রম, অধ্যৱসায়, নিৰন্তৰ সাধনা আৰু গৱেষণাৰ জৰিয়তে লাভ কৰিব পৰা বিদ্যায়তনিক জীৱনৰ সর্বোস্ব সন্মান ডক্টৰেট ডিগ্রীটো৷ এই ডিগ্রীটো কাৰোবাৰ বাবে চাকৰি নিশ্চিতকৰণৰ মাপকাঠী৷ গৱেষণাৰ পথত, অনেক তিক্ত–মধুৰ অভিজ্ঞতাৰ অন্তত একোজন উচ্চ শিক্ষিত ব্যক্তিয়ে এই সন্মান লাভ কৰে৷ গৱেষণা কৰা প্রতিজন ব্যক্তিয়েই সন্মুখীন হ’বলগীয়া হয় কিছুমান অনিবার্য পৰিস্থিতিৰ৷

এইসমূহ পৰিস্থিতিও একপ্রকাৰৰ ধৈর্যৰেই পৰীক্ষা৷ মুঠৰ ওপৰত গৱেষণা–কর্ম এক পবিত্র যজ্ঞ, কঠোৰ তপস্যাতুল্য সাধনা৷ অৱশ্যে স্থান, কাল, পাত্র অনুসৰি প্রতিজন গৱেষকৰে অভিজ্ঞতা ভিন ভিন হয়, সেয়া স্বাভাৱিক কথা, কিন্তু সাম্প্রতিক সময়ত দুই–এক গৱেষণাগুৰুৰ স্খলিত চৰিত্রজনিত অনৈতিক কার্যই এই পবিত্র সাধনাৰ ক্ষেত্রখনক কলুষিত কৰিছে৷ শিক্ষাগুৰুৰ পবিত্র আৰু স্বচ্ছ ভাবমূর্তিত কলংক সানিছে, তাৰ সংবাদে সমাজত ক্ষতিকাৰক বাতাৱৰণ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ তাৰ উপৰি কোনোবা এজন বা দুজন গাইডৰ এনে কলংকৰ কুফল ছাত্র–ছাত্রীৰ লগতে সৎ চৰিত্রৱান, নিজৰ পবিত্র কর্তব্যত নিকা ভাবমূর্তিৰে নিয়োজিত গুৰুসকলেও ভুগিবলগীয়া হয়৷

সমস্ত উচ্চ শিক্ষাৰ ক্ষেত্রখনৰ প্রতি সমাজৰ সন্দেহৰ দৃষ্টি পৰিলক্ষিত হয়৷ গৱেষণা–গুৰুৰ দৰে এক উচ্চ মর্যাদাসম্পন্ন স্থানত অভিষিক্ত হৈও, শিক্ষাদানৰ দৰে সৎ বৃত্তিত নিয়োজিত থাকিও, এই সকলো পাহৰি নিজৰ ইন্দ্রিয় ক্ষুধাৰ দৰে ক্ষুদ্র স্বার্থ পূৰণত গুৰুত্ব আৰোপ কৰা এনে শিক্ষাবিদৰ বাবে সমস্ত উচ্চশিক্ষাৰ ক্ষেত্রখনেই কলংকিত হৈ পৰে৷

নিজৰ বৌদ্ধিক উৎকর্ষৰে সফলতাৰ চূডান্ত শৃংগত আৰোহণ কৰাৰ সুবাদতে, কোনোবা একোজন গাইডে নিজৰ অসংযত চাৰিত্রিক দুর্বলতাৰে গোটেই প্রক্রিয়াটোকে কলুষিত কৰি পেলায়৷ ই সাম্প্রতিক সময়ৰ উচ্চ শিক্ষাৰ ক্ষেত্রখনৰ বাবে এক ব্যাধিস্বৰূপ হৈ দেখা দিছে৷ তদুপৰি এনে গাইডৰ খেয়ালী মানসিকতাৰে বলি হ’বলগীয়া হয় কোনোবা দুর্ভগীয়া গৱেষক৷ সকলো এই বিষয়টোক আধাৰ হিচাপে লৈ সাম্প্রতিক সময়ৰ জনপ্রিয় ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে নির্মাণ কৰিলে ‘চিঞৰ’ নামৰ উপন্যাসখন– য’ত শিৱানু ভট্টাচার্য নামৰ এজন অধ্যাপক, একাডেমিচিয়ান তথা গাইডৰ নৈতিক স্খলনৰ কাহিনী পতিয়নযোগ্যকৈ বিবৃত হৈছে৷

প্রথমে আপত্তি কৰিলেও পিছলৈ ডক্টৰেট ডিগ্রীৰ স্বার্থত লেউসেউ হৈ পৰা গৱেষক ছাত্রীৰ সৈতে অভ্যস্ত হৈ হৈ ভট্টই সেইখিনিতেই ভুলটো কৰি পেলাইছে, যেতিয়া ডেলহি বিশ্ববিদ্যালয়ৰ জলপানিৰ মোহ পর্যন্ত ত্যাগ কৰি অসমত গৱেষণা কৰিবলৈ অহা কঠোৰ পৰিশ্রমী, অধ্যয়নপিপাসু ৰাণু পাতৰকো একে বুলি ভাবি নিজৰ বাসনা চৰিতার্থ কৰিবলৈ উদ্যৎ হৈছে৷পুথিগত জ্ঞানত বিদগ্ধ আৰু কূট–কৌশলত সিদ্ধহস্ত ভট্টাচার্যৰ মনলৈ অহাই নাই যে সকলো গৱেষকেই থাপনা বৰুৱাৰ দৰে সহজলভ্য নহয়৷ অধ্যয়নৰ কোনো আওভাও নোপোৱাকৈয়ে কেৱল প্রমোচন আৰু নামৰ আগত ডক্টৰ লিখি ৰাজনীতিকৰ পৰিয়ালৰ গৰিমা বঢাবলৈকে ব্যক্তিত্বশূন্য অথচ শৰীৰী সৌন্দর্যৰে ভৰপূৰ থাপনা বৰুৱাই ভট্টাচার্যৰ ইচ্ছাত সঁহাৰি জনাই নিজৰ ইচ্ছা পূৰণ কৰিছে৷

থেছিছখন লিখি দিয়াৰ পৰা বাইণ্ডিং কৰি এক্সপার্টলৈ পঠিওৱালৈকে, ভাইভাৰ এক্সপার্ট ঠিক কৰালৈকে সকলো কৰি দিয়াৰ বিনিময়ত নিজক গাইডৰ হাতত এৰি দিয়াটো থাপনা দৰে শুচি–সংযমহীন, সংস্কাৰহীন, সহজলভ্য নাৰীৰ বাবে কোনো ডাঙৰ কথা নহয়৷ অথচ ছলনাময়ী থাপনাৰ চলা–কলা বুজিব পৰাকৈ, গৱেষক ছাত্রৰ সপোনক লৈ খেয়ালী মনেৰে খেল খেলি খেলি অভ্যস্ত, উচ্চশিক্ষিত অধ্যাপক ভট্টাচার্য যে বাস্তৱজ্ঞানৰহিত এজন অপৰিপক্ব খেলুৱৈ, সেই সত্য বুজি পাবলৈ ভট্টাচার্যৰ সৰহ পৰ লগা নাই৷ স্বার্থ সিদ্ধিৰ পাছত এই থাপনায়েই ৰূপ সলনি কৰি ৰাজনীতিবিদৰ পৰিয়ালয়ৰ ভব্য বোৱাৰী হৈ পৰিছে৷

