নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ নতুন সুৰ প্ৰকাশন পৰিষদৰ ২০২৬ বৰ্ষৰ বঁটা ঘোষণা

প্ৰসিদ্ধ ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিলৈ ‘সাহিত্যজ্যোতি’ আৰু আশ্ৰৱিকা বৰালৈ ‘কথা-বৈভৱ’ বঁটা

সাহিত্য চৰ্চাৰ জৰিয়তে সুস্থ পৰিৱেশ সৃষ্টি, সমাজ-জীৱনলৈ সৃজনশীলতাৰ জাগৰণ অনা আৰু সুস্থ জীৱনবোধ প্ৰতিষ্ঠাৰ বাবে দীৰ্ঘ সময়জুৰি কাম কৰি অহা উত্তৰ লখিমপুৰৰ গ্ৰন্থ-আলোচনী প্ৰকাশৰ অগ্ৰণী অনুষ্ঠান ‘নতুন সুৰ প্ৰকাশন পৰিষদ’-এ বিগত ২০০৬ চনৰ পৰা অসমীয়া সাহিত্য-সংস্কৃতি-সংবাদক্ষেত্ৰলৈ ইতিবাচক অৱদান আগবঢ়োৱা ব্যক্তিবিশেষক ‘সাহিত্যজ্যোতি’ আৰু ‘কথা-বৈভৱ’ বঁটা প্ৰদানেৰে সন্মানিত কৰি আহিছে৷

২০২৬ বৰ্ষৰ ‘সাহিত্যজ্যোতি’ বঁটাৰ বাবে ‘নতুন সুৰ প্ৰকাশন পৰিষদ’-এ বাস্তৱিক জীৱন-প্ৰবাহৰ লগতে ঐতিহাসিক চৰিত্ৰ আৰু ঐতিহ্য-সংস্কৃতিক সাহিত্যত তুলি ধৰা তথা ‘নাংফা’, ‘ভোক’, ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী’, ‘আপোনজনৰ ঠিকনা’ ‘সিহঁত’, ‘আংকুশ’, ‘কেম’ফ্লেজ’, ‘জলজ’ ইত্যাদি উপন্যাসৰ জৰিয়তে সুপ্ৰসিদ্ধি লাভ কৰা ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিক নিৰ্বাচন কৰিছে৷ তেওঁ সমাজ, প্ৰান্তীয় জনতাৰ প্ৰতি সততে সৰৱ আৰু দায়িত্বশীলভাৱে কাম কৰি থকাৰ বাবেও সুখ্যাতি অৰ্জন কৰিছে৷

আনহাতে বহু চৰ্চিত উপন্যাস ‘নয়নতৰাৰ পৃথিৱী’ৰ স্ৰষ্টা, ‘হৰদেং’ (উপন্যাস), Piyoli Phukan the son of soil শীৰ্ষক গবেষণা ধৰ্মী গ্ৰন্থৰ লেখিকা, কবি-আবৃত্তিকাৰ আশ্ৰৱিকা বৰালৈ আগবঢ়োৱা হৈছে ‘কথা-বৈভৱ’ বঁটা৷ বিষয়বস্তুৰ বলিষ্ঠ আৰু সুস্পষ্ট উপস্থাপনৰ বাবেই ৰূপহী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত আশ্ৰৱিকা বৰালৈ ‘কথা-বৈভৱ’ বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

এই দুইগৰাকী বিশিষ্ট সাহিত্যিকক আগন্তুক ২০২৬ বৰ্ষৰ এপ্ৰিল মাহত উত্তৰ লখিমপুৰত হ’ব লগা এক বিশেষ অনুষ্ঠানত বঁটা প্ৰদান কৰা হ’ব বুলি ‘নতুন সুৰ প্ৰকাশন পৰিষদ’ৰ সঞ্চালক জিতেন বৰুৱা আৰু উপদেষ্টাদ্বয় সঞ্জীৱ উপাধ্যায় আৰু অনিল শইকীয়াই সংবাদ মহলক অৱগত কৰিছে৷

বিশেষ বাৰ্তা, লখিমপুৰ, ৩১ ডিচেম্বৰ

You might also like