ৰামধেনুৰ অসমীয়া কবিতা : পাঠ আৰু পাঠকচিত্ত
ড০ প্ৰসন্ন কুমাৰ নাথৰ শেহতীয়া গৱেষণামূলক গ্ৰন্থ 'ৰামধেনুৰ অসমীয়া কবিতা: বিচাৰ আৰু বিশ্লেষণ'ত ৰামধেনুৰ কবিতাখিনিক পুনৰ চাব পৰা যায় কাৰণ এইলাণি কবিতাৰ বিশেষ গুৰুত্ব আছে। গ্ৰন্থখন এই বৰ্ষৰ মাৰ্চ মাহত গুৱাহাটীৰ অশোক পাব্লিকেশ্যনে প্ৰকাশ কৰি উলিয়াইছে।
ড০ দুলাল হাজৰিকা
গ্ৰন্থ একোখন পঠনযোগ্যতা(readability),পাঠ (text) আৰু ইয়ে দিয়া বোধ (understanding)ৰ সমন্বয়ত উজলি উঠে। পাঠ আৰু পাঠকচিত্তৰ ধাৰণাত যিদৰে মূল্য চেতনা আৰু শিল্প চেতনাৰ প্ৰাসংগিকতা আছে, একেদৰে এই দুয়োটা চেতনাৰ নিৰ্মিতিত চিত্তক পতিয়ন নিয়াব পৰা উপলব্ধিৰো এক পৰিক্ষেত্ৰ থাকে। এখন গ্ৰন্থৰ দৃশ্য অস্তিত্ব হৈছে পাঠ আৰু যথাৰ্থ অস্তিত্ব হৈছে পাঠকচিত্ত। এয়া গ্ৰন্থ এখনৰ কলাত্মক সবলতা কিম্বা দূৰ্বলতা বুলি কব নোৱাৰি, সমকালীন দ্বন্দ্ববোৰ চৰিত্ৰত থাকিব, পাঠতো পাঠকে বিচাৰিব, কিন্তু সমকালীন ইতিহাস বা সমাজ চেতনাৰ অভাৱত পাঠ আৰু পাঠকচিত্তৰ দূৰত্ব বঢ়াতো স্বাভাৱিক হয়। এইটোহে ক্ষতিকৰ কথা। ইয়াৰ বিপৰীতে গ্ৰন্থখনৰ ভাষাই, সৃষ্টিশীল অনুশীলনে, উদ্যমে পাঠকক এক মহৎ নৈৰ্ব্যেক্তিকতাৰ স্তৰলৈ নিব লাগিব। এইটো পাঠ আৰু পাঠকচিত্তৰ সম্বন্ধ।
গল্প- উপন্যাসৰ আদৰ পঢ়ুৱৈৰ মনত কাহিনী আৰু কাহিনী পঠনৰ তৃপ্তিৰ বাবে থাকে যদিও সমালোচনামূলক বা গৱেষণামূলক ঐতিহ্যসন্ধানী গ্ৰন্থৰ আদৰো কম হোৱা উচিত নহয়। বৰঞ্চ কব পাৰি এইবোৰ গ্ৰন্থৰ পঠন আৰু আলোচনাই পঢ়ূৱৈক অধিক বৌদ্ধিক ভাৱে নিৰ্দিষ্ট দিশত ভাবিবলৈ অভিপ্ৰেৰিত কৰে। এই কথাটোৰ ওপৰত জাতীয় জিজ্ঞাসা আৰু বিতৰ্কৰ মান আৰু গ্ৰহনযোগ্যতাও নিৰ্ভৰ কৰে। এই বেলি চৰকাৰী ভাৱেও গ্ৰন্থবৰ্ষ উদযাপনৰ কথা ঘোষণা কৰিছে আৰু গ্ৰন্থৰ মহত্বৰ কথা ৰাইজক সোঁৱৰাই দিছে। অৱশ্যে প্ৰজাতকৈও ৰজাইহে গ্ৰন্থ অধ্যয়ন কৰাটো বেছি গুৰুত্বপূৰ্ণ বুলি কব পাৰি। এয়া বহুযুগ আগতে প্লেটোৱে গণৰাজ্যত কৈ গৈছিল। তেওঁৰ মতে- এগৰাকী জ্ঞানী (philosopher king) ৰজাই হে সমাজ কিম্বা ৰাষ্ট্ৰক নেতৃত্ব দিয়াটো প্ৰয়োজন (‘যিকোনো প্ৰকাৰেই নহওক, উচ্চতম ৰাজনৈতিক ক্ষমতা দাৰ্শনিকৰ হাতত সোধাব লাগিব’)। তাতে ভাৰতবৰ্ষৰ দৰে এখন গণতন্ত্ৰত সামাজিক ন্যায়, সমতা, অধিকাৰ আৰু দায়িত্বৰ প্ৰতি থকা সাংবিধানিক শপতৰ মৰ্ম উপলব্ধি বৌদ্ধিক চিন্তাৰেই এক পৰিণাম। যথাৰ্থ সত্তাৰ অধ্যয়ন অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ পৰা হয়, গ্ৰন্থ এই অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ স্থায়ী সমষ্টি। কিন্তু গ্ৰন্থ অধ্যয়ন কেনেকৈ কৰিব লাগে – এই প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাই। অৱশ্যে একে নামৰ এখন দীঘল ৰচনাহে মোৰ সৈতে আছে। ভাৰ্জিনিয়া উলফে এই নামৰ এখন ৰচনা লিখিছে, অসমীয়ালৈ অনুবাদ কৰি থৈছে প্ৰফুল্ল কটকী দেৱে। এইখন ৰচনাৰে এঠাইত আছে- “পুথি এখনে দিব পৰা আনন্দ পূৰাকৈ অনুভৱ কৰিবলৈ হলে ইয়াক অন্য এটা প্ৰক্ৰিয়াৰে সমাপ্ত কৰিব লাগিব। সেইটো হ’ল যে বিভিন্ন আবেগানূভূতিসমূহৰ বিষয়ে আমি আমাৰ অভিমত প্ৰকাশ কৰিব লাগিব: এই অস্পষ্ট, ক্ষণস্থায়ী অভিজ্ঞতা পুঞ্জৰ মাজৰ পৰা স্পষ্ট আৰু শাশ্বত কিবা এটা উলিয়াব পাৰিব লাগিব। কিন্তু তাৎক্ষণিক ভাৱে এই কাম কৰা নাযায়। ই সময় সাপেক্ষ কথা।…পিছত কোনোবা এটা মূহূৰ্তত আপুনি নভবা নিচিন্তাকৈয়ে কিতাপখনৰ কথা আপোনাৰ মনলৈ আহিব, কিন্তু আহিব অন্য ৰূপত। প্ৰকৃতিৰ প্ৰক্ৰিয়া এনেকুৱাই- এটা অৱস্থা বা বিষয়ৰ পৰা আন এটালৈ পৰিভ্ৰমণ এইদৰেই হয়-সামগ্ৰিক ৰূপত আমাৰ মনত উদ্ভাসিত হোৱা কিতাপখন তাৰ পৰ্যায়ক্ৰমত দেখা কিতাপখনৰ পৰা বেলেগ।” পাঠৰ এই তাৎপৰ্য উপলব্ধিয়েই পাঠকচিত্ত। কথাটো এতিয়া নিশ্চয় আৰু অধিক পৰিষ্কাৰ হ’ল।