থাপনাৰ বাবে নিষ্ফল হাহাকাৰ কৰি বলিয়াৰ দৰে হোৱা ভট্টাচার্যৰ মুখত ই এক প্রচণ্ড প্রহাৰ৷ থাপনাৰ বাবেই গৱেষক ছাত্র অৰুণ তেৰণ অথবা ৰাণু পাতৰ উপেক্ষাৰ পাত্র৷ গাইড ভট্টাচার্যৰ ৰোষৰ বলি হৈছে স্কলাৰ অৰুণ৷ ভালকৈ এপানী বাই, অৰুণক আদবাটতে গাইড সলনি কৰিবলৈ নির্দেশ দিছে৷ ডিপার্টমেণ্টৰেই আন এগৰাকী চতুৰ সহকম্ বৰঠাকুৰৰ চতুৰালিতগৱেষণাৰ বিষয় সলনি কৰি কম দিনৰ ভিতৰতে গৱেষণাকর্ম সম্পন্ন কৰাৰ যো–জা কৰি অৰুণ গুচি যাবলগীয়া হৈছে৷ গাইডৰ অহেতুক অসন্তুষ্টিৰ বলি হোৱা অৰুণ যেন সেইসকল দুর্ভগীয়া ছাত্রৰ প্রতিভূ৷ অথচ কোনোবা গৱেষক ছাত্রীয়ে গুৰু–শিষ্যৰ পবিত্র সম্পর্কত কলংক সানিবলৈ উদ্যত ভট্টাচার্যৰ সেই নিষদ্ধ ইচ্ছাক ওফৰাই, মুখা খুলি, সমস্ত সন্মান ধূলিসাৎ কৰি পেলাব পাৰে বুলি ৰাণু পাতৰৰ সৈতে হোৱা অভিজ্ঞতাৰ পূর্বে ভট্টই কল্পনাই কৰিব পৰা নাছিল৷

ক্ষমতাৰ বাঘজৰীৰে পৰিৱেষ্টিত এক সমাধানবিহীন জটিল পৰিস্থিতিৰ আউল ভাঙিবলৈ অক্ষম হৈ গৱেষণা আধাতে সামৰি স্বকীয় ব্যক্তিত্ব আৰু প্রজ্ঞাৰ মর্যাদা অক্ষুণ্ণ ৰাখি, এক স্বাধীন জীৱনৰ সম্ভাৱনা আগত ৰাখি ৰাণু পাতৰ ঘৰলৈ উভতি গৈছে৷ ভিতৰুৱা বহু কুটিল সত্য দেখি–শুনি হতভম্ব হৈ, পুনৰ ডেলহি বিশ্ববিদ্যালয়লৈ উভতি যোৱাৰ সিদ্ধান্ত লৈ ৰাণু পাতৰে অসমৰ বিশ্ববিদ্যালয়খন ত্যাগ কৰিছে, নিজৰ ওচৰত সৰু নোহোৱাকৈ৷

বিশ্ববিদ্যালয়ৰ চাকৰি ইস্তফা দি নতুনকৈ পতা বিশ্ববিদ্যালয়খনৰ ভি চি হৈ ভট্টাচার্য গুচি যোৱা ভট্টাচার্য মন্ত্রী মহাদেৱ শর্মাৰ তৎপৰতাত সাৰিও গৈছে৷ মান–সন্মান ধূলিসাৎ হৈ ক’তো মুখ উলিয়াব নোৱৰা অপবাদেও ভট্টাচার্যক বিধ্বস্ত কৰিব পৰা নাই, বিধ্বস্ত কৰিছে পত্নী পূৰৱীক৷ স্বামীৰ ক্রিয়া–কলাপ সকলো ফটফটিয়া হৈ পৰিলেও, ৰাণু পাতৰক হাডে–হিমজুৱে চিনি পালেও, নিজে তচনচ হৈ গ’লেও, একমাত্র পুত্র নৱনীলৰ স্বার্থত, নিজৰ সংসাৰখন নিজঞ্জালকৈ চলি থকাৰ স্বার্থত, নিজৰ ওচৰত সৰু হৈও পূৰবীয়েও ৰাণু পাতৰৰপৰা সঁচাক মিছা আৰু মিছাক সঁচা কৰাৰ প্রতিশ্রুতি দাবী কৰিছে৷ ৰাণুৱে স্পষ্টকৈ ব্যক্ত কৰিছে, ‘‘মেম, মই দৈহিক সম্পর্কৰ প্রস্তাৱটো প্রত্যাখ্যান কৰিলোঁহেঁতেন৷ ইমানকৈ হুলস্থূল নকৰিলোঁহেঁতেন৷ কিন্তু মোৰ আটাইতকৈ বেয়া লাগিছিল মোক থেছিছ লিখি দিম বুলি কোৱাটোত৷ ছেক্সৰ বিনিময়ত পি.এইচ.ডি. থেছিছ কেনেকৈ সম্ভৱ?’ (পৃ.২৬৯)৷ হতভম্ব ৰাণুৰ এই উক্তিয়েই উপন্যাসৰ অভিপ্রেত বক্তব্য৷

এনেদৰেই ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে উপন্যাস ‘চিঞৰ’ত উন্মোচন কৰিছে উচ্চশিক্ষাৰ জগতখনত চলি থকা, ঘটি থকা কেতবোৰ কুটিল কদর্য সত্য–যি সত্যই নিকা ভাবমূর্তিৰ শিক্ষাবিদলৈকো সন্দেহৰ আঙুলি টোঁৱাব পাৰে, অথবা কোনোবা শিক্ষাজগতখনক দাগ লগাবলৈ ছিদ্র বিচাৰি ফুৰা সুযোগসন্ধানীৰ সন্মুখত অভিপ্রেত এখন দুৱাৰ মুকলি কৰি দিব পাৰে৷ বিষয়বস্তুৱে কেৱল উচ্চশিক্ষাৰ জগতখনকে সামৰিলেও দৰাচলতে সমগ্র শিক্ষা জগত অথবা আন আন বৃত্তিসমূহতো এনে ঘটনাৰ অভাৱ নাই৷ সাহিত্যত সৰসভাৱে প্রতিবিম্বিত এনেবোৰ বিষয়ে সমাজকজোকাৰি যায়৷

ফোনঃ ৯৩৬৫৩–৭৬৫০৮

The post জটিল সময়ৰ কুটিল সত্যৰে জুৰি বৰা বৰগোহাঞিৰ ‘চিঞৰ’ first appeared on নিয়মীয়া বাৰ্তা.

আজি আবেলি RCBৰ বিজয় যাত্ৰা – ইতিহাস ৰচিবলৈ সাজু চিন্নাস্বামী ষ্টেডিয়াম
আজি আবেলি RCBৰ বিজয় যাত্ৰা, ইতিহাস ৰচিবলৈ সাজু চিন্নাস্বামী ষ্টেডিয়াম

ৰজত পাটিদাৰৰ অধিনায়কত্বত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলে প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰিছে। চূড়ান্ত খেলখনত বেংগালুৰুৱে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰে। ইয়াৰ পিছত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত এই বিজয় উদযাপন কৰা হয়। কিন্তু আজি আই পি এলৰ ট্ৰফী লৈ বেংগালুৰুত উপস্থিত হব আৰ চি বিৰ দল, য’ত বিজয় পেৰেড (আৰ চি বি বিজয় পেৰেড) উলিয়াই দিয়া হ’ব। বেংগালুৰুৰ এই বিজয় যাত্ৰাৰ সৈতে জড়িত সবিশেষ ইয়াত জানি লওক।

ক’ৰ পৰা আৰম্ভ হ’ব আৰচিবিৰ বিজয় পেৰেড?

আৰ চি বিয়ে প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ জয় কৰাৰ পিছত দলটোৰ তাৰকা খেলুৱৈ বিৰাট কোহলিয়ে কৈছিল যে এতিয়া বেংগালুৰুত এনে উদযাপন অনুষ্ঠিত হ’ব, যিটো কেতিয়াও কোনেও দেখা নাই। একে সময়তে এতিয়া আৰ চি বিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা বিজয়ৰ পেৰেড উলিওৱাৰ ঘোষণা কৰা হৈছে। বিধান সৌধাৰ পৰা আৰম্ভ কৰি চিন্নাস্বামী ষ্টেডিয়ামলৈ যাব বেংগালুৰুৰ বিজয় পেৰেড।

কিমান বজাৰ পৰা আৰম্ভ হ’ব বিজয় যাত্ৰা?