ড০ প্ৰসন্ন কুমাৰ নাথৰ শেহতীয়া গৱেষণামূলক গ্ৰন্থ ‘ৰামধেনুৰ অসমীয়া কবিতা: বিচাৰ আৰু বিশ্লেষণ’ত ৰামধেনুৰ কবিতাখিনিক পুনৰ চাব পৰা যায় কাৰণ এইলাণি কবিতাৰ বিশেষ গুৰুত্ব আছে। গ্ৰন্থখন এই বৰ্ষৰ মাৰ্চ মাহত গুৱাহাটীৰ অশোক পাব্লিকেশ্যনে প্ৰকাশ কৰি উলিয়াইছে। অসমীয়া সাহিত্যৰ বিশেষ আলোচনী ৰামধেনুৰ পাতত প্ৰকাশ হোৱা কবিতাবোৰৰ বিচাৰ আৰু বিশ্লেষণকলৈ তেওঁৰ এই গৱেষণা আগবাঢ়িছে, অসমীয়া সাহিত্য আৰু বিশেষকৈ কবিতাৰ অনুসন্ধিৎসু পাঠকৰ বাবে ৰামধেনৰ কবিতা এক পৃথক সোৱাদ। তেওঁ বিশ্ববিদ্যালয়ৰ অধীনত প্ৰায় কুৰি বছৰ আগতেই ৰামধেনু যুগৰ পাঁচগৰাকী কবিৰ কবিতা বিষয়ক গৱেষণা কৰিছিল। আগকথাত গ্ৰন্থকাৰে লিখিছে-অসমীয়া কবিতালৈ নতুনত্ব অনাৰ ক্ষেত্ৰত ৰামধেনুৰ অৱদান বিশেষভাৱে স্মৰণ যোগ্য। বিশেষকৈ পৰম্পৰাগত শৈলীৰ পৰা আতৰি আহি ৰামধেনুয়ে নতুন কবিতাক আঁকোৱালি লৈছিল – এইটো কাৰণতে ৰামধেনুৰ প্ৰতি অসমীয়া সাহিত্যৰ ইতিহাস বেছ মনোযোগী। হোমেন বৰগোহাঞিয়ে ৰামধেনু চাৰিটা খণ্ডত সম্পাদনা কৰিছে। বৰগোহাঞিৰ পাতনিত ৰামধেনু কবিতাৰ বিশেষত্ব সম্পৰ্কে কিছু কথাৰ উল্লেখ আছে। যথা- ‘১৯৫৫ চনত যোৰহাটৰ সাহিত্যসেৱী চ’ৰা নামৰ এটা অনুষ্ঠানে কেৱল ‘ৰামধেনু’ৰ কবিতাৰ বিষয়ে আলোচনা কৰিবলৈ এখন ৰাজহুৱা সভা আয়োজন কৰিছিল। যোৰহাট থিয়েটাৰ হলত অনুষ্ঠিত এই সভাখনত সভাপতিত্ব কৰিছিল ভবানন্দ দত্তই আৰু বক্তা আছিল নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, অমলেন্দু গুহ আৰু হোমেন বৰগোহাঞি। সভাঘৰ মানুহেৰে উপচি পৰিছিল, তিনি ঘন্টা সময় স্তব্ধ হৈ থাকি সকলো মানুহে অখণ্ড মনোযোগেৰে সেই আলোচনা শুনিছিল। কেৱল কবিতাৰ আলোচনাই ইমানবোৰ মানুহৰ মনোযোগ এনেকৈ ধৰি ৰখাৰ দৃশ্য এতিয়া কোনোবাই কল্পনা কৰিব পাৰিবনে?’ ৰামধেনুৰ কবিতাৰ গৱেষক ড০ নাথৰ গ্ৰন্থখনে সেয়ে আমাক আগ্ৰহান্বিত কৰিছিল। এয়া অসমীয়া কবিতাৰ পৰ্বান্তৰৰ সাক্ষী হোৱাৰো এক গৱেষণা। কবিতাৰ ছাত্ৰ এজনে এই ঐতিহাসিক গুৰুত্বক উপেক্ষা কৰিব নোৱাৰাটোৱেই স্বাভাৱিক।