আৰ চি বিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা কোৱা হৈছে যে এই বিজয় পেৰেড আপোনালোকৰ বাবে, ১২ নং মেন আৰ্মীৰ বাবে। আপোনাৰ প্ৰতিটো সুখ, প্ৰতিটো চকুলো আৰু প্ৰতিটো বছৰৰ বাবে। ৰয়েল্টি হৈছে আনুগত্য আৰু আজি এই মুকুট আপোনাৰ। আবেলি ৩:৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰচিবিৰ এই বিজয় পেৰেড বেংগালুৰুৰ বিধান সৌধাৰ পৰা।

আৰ চি বি বিজয় পেৰেড ক’ত লাইভ চাব?

বেংগালুৰুৰ এই বিজয় পেৰেডত RCB দলৰ সকলো খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। দলটোৰ তাৰকা খেলুৱৈ বিৰাট কোহলিয়েও বিজয় ৰথত উঠিব। একে সময়তে দলটোৰ অধিনায়ক ৰজত পাটিদাৰেও বেংগালুৰুবাসীৰ সৈতে এই বিজয় উদযাপন কৰিবলৈ ওলাইছে। ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত আপুনি আৰচিবিৰ বিজয়ৰ পেৰেড লাইভ চাব পাৰিব। একে সময়তে এই পেৰেডৰ লাইভ ষ্ট্ৰীমিং জিঅ’ হটষ্টাৰতো কৰিব পাৰিব।

The post আজি আবেলি RCBৰ বিজয় যাত্ৰা – ইতিহাস ৰচিবলৈ সাজু চিন্নাস্বামী ষ্টেডিয়াম first appeared on নিয়মীয়া বাৰ্তা.

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ আৰবীলৈ অনুবাদ আবু ছাইদৰ
#লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ আৰবীলৈ অনুবাদ আবু ছাইদৰ

#আবু ছাইদ আনছাৰীয়ে সোণতলীৰ কান্দুৰীমাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে

# অচিৰে গ্ৰন্থ খন ভাৰতবৰ্ষ -অসমত উপলব্ধ হ’ব

নিয়মীয়া বাৰ্তা, ২৭ মে’: দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ Centre of Arabic and African Studiesৰ পিএইচ ডি গৱেষক ছাত্ৰ মৌলনা আবু ছাইদ আনছাৰীয়ে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ পুঁথি আৰবী ভাষালৈ অনুবাদ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে৷

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ কান্দুলিমাৰী গাঁৱৰ অৱসৰী শিক্ষক হবিবৰ ৰহমান আৰু তাৰাভানুৰ সুযোগ্য সন্তান আবু ছাইদ আনছাৰী৷ নিজগৃহৰ কাষতে থকা চৰকাৰী কান্দুলিমাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা আবু ছাইদ আনছাৰীয়ে শিক্ষাৰ পাতনি মেলিছিল৷

ইপিনে আনছাৰীয়ে ৰাহাতন নাজাত প্ৰি-ছিনিয়ৰত অধ্যয়নৰ পিচত উত্তৰ প্ৰদেশৰ সাহাৰানপুৰ দাৰুল-উলুম দেওবন্দৰ পৰা মৌলনা ডিগ্ৰী লৈ পৰৱৰ্তী সময়ত আধুনিক শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি স্নাতক ডিগ্ৰী সফলতাৰে অৰ্জন কৰে। আবু ছাইদ আনছাৰীয়ে ভাৰতৰ অন্যতম শীৰ্ষ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ)ত আৰবী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।

বৰ্তমান তেওঁ জে এন ইউৰ Centre of Arabic and African Studiesত পি এইচ ডি গৱেষক ছাত্ৰ। উল্লেখ্য যে আবু ছাইদ আনছাৰীয়ে জে এন ইউত নামভৰ্তি কৰাৰ পিচত ৰসৰাজ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুঁথি ‘বুঢ়ী আইৰ সাধু’ আৰবী ভাষালৈ অনুবাদ কৰা আৰম্ভ কৰে যদিও দুবছৰৰ অন্তত সাধুকথাৰ পুঁথিখন মিছৰৰ কাইৰোৰ Dar-Al-Masriya al-Maghribiya Lil-Nashr wal-Tawzi’ৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰি উলিয়ায়।