কিতাপখনত মুঠতে সাতটা অধ্যায়- অৱতৰনিকাৰ পৰা পাঁচগৰাকী কবিৰ কবিতাৰ আলোচনা আৰু ৰামধেনুৰ অন্যান্য কবিসকলৰ আলোচনালৈ। গ্ৰন্থখনত হেম বৰুৱা, নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, নলিনীধৰ ভট্টাচাৰ্য, হোমেন বৰগোহাঞিৰ কবিতাৰ বিশেষ বিচাৰ আৰু বিশ্লেষণ আছে। এই আলোচনা গৱেষণাধৰ্মী, প্ৰধানতঃ কবিতাৰ আংগিক সম্পৰ্কত গৱেষকৰ দৃষ্টি নিবদ্ধ আছে, এই আংগিকৰ কথাটো ৰামধেনুৰ কবিতাখিনিত কিয় গুৰুত্বপূৰ্ণ আৰু সামগ্ৰিক ভাৱে অসমীয়া কবিতাটো কিয় অদ্বিতীয় তাৰ এক ‘কনটেমপৰাৰী ইনচাইট’ গ্ৰন্থখনত লাভ কৰিব পাৰি। গ্ৰন্থখনৰ প্ৰতি আমাৰ আগ্ৰহো এইখিনিতে। গ্ৰন্থখন কেৱল কবিতাৰ ছাত্ৰৰ বাবে নহয়, আমাৰ দৰে সমাজ বিজ্ঞানৰ ছাত্ৰ বা সাহিত্য- সুকুমাৰ বোধৰ অনুৰাগী বিশুদ্ধ বিজ্ঞানৰ ছাত্ৰৰ বাবেও প্ৰয়োজন। কবিতাৰ উপলব্ধি আৰু সমকাল আৱিষ্কাৰো একধৰণৰ বৈজ্ঞানিক অনুসন্ধান।
ৰোমান্টিক কবিতাৰ পৰা অসমীয়া কবিতাই ‘নতুন কবিতা’ হোৱালৈ এই যাত্ৰা মফিজুদ্দিন আহমদ হাজৰিকাই কবৰ দৰে ‘মুনিচূনি বেলি’ৰ লেখিয়া, নতুন আৰম্ভণিৰ পূৰ্বৰ বেলি পৰাৰ সময়। দুৰ্গেশ্বৰ শৰ্মাৰ বয়স কম, তেওঁ কবিতালৈ অনা দাৰ্শনিক উপলব্ধি ‘নিবেদন’ত মন কৰিবলগীয়া – ‘মানুহক বৰকৈ দায় নধৰিবা/ দোষী আমি সকলো কথাত’। কল্পনাৰ এই সংশ্লেষণ আৰু মনন নিৰ্ভৰ এক গভীৰ বোধ বা দৰ্শন ক্ৰমে অসমীয়া কবিতালৈ আহিব ধৰিলে। সেইবাবে ৰচনাৱলী সম্পাদনা কৰি ‘নতুন কবিতা’ৰ এই একেজন মানুহ মহেন্দ্ৰ বৰাই শৰ্মা সম্পৰ্কত ক’লে – …সেইবোৰ কবিতাৰ সৰহভাগৰে বিষয়বস্তু হৈছে জীৱনৰ গধূলি লগনত কবিৰ মহাজীৱন বন্দনা। কোনো বিষাদৰ সুৰ নাই, কোনো অনাৱশ্যক অলংকৰণৰ আড়ম্বৰ নাই..। এই কথাটো কবিতাৰ এই পৰিৱৰ্তনকামী ৰামধেনুৰ পৰিৱেশত মন কৰিবলগীয়া। এই পৰিৱেশতে অৱশ্যে দেৱকান্ত বৰুৱাৰ আৱিৰ্ভাৱ আৰু গোটেই সাগৰখনকে লৈ তেওঁ অসমীয়া কবিতাৰ পাঠকক সুধিলে সেই পৰ্বান্তৰৰ প্ৰশ্নটো- সাগৰ দেখিছা? সেইখিনি সময় ১৯৪৫ চন। আমি স্বাধীন হোৱা নাই যদিও কবিতাত এক পৰম্পৰা বিৰোধী স্বাধীন সত্ত্বা আৰু প্ৰশ্নবোধক আহিল। এয়া যেন অৱধাৰিত। এইবোৰ কবিতা আবাহনৰ কবিতা কিন্তু ৰামধেনুলৈ এইবোৰেই যেন নতুন আৱাহনৰ (আমি দুৱাৰ মুকলি কৰো) পৰিৱেশ ৰচনা কৰি দিয়া একোটা কবিতাৰ খুটি আছিল। আধুনিক অসমীয়া কবিতাৰ প্ৰাৰম্ভিক সময়খিনি বিশেষকৈ কুৰি শতিকাৰ চতুৰ্থ দশকৰ পৰা ষষ্ঠ দশকটোলৈ এইখিনি কবিতা ভবেন বৰুৱাই কোৱাৰ দৰে অসমীয়া সাহিত্যৰ বিৱৰ্তনৰ পৰ্ব। ইতিমধ্যে ৰোমান্টিক যুগৰ অৱসান ঘটিল, ১৯৫৬ চনত মহেন্দ্ৰ বৰাই সংকলন কৰা ‘নতুন কবিতা’ৰ প্ৰকাশ হ’ল, কবিতাৰ পাঠ আৰু পাঠকচিত্তৰ বাবে এয়া এক নতুন সম্প্ৰৰীক্ষা বুলি বিবেচিত হ’ল। সমালোচক, অধ্যাপক ড০ প্ৰাঞ্জল শৰ্মা বশিষ্ঠই কৈছে- এই সংকলনটোৱে আধুনিক অসমীয়া কবিতাক আধুনিক বুলি নোকোৱাকৈ তাৰ আধুনিক তন আৰু মনৰ অস্তিত্ব প্ৰত্যয়জনকভাৱে প্ৰতিষ্ঠা কৰিছিল (কাগজৰ ফুল, পৃষ্ঠা- ৬১)। এফালে নতুন কবিতা, অন্য ফালে প্ৰগতিশীল কবিতা, ‘ৰাজপথ’ৰ দৰে কবিতাৰ বাবে সেইসময়ত জয়ন্তী মুকলি হৈছে। এফালে ভবানন্দ দত্তই এলিয়টীয় প্ৰতীকবাদৰ বিৰুদ্ধাচৰণ কৰিছে, জয়ন্তীও এই প্ৰতীকৰ বিপৰীত স্থিতিত, অন্যহাতে ৰামধেনুৰ জন্ম হৈছে এই এলিয়টীয় প্ৰতীকবাদ আৰু চিত্ৰকল্পক আদৰিবলৈ। হেম বৰুৱা, নৱকান্ত বৰুৱা, হোমেন বৰগোহাঞি আদিৰ কবিতা ভাবাদৰ্শ আৰু আংগিক দুবিধৰ পৰা নতুন হ’ব ধৰিলে – ৰামধেনুৰ কবিতা প্ৰসংগত ড০ নাথৰ পৰ্যবেক্ষণ এইখিনিতে মনকৰিবলগীয়া- “জয়ন্তীৰ সময়ৰ তেওঁৰ জীৱনৰ প্ৰথম কবিতাৰ ঠাঁচ সলনি কৰি নতুন ৰীতি, শৈলীক আহ্বান জনাই আধুনিক অসমীয়া কবিতাক সমৃদ্ধ কৰিলে।.. ৰামধেনু আলোচনীয়ে এই ৰূপান্তৰক সাদৰেৰে গ্ৰহণ কৰিলে আৰু কবিতাৰ গতি পৰিৱৰ্তনৰ শক্তিশালী প্ৰবাহ আৰম্ভ হ’ল।”হেম বৰুৱাই ঠিকেই কৈছিল – হেৰা শকুন্তলা/ পৃথিৱীত কবিতাৰ শেষ নাই। এই অপৰিমেয় ভাবনাক লৈ ৰামধেনুত আংগিকগত ভাৱে আৰু বিষয়বস্তুৰ দিশৰ পৰাও অসমীয়া কবিতাৰ নতুন যুগৰ সূচনা হৈছিল।