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুঁথি ‘বুঢ়ী আইৰ সাধু’ত অসমীয়া সাহিত্যৰ বিচিত্ৰতা আৰু অসমীয়া সাংস্কৃতিৰ সৌন্দৰ্য সুন্দৰকৈ ফুটাই তোলা হৈছে৷’বুঢ়ী আইৰ সাধু’ নামৰ সাধুকথাৰ পুঁথিখন আৰবী ভাষালৈ অনুবাদৰ সময়ত বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি আবু ছাইদ আনছাৰীয়ে উল্লেখ কৰিছে৷

তথাপিও কাহিনীবোৰৰ মূলভাৱ আৰু সৌন্দৰ্য অটুট ৰাখিবলৈ চেষ্টা কৰা হৈছে৷ গ্ৰন্থখনৰ বিষয়ে ইতিমধ্যে কাইৰোৰ বিভিন্ন সংবাদ মাধ্যমত ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ জে এন ইউৰ অধ্যাপক মুজিবুৰ ৰহমানৰ পৰামৰ্শ আৰু সকলোৰে পৰা পোৱা সহায়-সহযোগিতা লাভৰ পিচত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কালজয়ী সাধুকথাৰ পুঁথি ‘বুঢ়ী আইৰ সাধু’খন আৰবী ভাষালৈ অনুবাদ কৰা সম্ভৱ হৈ উঠা বুলি অনুবাদক আবু ছাইদ আনছাৰীয়ে জানিবলৈ দিয়ে৷

সাধুকথাৰ পুঁথিখন শীঘ্ৰে সমগ্ৰ ভাৰতৰ লগতে অসমতো উপলব্ধ হ’ব৷ আনকি আবু ছাইদ আনছাৰীয়ে ভৱিষ্যতত অসমীয়া উপন্যাস এখন অনুবাদ কৰাৰ পোষকতা কৰিছে৷

প্ৰেৰক নয়ান আলী

The post লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ আৰবীলৈ অনুবাদ আবু ছাইদৰ first appeared on নিয়মীয়া বাৰ্তা.