এই নতুন যুগত নৱকান্ত বৰুৱা আছিল এগৰাকী প্ৰধান কবি, মহেন্দ্ৰ বৰাৰ মতে ‘আটাইতকৈ তাৎপৰ্যপূৰ্ণ নাম’। ৰামধেনুৰ প্ৰথম সংখ্যাত তেওঁৰ কবিতা ‘মহাকাব্যৰ পাণ্ডুলিপি’ প্ৰকাশ পাইছিল। এলিয়টীয় কাব্য ভাবধাৰাক প্ৰয়োগ কৰি নৱকান্ত হৈ পৰিছিল অসমীয়া কবিতাৰ নতুন বিস্ময়। ১৯৫১ চনত নৱকান্ত বৰুৱাৰ ‘হে অৰণ্য হে মহানগৰ’ প্ৰকাশ হয়- এইটো এটা গুৰুত্বপূৰ্ণ ঘটনা, অসমীয়া কবিতাত ইয়াৰ প্ৰভাৱ সুদুৰপ্ৰসাৰী। এয়া ইমানেই প্ৰভাৱী হ’ল যে ভবানন্দ দত্তই অত্যধিক এলিয়ট আদৰ্শৰ অনুগামী হোৱাৰ বিৰোধিতা কৰি স্পষ্টকৈ ক’ব লগা হ’ল যে – ‘ইলিয়টৰ কবিতাত আন যিয়েই থাকক, মানৱ জীৱনৰ সংগ্ৰামী আৰু গতিশীল ধাৰাৰ ছবি নাই’। জনমুখী কবিতা আৰু প্ৰতীকবাদী কবিতাৰ মাজত এক সংঘাত দেখদেখকৈ সৃষ্টি হৈছিল – এয়া ৰামধেনু যুগৰ এক বিশেষ কৃতি, এক বিতৰ্ক হ’লেও ইয়াৰ আকৰ্ষণ আছে। ৰামধেনু অৱশ্যে থমকি নৰ’ল, ইয়াত প্ৰতীকবাদৰ প্ৰসাৰ ঘটিল, মহেন্দ্ৰ বৰাৰ ‘গধূলি’, ‘দেৱদাসী’ বা ‘শিলালিপি’, ‘সাপ’ৰ পৰা হোমেন বৰগোহাঞিৰ কবিতা ‘অৰণ্য’ ‘ৰাতি’, ‘সাপ’, ‘হৈমন্তী’লৈ, বীৰেশ্বৰ বৰুৱাৰ পৰা নীলমণি ফুকনলৈ। মহেন্দ্ৰ বৰাৰ ‘কেৰেণী শ্যেলীৰ চিঠি’ (১৯৫৩) ত থকা নতুন খেল পৰৱৰ্তী সময়ত নীলমণি ফুকনৰ স্বপ্ন বাসৱদত্তা(১৯৫৫)ত অধিক লৌকিকৰূপে প্ৰকাশ হৈছে। একেদৰে হোমেন বৰগোহাঞিৰ কবিতা ‘সাপ’ত থকা ‘দুঃসহ সুন্দৰ ৰাতি’ শৰীৰ বিলাসৰ প্ৰসংগও কব পাৰি। এইবোৰ নানা উদাহৰণেৰে অসমীয়া কবিতাৰ এইছোৱা সময় বিচাৰ কৰিলে দেখা যায় যে এয়া ভবাতকৈও বেছি গভীৰ আৰু ব্যাপক। গ্ৰন্থকাৰে ঠিকেই কৈছে যে নিত্য নতুন আৰু যুগসাপেক্ষ সাহিত্য সৃষ্টিৰ মাজেৰে ৰামধেনুৱে প্ৰচলিত সকলো বাট বন্ধ কৰি এক নতুন বাটৰ সৃষ্টি কৰিছিল। এইবাবেই ৰামধেনু অসমীয়া সাহিত্যত এক সমৃদ্ধিশালী যুগ। পৃথক এক সত্তাৰ বাবে ৰামধেনুৰ অসমীয়া কবিতাখিনিৰ চৰ্চা সেইবাবেই এক অৱশ্যেম্ভাৱী বিদ্যায়তনিক বিষয় যদিও কবিতাৰ পাঠক মাত্ৰেই এই কবিতাৰ পাঠত থকা অন্তৰ্দৃশ্য আৰু নিৰ্জনতাৰ ছন্দ অনুভৱ কৰি অধিক পৰিতৃপ্ত হ’ব।
কব পাৰি- নৱকান্ত বৰুৱাৰ কবিতাত যি আধুনিক জীৱনৰ (পৌৰ বাস্তৱ) নতুন নিৰ্মিতি আৰু অৱক্ষয় বা পলায়ন আছে সেয়া পাঠকৰ বাবে এক বিশেষ অভিজ্ঞতা, পাঠকচিত্ত তাৰ বাবে একেলগে সাজু নাছিল। কিন্তু প্ৰগতিশীল কবিতা (গণমুখিতাত থকা আবেগঘন প্ৰতিবাদ আৰু তাৰ সামাজিক প্ৰমূল্য) ৰ বিপৰীতে নৱকান্ত বৰুৱাৰ অৱস্থান অধিক মননবাদী, কাজেই এয়া পাঠকচিত্তক জোঁকাৰি যোৱা। অথচ এইবোৰো গুৰুত্বপূৰ্ণ, যিদৰে অগ্ৰজ অজিৎ বৰুৱাৰ চিন্তনত কবিতাৰ ৰেহৰূপ সলনি হৈছিল, হৈছিল সলনি পাঠকৰো ৰুচি। দূৰ্বোধ্যতাক পাঠকচিত্তত নিগাজীকৈ বহুৱাব পৰাটো অজিৎ বৰুৱাৰ দান, ভবেন বৰুৱাই এই কথাটো স্বীকাৰ কৰিছে। বোধৰ উদয় আৰু বৌদ্ধিক ভাবনাৰ তন্ময় পাঠকচিত্তৰ এক বিশেষ বৈশিষ্ট্য যি ৰামধেনুৰ কবিতাত দেখা পোৱা গৈছিল। মননে কবিতাটো গদ্যময় কৰে, পাঠকৰ চেতনাত, কায়িক কবিতাটোত কবিতাৰেই দেহৰূপ, কিন্তু এলিয়টৰ দৰে কবিতাত থকা আবেগ আৰু বোধৰ সমদৰ্শী কাৰুকাৰ্য্য নৱকান্ত বৰুৱা অথবা হোমেন বৰগোহাঞি বা পৰৱৰ্তী সময়ত নীলমণি ফুকনলৈ বৈ গৈছিল বিক্ষিপ্ত ভাবৰ মাজতো এক সমন্বয় হৈ। সমন্বয়ৰ অৰ্থ এক কালেক্টিভ ব্যক্তি চেতনা, তাকো ব্যাপকতৰ ভাবত। এইটো এগৰাকী সচেতন অসমীয়া কবিতাৰ পাঠক মাত্ৰেই উপলব্ধি কৰে, এই ঐতিহাসিক পৰিক্ৰমাটোৰ সাক্ষী হৈ একধৰণৰ আকুলতা বা আত্মমগ্নতাতো ডুবে। এয়া ৰামধেনু যুগৰেই এক নিৰ্মাণ, কবিতাৰ পাঠত, চিত্ৰকল্পৰে যেন এক ৰহস্য যাত্ৰা, একেদৰে পাঠকচিত্ততো এই যাত্ৰা অন্তহীন, কিন্তু স্বাভাৱিকতে এয়া কোলাহলহীন। কবিতাৰ আত্মা উপলব্ধি কৰাটোৱেই এই ৰচনাৰ প্ৰাৰম্ভতে কোৱা পাঠকচিত্তৰ মূল অভ্যাস। বিদ্যায়তনিক পৰিসৰৰ মাজত সজ্জিত হ’লেও অভ্যন্তৰত ড০ প্ৰসন্ন কুমাৰ নাথৰ গ্ৰন্থখনেও এই অভ্যাস আৰু আত্মমগ্নতাকে পাঠৰ মাজলৈ লৈ আহিছে আৰু এইটো কাৰণতে পাঠকে কবিতাৰ বিচাৰৰ মাজেৰে নিজৰ মননৰো বিচাৰ কৰাৰ সুযোগ পাইছে। পাঠৰ ভাবাৰ্থত এই সুযোগ আছে বাবে গ্ৰন্থখনৰ পঠনযোগ্যতা অধিক ৰূপত প্ৰতীয়মান হৈছে।