ইউনেস্কোৰ বিশ্ব স্মাৰক পঞ্জীয়নত অন্তর্ভুক্ত শ্রীমদ্ভাগৱত গীতা আৰু নাটশাস্ত্রৰ
নিউজ ডেস্ক, ১৮ এপ্রিল : ভাৰতীয় সভ্যতা–সংস্কৃতিৰ গৌৰৱময় প্রতীকস্বৰূপ শ্রীমদ্ভাগৱত গীতা আৰু নাট্যশাস্ত্রলৈ আন্তর্জাতিক স্বীকৃতি৷ ইউনেস্ক’ৰ বিশ্ব স্মাৰক পঞ্জীয়নত অন্তর্ভুক্ত হৈছে শ্রীমদ্ভাগৱত গীতা আৰু ভৰত মুনিৰ নাট্যশাস্ত্র৷ ইউনেস্ক’ৰ বিশ্ব স্মাৰক পঞ্জীয়নৰ নতুনকৈ অন্তর্ভুক্ত কৰা ৭৪ গ্রন্থ ঐতিহ্য সংগ্রহৰ মাজত শ্রীমদ্ভাগৱত গীতা আৰু নাট্যশাস্ত্রৰ অন্তর্ভুক্তিয়ে ৫ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা–সংস্কৃতিক বিশ্বত উজ্বলাই তুলিছে৷ কেন্দ্রীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱতে আজি তেওঁৰ সামাজিক মাধ্যম X যোগে এই তথ্য প্রকাশ কৰিছে৷ সামাজিক মাধ্যম এক্সত কেন্দ্রীয়মন্ত্রী শ্বেখাৱটে ভাৰতৰ এই গৌৰৱময় ক্ষণ প্রচাৰ কৰি কয়– ভাৰতীয় সভ্যতাৰ ঐতিহ্যৰ কাৰণে এক ঐতিহাসিক ক্ষণ৷ আন্তর্জাতিক স্বীকৃতিয়ে ভাৰতৰ আভ্যন্তৰীন জ্ঞান আৰু শৈল্পিক সত্বাক সন্মানিত কৰিলে৷ সাহিত্যিক মানৰ উপৰি এই গ্রন্থ দুখন হৈছে সীমাহীন জ্ঞানৰ ভাণ্ডাৰ৷ দার্শনিক আৰু নান্দনিক দৃষ্টিক ভাৰতক বিশ্বজুৰি পৰিচিত কৰিছে৷ যাৰ জৰিয়তে আমি ভাৱো, অনুভৱ কৰোঁ, জীয়াই আছো আৰু মনৰ ভাৱ ব্যক্ত কৰোঁ৷ এই দুখনৰ সৈতে আমি বিশ্বৰ আন্তর্জাতিক ক্ষেত্রখনলৈ ১৪ গ্রন্থৰে উজ্বল উঠিছো৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আনুষ্ঠানিকভাৱে বিশ্ব স্মাৰক পঞ্জীয়নত গীতা আৰু নাট্যশাস্ত্র অন্তর্ভুক্ত হোৱা বুলি প্রচাৰ কৰাৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ সামাজিক মাধ্যম এক্সত কয়–ইউনেস্ক’ৰ দ্বাৰা স্বীকৃতি বিশ্বৰ প্রতিগৰাকী ভাৰতীয়ৰ বাবে এক গৌৰৱৰ মুহূর্ত৷ ইউনেস্ক’ৰ বিশ্বস্মাৰক পঞ্জীয়নত গীতা আৰু নাট্যশাস্তৰ অন্তর্ভুক্তি আমাৰ সীমাহীন জ্ঞান আৰু সমৃদ্ধিশালী সংস্কৃতিৰ আন্তর্জাতিক স্বীকৃতি৷ গীতা আৰু নাট্যশাস্ত্রই আমাৰ সভ্যতাক লালন পালন কৰিছে৷ শতিকা শতিকা ধৰি চেতনা যোগাই আহিছে৷ সমগ্র বিশ্বক এই গ্রন্থ দুখনে অনুপ্রেৰণা যোগাই আহিছে৷ উল্লেখ্য যে যোৱা ১৭ এপ্রিলত ইউনেস্ক’ই বিশ্ব স্মাৰক পঞ্জীয়নত ৭৪টা নতুন গ্রন্থ ঐতিহ্য অন্তর্ভুক্ত কৰিছে৷ এই লৈ বিশ্ব স্মাৰক পঞ্জীয়ত মুঠ সংখ্যা ৫৭০লৈ বৃদ্ধি পাইছে৷ স্মর্তব্য যে শ্রীমদ্ভাগৱত গীতাক সাধাৰণতে গীতা হিচাপেই জনা যায়৷ মহাকাব্য মহাভাৰতৰ এটি অংশ গীতা৷ ভাৰতীয় ধর্মীয় ধাৰণা এই গ্রন্থখনত সমাহিত হৈ আছে৷ ধর্মৰ বৈদিক ধাৰণা, যোগ, জ্ঞান আৰু শক্তিকে ধৰি হিন্দুৰ পৰম্পৰা এই গ্রন্থখনত সমাহিত হৈ আছে৷ মূল সংস্কৃত ভাষাত ৰচিত গ্রন্থখনিত ১৮টা অধ্যায় আছে আৰু ৭০০ শ্লোক আছে৷ সন্ত বেদব্যাসে পৰম্পৰাগতভাৱে ৰচনা কৰা এই গ্রন্থখন পিছলৈ বহু লিখকে অনুলীখন কৰিছে আৰু বহু ভাষালৈ অনুদিত হৈছে৷ আনপিনে পৰিৱেশ্য কলাৰ ওপৰত মূল সংস্কৃতত ৰচিত ভৰত মুনিৰ নাট্যশাস্ত্র৷ এই গ্রন্থখনিত ৩৬ অধ্যায় আছে আৰু মুঠ ৬হাজাৰ কাব্যিক শ্লোক আছে৷ পৰিবেশ্য কলাক বর্ণনা কৰা হৈছে এই গ্রন্থখনত৷

The post ইউনেস্কোৰ বিশ্ব স্মাৰক পঞ্জীয়নত অন্তর্ভুক্ত শ্রীমদ্ভাগৱত গীতা আৰু নাটশাস্ত্রৰ first appeared on নিয়মীয়া বাৰ্তা.